Road accident: মটৰ চাইকেল আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষ, দুজন নিহত

By

Published : Jul 20, 2023, 8:39 PM IST

thumbnail

ৰঙাপৰা, 20 জুলাই : অসম-অৰুণাচল সীমান্তৱৰ্তী চাৰিদুৱাৰৰ বাৰ মাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় ৷ এই শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে মৃত্যুক সাৱটি লয় কিশোৰসহ এজন যুৱকে ৷ অসম আৰু অৰুণাচল প্ৰদেশ সংযোগী পথছোৱাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো ৷  

মটৰ চাইকেল আৰু টাটা মেজিকৰ মুখামুখি সংঘৰ্ষত মটৰ চাইকেল আৰোহী অজয় ৰাভা আৰু হৰিশ হৰপাল নামৰ কিশোৰজনৰ মৃত্যু হয় বুলি জানিব পৰা গৈছে ৷ পথছোৱাত AS 12 AE 5492 মটৰ চাইকেল আৰু AS 12 BC 4232 নম্বৰৰ মেজিক গাড়ীখনৰ মাজত সংঘৰ্ষ হয় ৷  

এই ঘটনাৰ খবৰ পোৱাৰ পিচতে ঘটনাস্থলীত চাৰিদুৱাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে ইতিমধ্যে মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত বুজ লয় ৷  

লগতে পঢ়ক: Drug Peddler detained : হেৰ’ইন, আফিংসহ এজনক আটক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.