ETV Bharat / state

Republic Day 2023: ব্যতিক্ৰমী ৰূপত দাৰুল উলুম মাদ্ৰাছাত উদযাপন গণৰাজ্য দিৱস

author img

By

Published : Jan 26, 2023, 1:06 PM IST

Republic Day celebrates at Darul Uloom Madrassa in Barpeta
দাৰুল উলুম মাদ্ৰাছাত উদযাপন গণৰাজ্য দিৱস

কলগাছিয়াৰ মাদ্ৰাছাত জাকজমকতাৰে পালন গণৰাজ্য দিৱস । ব্যতিক্ৰমী কাৰ্যসূচীৰে মাদ্ৰাছাৰ ছাত্ৰসকলে পালন কৰে গণৰাজ্য দিৱস। জেহাদীৰ নামত মাদ্ৰাছাসমূহক অপমান কৰা বন্ধ কৰিবলৈ আহ্বান জনোৱাৰ উপৰি বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনা ।

দাৰুল উলুম মাদ্ৰাছাত উদযাপন গণৰাজ্য দিৱস

কলগাছিয়া, 26 জানুৱাৰী: গণৰাজ্য দিৱস (Republic Day) ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ । কিয়নো এই দিনটোতে Government of India Act (১৯৩৫) ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল ৷ ভাৰতৰ সংবিধানখন Constituent Assembly of India ই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল । ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলতেই ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ ৰূপে পৰিগণিত হয় ৷

১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে আজিৰ দিনটো বাছনি কৰা হৈছিল । ১৯৪৭ চনৰ ১৫ আগষ্টত দেশ ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰাৰ তিনি বছৰ পিছত অৰ্থাৎ ১৯৫০ চনত ভাৰতৰ সংবিধান কাৰ্যকৰী কৰা হয় । সংবিধান কাৰ্যকৰী হোৱাৰ পিছৰে পৰাই সমগ্ৰ দেশজুৰী ২৬ জানুৱাৰীৰ দিনটো গণৰাজ্য দিৱস হিচাপে পালন কৰি আহিছে দেশবাসীয়ে ৷ আজি দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)।

অসমৰ আটাইকেইখন জিলাতে আজি পালন কৰা হৈছে গণৰাজ্য দিৱস ৷ বিদ্যালয়-মহাবিদ্যালয়কে আদি কৰি সকলো শিক্ষানুষ্ঠানতেই আজি উদযাপন কৰিছে গণৰাজ্য দিৱসটি ৷ কিন্তু এইক্ষেত্ৰত কিছু ব্যতিক্ৰম দৃশ্য পৰিলক্ষিত হৈছে বৰপেটা জিলাৰ কলগাছিয়াত (Republic Day celebrates in Kalgachia) ৷ কলগাছিয়াৰ বলাইপাথাৰ দাৰুল উলুম মাদ্ৰাছাত বিদ্যালয়-মহাবিদ্যালয়তকৈ কিছু পৃথক ৰূপে পালন কৰিছে গণৰাজ্য দিৱসটি (Republic Day celebrates at Darul Uloom Madrassa) ৷

বলাইপাথাৰ দাৰুল উলুম মাদ্ৰাছাত পুৱাৰে পৰা দোৱা প্ৰাৰ্থনাৰে এক ব্যতিক্ৰমী ৰূপত পালন কৰা হয় গণৰাজ্য দিৱস । পুৱা ৭ বজাত জাতীয় পতাকা উত্তোলন কৰাৰ লগতে মাদ্ৰাছাৰ ছাত্ৰসকলৰ মাজত গণৰাজ্য দিৱসৰ তাৎপৰ্য সম্পৰ্কে এক সজাগতা সভাও অনুষ্ঠিত হোৱা পৰিলক্ষিত হয় ।

লগতে মাদ্ৰাছাৰ শিক্ষকগৰাকীয়ে সাংবাদিকৰ আগত কয়, "মাদ্ৰাছাত জেহাদীৰ শিক্ষা দিয়া হয় বুলি একাংশ লোকে অপপ্ৰচাৰ চলাই থাকে ৷ কিন্তু এই অপপ্ৰচাৰ সম্পূৰ্ণ ভূল ৷ কলগাছিয়াৰ মাদ্ৰাছাত মানৱতাৰ শিক্ষা দিয়া হয়, ধৰ্ম আৰু দেশপ্ৰেমৰ শিক্ষা দিয়া হয়, ভাতৃত্ববোধ আৰু সমন্বয়ৰ শিক্ষা দিয়া হয় । গতিকে মাদ্ৰাছাত কোনো জেহাদী নাই । জেহাদীৰ নামত মাদ্ৰাছাসমূহক অপমান কৰা বন্ধ কৰক ৷" লগতে বিশ্ব শান্তিৰ বাবে দোৱা প্ৰাৰ্থনাও কৰে শিক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: Republic Day 2023: মাজুলী জিলা উপায়ুক্ত পুলক মহন্তই কাছাৰী মৈদানত উত্তোলন কৰে পতাকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.