Moirabari Police: কুখ্যাত অপৰাধী কামিজ উদ্দিন অৱশেষত মৈৰাবাৰী আৰক্ষীৰ জালত

By

Published : Aug 17, 2023, 5:40 PM IST

Updated : Aug 17, 2023, 6:41 PM IST

thumbnail

মৰিগাঁও, 17 আগষ্ট : অৱশেষত মৰিগাঁও আৰক্ষীৰ জালত বন্দী কুখ্যাত অপৰাধী কামিজ উদ্দিন ওৰফে গাজী । একাধিক হত্যাকাণ্ড আৰু বহুকেইটা চুৰি ডকাইতি কাণ্ডত জড়িত আছিল গাজী । মৰিগাঁৱৰ মৈৰাবাৰীত বিগত কিছুদিন ধৰি ধাৰাবাহিক ভাৱে চুৰিকাণ্ড সংঘটিত কৰি ৰাইজ আৰু ব্যৱসায়ীসকলৰ মাজত আতংকৰ সৃষ্টি কৰি অহা কাজিম উদ্দীন ওৰফে গাজীক অৱশেষত মৈৰাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । গাজীৰ নেতৃত্বতে অঞ্চলটোত ড্ৰাগছ ব্যৱসায়, ই-ৰিক্সা, ই ৰিক্সাৰ বেটাৰী আৰু মানুহৰ ঘৰৰ নানান সা-সামগ্ৰী আদি বিভিন্ন সময়ত চুৰি হৈ আছিল । চুৰিকাণ্ডত জড়িত আন কেইবাজনো চোৰক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছিল যদিও মাষ্টৰ মাইণ্ড গাজী পলাতক হৈ আছিল ।

অৱশেষত কুখ্যাত গাজী পৰিল আৰক্ষীৰ জালত ৷ আৰক্ষীৰ সন্মুখতে জেলৰ পৰা ওলাই আহি অন কেমেৰা হাতত বন্দুক তুলি লোৱাৰ ভাবুকি প্ৰদান কৰে গাজীয়ে । গাজীৰ নামত মৈৰাবাৰী আৰক্ষী থানাত চুৰি, ডকাইতি, হত্যা, ড্ৰাগছ ব্যৱসায় আদিৰ ছটা অপৰাধৰ গোচৰ ৰুজু হৈ আছে । আনহাতে ২০১৮ চনত শিৱসাগৰৰ এগৰাকী গাড়ী চালকক হত্যাৰ অভিযোগত জেল হাজোতলৈ প্ৰেৰম কৰা হৈছিল গাজীক ।

লগতে পঢ়ক : Assam police BMI test : বি এম আই পৰীক্ষাত অৱতীৰ্ণ মৰিগাঁও আৰক্ষী

Last Updated : Aug 17, 2023, 6:41 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.