Drug Peddler detained : হেৰ’ইন, আফিংসহ এজনক আটক

By

Published : Jul 20, 2023, 6:30 PM IST

thumbnail

তিনিচুকীয়া, ২০ জুলাই: ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ তিনিচুকীয়া আৰক্ষীয়ে প্ৰতি দিনে জিলাখনত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ বৃহস্পতিবাৰে তিনিচুকীয়া আৰক্ষীৰ এটা দলে তিনিচুকীয়াৰ তামুলবাৰী অঞ্চলৰ পৰা হেৰ’ইন আৰু আফিংসহ এজন ব্যক্তিক আটক কৰে ৷  

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত, তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বুঢ়াগোহাঁইৰ নেতৃত্বত আৰু চহৰ পৰিদৰ্শক ৰিয়াজ আলীৰ উপস্থিতিত গৌৰীপুৰ ৰ’ডৱেজৰ পৰা হেৰ’ইন আৰু আফিংসহ ব্যক্তিজনক আটক কৰিবলৈ সক্ষম হয় ৷ 

আটকাধীন ব্যক্তিজন জাৰ্মানজীত সিং বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে ব্যক্তিজনৰ পৰা ১৬.৪৭ গ্ৰাম সন্দেহযুক্ত হেৰ'ইন আৰু ৪.৭৫ গ্ৰাম আফিং জব্দ কৰে ৷ পৰৱৰ্তী সময়ত আৰক্ষীয়ে অভিযুক্তটোক সদৰ আৰক্ষী থানালৈ লৈ যোৱাৰ লগতে অধিক তথ্যৰ বাবে মাৰাথন জেৰা অব্যাহত ৰাখে ৷

লগতে পঢ়ক: Anti drugs mission in Dibrugarh: আৰক্ষীৰ জালত পৰিল কুখ্যাত ড্ৰাগছ মাফিয়া মনিৰুউদ্দিন আহমেদ ওৰফে কাঞ্চা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.