ETV Bharat / state

Republic Day 2023 : গণৰাজ্য দিৱসত কি কি নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Jan 26, 2023, 2:06 PM IST

Republic Day 2023
গণৰাজ্য দিৱসত মুখ্যমন্ত্ৰীৰ নতুন ঘোষণা

গণৰাজ্য দিৱসত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দীঘলীয়া ভাষণত ৰাজ্যৰ উন্নয়ণৰ জয়গান (Assam CM new announcement on Republic Day)। বিভিন্ন দিশ সামৰি মুখ্যমন্ত্রীয়ে কৰিলে কেইবাটাও ঘোষণা । বিধবা পেঞ্চন ৩০০ টকাৰ পৰা ১২০০ টকালৈ বৃদ্ধি । বৃদ্ধি পাব দিব্যাংগসকলৰ পেঞ্চন । কামাখ্যাৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা ঘোষণা । অতিশীঘ্ৰে এক লাখ চাকৰিৰ সপোন পূৰণ হ'ব । শ্ৰদ্ধাঞ্জলি কাননৰ স্মৃতি সৌধত স্মৃতি তৰ্পণ মুখ্যমন্ত্ৰীৰ ।

গুৱাহাটী,২৬ জানুৱাৰী : সমগ্ৰ দেশৰ লগতে অসমতো আজি উলহ-মালহেৰে ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় (74th Republic Day)। গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন কৰা হয় ।

উল্লেখ্য যে এইবাৰ ৰাজ্যপালৰ পৰিৱৰ্তে অসমৰ মুখ্যমন্ত্রীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে (Assam CM hoists flag at Guwahati)। অসম আৰু নাগালেণ্ডৰ দায়িত্বত থকা ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এইবাৰ নাগালেণ্ড চৰকাৰে আয়োজন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে । নাগালেণ্ডৰ কহিমাত ৰাজ্যপাল মুখীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে । যাৰ বাবে খানাপাৰাত আয়োজন কৰা এইবাৰৰ গণৰাজ্য দিৱসত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ।

Republic Day 2023
গণৰাজ্য দিৱসত নতুন ঘোষণা কৰিলে মুখ্যমন্ত্ৰীয়ে

গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মুখ্যমন্ত্রী ড৹ শৰ্মাই ৰাজ্যবাসীক উদ্দেশ্যি ভাষণ আগবঢ়ায় । মুখ্যমন্ত্রীয়ে তেওঁৰ দীঘলীয়া ভাষণত ৰাজ্যখনৰ প্ৰগতিৰ বাবে চৰকাৰখনে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ লগতে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে (Assam CM new announcement on Republic Day)। কবি প্রসন্নলাল চৌধুৰীৰ কবিতাৰে নিজৰ ভাষণ আৰম্ভ কৰা মুখ্যমন্ত্রীয়ে ৰাজ্যবাসীক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনাই বীৰ শ্বহীদলৈ শ্রদ্ধা জ্ঞাপন কৰে ।

তেওঁ কয় যে ভাৰতীয় সংবিধানৰ পৰিভাষা আইনৰ মাজতে সীমাবদ্ধ নহয় । আমাৰ সংবিধানৰ সমাজবাদ হৈছে কল্যাণকামী সমাজবাদ । পশ্চিমীয়া মাৰ্ক্সবাদৰ লগত আমাৰ সমাজবাদৰ কোনো সম্পৰ্ক নাই । তেওঁ কয় যে ধৰ্মনিৰপেক্ষতাৰ অৰ্থ আমাৰ বাবে কোনো বিশেষ ধৰ্মৰ তুষ্টিকৰণ নহয় । আমাৰ দেশে ইহুদী, ইছলাম আদি সকলোকে ভাৰতীয় হিচাপে আদৰি লৈছে । ভাৰত এক ৰাষ্ট্র নহয়, ভাৰত এক সভ্যতা । সেই সভ্যতাই আধুনিক ভাৰতৰ ভেটি নিৰ্মাণ কৰিছে । আহি থকা এটা দশক ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনে ভাৰতক আজি বহুদূৰ আগুৱাই নিছে ।

Republic Day 2023
অসমৰ মুখ্যমন্ত্রীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে

