তিনিচুকীয়াত ড্ৰাগছসহ আটক 7 সৰবৰাহকাৰী

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 9:23 PM IST

thumbnail

তিনিচুকীয়া, 14 ডিচেম্বৰ : তিনিচুকীয়াত অব্যাহত আছে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ বৃহস্পতিবাৰে তিনিচুকীয়াৰ পৰ্বতীয়াত আৰক্ষীয়ে বিশেষ খবৰৰ ভিত্তিত অভিযান চলায় 16.15 গ্ৰাম ড্ৰাগছ জব্দ কৰাৰ লগতে আটক কৰে 7 টাকৈ সৰবৰাহকাৰী ৷ ইয়াৰে ভিতৰত এগৰাকী মহিলা সৰবৰাহকাৰীও আছে ৷

এই অভিযানত আৰক্ষীয়ে AS 23 AD 4509 নম্বৰৰ এখন X-Plus মটৰচাইকেল আৰু AS 23 T 9969 নম্বৰৰ ৰঙা মহিন্দ্ৰা KUV বাহনৰ লগতে কিছু আপত্তিজনক সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে আটকাধীন সৰবৰাহকাৰী কেইটাক সদৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে অব্যাহত ৰাখিছে মাৰাথন জেৰা ৷ 

উল্লেখ্য যে, ৰাজ্যজুৰি আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও, এতিয়াও ঠায়ে ঠায়ে সৰবৰাহকাৰীয়ে অব্যাহত ৰাখিছে ড্ৰাগছৰ সৰবৰাহ ৷ 

লগতে পঢ়ক : মধ্যাহ্ন ভোজনৰ চাউল পুখুৰীত পেলোৱাক লৈ চাঞ্চল্য

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.