Republic Day 2023 in Assam: কামৰূপত গণৰাজ্যৰ দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ

By

Published : Jan 26, 2023, 2:53 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ । কিয়নো এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল ৷ ভাৰতৰ সংবিধানখন Constituent Assembly of India ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল । ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলতেই ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ ৰূপে পৰিগণিত হয় ৷  

১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে আজিৰ দিনটো বাছনি কৰা হৈছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত দেশে ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছত অৰ্থাৎ ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয় । সংবিধান কাৰ্যকৰী হোৱাৰ পিছৰে পৰাই সমগ্ৰ দেশজুৰি ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে দেশবাসীয়ে (74th Republic Day celebrates in India) ৷ আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)।

দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ আটাইকেইখন জিলাতে আজি পালন কৰা হৈছে গণৰাজ্য দিৱস ৷ বিদ্যালয়-মহাবিদ্যালয়কে আদি কৰি সকলো শিক্ষানুষ্ঠানতেই আজি উদযাপন কৰিছে গণৰাজ্য দিৱসটি ৷ ইয়াৰ ব্যতিক্ৰম নহয় কামৰূপ জিলা ৷ কামৰূপ জিলাতো পালন কৰা হৈছে 74 সংখ্যক গণৰাজ্য দিৱস । কামৰূপ জিলাৰ সদৰ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন ক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰে গণৰাজ্য দিৱস উদযাপন কৰা হয় (74th Republic Day celebrates in Kamrup)।

পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি সামৰিক, অৰ্ধসামৰিক বাহিনী, স্কাউট এণ্ড গাইডকে ধৰি ছাত্ৰ-ছাত্ৰীসকলৰ অভিবাদন গ্ৰহণ কৰে । ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে ৰাইজক উদ্দেশ্যি ভাষণত দিয়ে ৷ ভাষণত বিজেপি চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে অনাগত দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত ৰাজ্যখন অধিক আগুৱাই যাব বুলি উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰীগৰাকীয়ে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰে  ।

লগতে পঢ়ক: Republic Day 2023 : গণৰাজ্য দিৱসত কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ?

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.