সমগ্র ভাৰতৰ অৰ্থনীতি আজি এক ডিজিটেল মাধ্যমেৰে আগবাঢ়িছে । ভাৰতৰ অৰ্থনীতিয়ে বিশ্বৰ পঞ্চমটো অৰ্থনীতি হিচাপে আত্মপ্রকাশ কৰিছে । ভাৰতৰ লগতে অসমতো অনুষ্ঠিত হ'বলগীয়া জি-২০ সন্মিলন সন্দৰ্ভত তেওঁ কয় জি-২০ অধ্যক্ষতাই ভাৰতক গৌৰৱান্বিত কৰিছে । ভাষণ প্ৰসংগত তেওঁ ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়েও উল্লেখ কৰে । ৰাজ্যবাসীক উদ্দেশ্যি দিয়া ভাষণত তেওঁ কাশী, বৃন্দাবনৰ দৰে অসমৰ কামাখ্যাৰ উন্নয়নৰ বাবে ৩০০ কোটি টকা ঘোষণা কৰে (Assam CM announced for development of Kamakhya)।

আনহাতে তেওঁ ছিপাঝাৰৰ ঢলপুৰৰ সমান্তৰালকৈ কাজিৰঙাৰ বুঢ়াচাপৰিত উচ্ছেদ কৰা হ'ব বুলিও সদৰি কৰে । সেইদৰে মিছন বসুন্ধৰাই অসমৰ মানুহক ভূমিৰ অধিকাৰ প্ৰদানত বিশেষ সহায় কৰিব বুলি ভাষণত উল্লেখ কৰি তেওঁ কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই অসমীয়া মানুহক সুৰক্ষিত কৰিব (Mission Basundhara of Assam)। তেওঁ লখিমপুৰত নিৰ্মাণ হোৱা মাধৱদেৱ কলাক্ষেত্রই এই বছৰতে পূৰ্ণতা পাব বুলিও উল্লেখ কৰে ।

Republic Day 2023
গণৰাজ্য দিৱসৰ কাৰ্যসূচী বহু বিশিষ্ট ব্যক্তি উপস্থিত

জোঙাল বলহু গড়ক পৰ্যটন ক্ষেত্রলৈ ৰূপান্তৰ কৰাৰ কথা ঘোষণা কৰি তেওঁ কয় যে ব'হাগ বিহুত ডাঙৰ সামাজিক অনুষ্ঠান আয়োজন কৰা হ'ব । ১০-১৫ হাজাৰ ঢুলীয়াই ঢোল বজাই বিশ্ব ৰেক'ৰ্ড কৰাৰ চেষ্টা কৰিব । ইয়াৰোপৰি অনুষ্ঠিত কৰিব ক্রীড়া সমাৰোহ । ৰাজ্যৰ দৰিদ্ৰতা নিৰ্মূলৰ বাবে ২০২৩ চনত বিশেষ আঁচনি গ্ৰহণৰ কথাও উল্লেখ কৰে মুখ্যমন্ত্রীয়ে । আনহাতে এই বছৰৰ এপ্ৰিলৰ পৰা বিধবা মহিলাৰ পেঞ্চন ৩০০ টকাৰ পৰিৱৰ্তে ১২০০ টকা দিয়াৰ লক্ষ্যৰ কথাও তেওঁ উল্লেখ কৰে ।

একেদৰে দিব্যাংগসকলৰ পেঞ্চন ১,২৫০ টকালৈ বৃদ্ধি হ'ব বুলি তেওঁ ঘোষণা কৰে । ইফালে এক লাখ নিযুক্তিৰ প্ৰসংগত তেওঁ কয় যে এক লাখ চাকৰিৰ সপোন আৰু কেইটামান মাহৰ ভিতৰত সম্পন্ন কৰিব চৰকাৰে । গণৰাজ্য দিৱসৰ ভাষণত তেওঁ লগতে কয় যে আগন্তুক বাজেটত চৰকাৰে যুৱক-যুৱতীক স্বাৱলম্বী কৰাৰ বাবে ৩ হাজাৰ কোটি টকা ধাৰ্য কৰিব । আনহাতে ২০২৩ ত যুৱ ক্ৰীড়া মহোৎসৱ অনুষ্ঠিত কৰাৰ বিষয়েও তেওঁ ভাষণত উল্লেখ কৰে ।

Republic Day 2023
কেইবাটাও দলে পেৰেডত অংশগ্ৰহণ কৰে

তেওঁ লগতে কয় যে ২৮ জানুৱাৰীত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজি শ্বহীদ হোৱা আৰক্ষীৰ পৰিয়ালৰ লোকক চাকৰি প্ৰদান কৰিব চৰকাৰে । আনহাতে চৰক‍াৰে ৫০০ খন হাইস্কুলৰ অত্যাধুনিক আন্তঃগাঁথনি নিৰ্মাণৰ লক্ষ্য লৈছে । ৪০ লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড প্ৰদান কৰাৰ লগতে অৰুণোদয় আঁচনিত আৰু ৮ লাখ মহিলাক অন্তৰ্ভুক্তি কৰা হ'ব বুলি তেওঁ কয় (Arunodoi scheme Assam)।

ৰাজ্যৰ অৰ্থনীতি পূৰ্বতকৈ অধিক শক্তিশালী হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে চাৰি বছৰ পূৰ্বে ৭,৯৪৬ কোটি টকা মূলধনী ব্যয় আছিল । বিপৰীতে এই ব্যয় এতিয়া চাৰিগুণ বৃদ্ধি পাইছে । অহা ২৫ টা বছৰ দেশৰ লগতে অসমেও শান্তি, প্ৰগতি, দিশত আগবাঢ়িব লাগিব বুলি তেওঁ কয় ।

Republic Day 2023
খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত গণৰাজ্য দিৱসৰ আয়োজন

আলফাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ কয় যে আলফাৰ সৈতে আলোচনা সম্পন্ন হ'লে অসম শান্তিৰ দ্বীপত পৰিণত হ'ব । তেওঁ লগতে কয় যে কাৰোবাৰ দেশপ্ৰেমক তেওঁ কষ্ট নিদিয়ে । কিন্তু ২৮ বছৰ আগৰ অসম এতিয়া নাই । সময় পৰিৱৰ্তন হৈছে । আলফাৰ সেনাধিনায়কৰ পৰা শেষৰ জনলৈকে সকলোৱে এই কথা অনুধাৱন কৰক ।

ভাষণত তেওঁ আহ্বান জনাই কয় যে অসমৰ সামৰ্থ্যবান লোকে একো একোটা অংগণৱাড়ী কেন্দ্ৰৰ দায়িত্ব লওক । কেন্দ্ৰটোৰ পৰিচালনা, ব্যয় বহন কৰক সমৰ্থবান লোকে । তেওঁ লগতে ৰাজ্যৰ অৱসৰপ্ৰাপ্ত শিক্ষকসকলক সপ্তাহৰ আটাইকেইটা দিনত নহ'লেও ওচৰৰ এখন বিদ্যালয়ত সপ্তাহৰ অন্তত দুদিন পাঠদান কৰিবলৈ আহ্বান জনায় । আনহাতে বাল্য বিবাহৰ প্ৰসংগত তেওঁ কয় যে অহা তিনি বছৰৰ ভিতৰত বাল্য বিবাহ বন্ধ হ'ব লাগিব । বাল্য বিবাহ আৰু বাল্য বিবাহ কৰি সন্তান জন্ম দিবলৈ বাধ্য কৰিলে বিপদ হ'ব । ইয়াৰ বাবে কঠোৰ শাস্তিৰ সন্মুখীন হ'ব লাগিব । এয়া এক সামাজিক যুদ্ধ বুলি তেওঁ কয় ।

Republic Day 2023
গণৰাজ্য দিৱসত বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান

তেওঁ লগতে কয় যে ৯ আৰু ১০ ফেব্রুৱাৰীত চৰকাৰী কৰ্মচাৰীক ছুটী মঞ্জুৰ কৰা হৈছে । সেই দুটা দিন পিতৃ-মাতৃৰ বন্দনা দিন হিচাপে ছুটী দিয়া হৈছে । তেওঁ গুণোৎসৱৰ আৰ্হিত এইবাৰ স্বাস্থ্য সেৱা উৎসৱ হ'ব বুলিও কয় । গুণগত চিকিৎসা সেৱা দিয়াৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে । দীঘলীয়া ভাষণত তেওঁ বিভিন্ন বিষয়ত আলোকপাত কৰি চৰকাৰী বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে ।

গণৰাজ্য দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্রীয়ে আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে । অনুষ্ঠানত আৰক্ষী, এন চি চি আদিৰ কুছ-কাৱাজ প্ৰদৰ্শন কৰা হয় । লগতে অসমৰ বাৰেবৰণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰা হয় । ইফালে পুৱাৰ ভাগত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ স্বাধীনতা সংগ্ৰামী, বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে ।

Republic Day 2023
বীৰ জোৱানলৈ শ্ৰদ্ধাঞ্জলি মুখ্যমন্ত্ৰীৰ

শ্ৰদ্ধাঞ্জলি কাননত থকা স্মৃতি সৌধত স্মৃতি তৰ্পণ কৰে মুখ্যমন্ত্ৰীয়ে । তেওঁ স্মৃতি সৌধত ফুলেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীক এই অনুষ্ঠানত সহযোগিতা আগবঢ়াই তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু কেইবাজনো সতীৰ্থই । ইয়াৰ পিছতে মুখ্যমন্ত্ৰী ড০ শৰ্মা খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক :Republic Day 2023: ব্যতিক্ৰমী ৰূপত দাৰুল উলুম মাদ্ৰাছাত উদযাপন গণৰাজ্য দিৱস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.