Road accident in Bongaigaon: পথ দুৰ্ঘটনাত জীৱন্তে অগ্নিদগ্ধ এজন

By

Published : Feb 17, 2022, 9:55 PM IST

Updated : Feb 3, 2023, 8:17 PM IST

thumbnail

বঙাইগাঁও উত্তৰ শালমাৰা সংযোগী মূল পথত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Bongaigaon) ৷ বুধবাৰে মাজ নিশা প্ৰায় ১ বজাত সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ঘটনাৰ বিৱৰণি অনুসৰি, দুখন বাহনৰ মুখামুখি সংঘৰ্ষৰ পিছতে দাউ দাউকৈ জ্বলি উঠে দুয়োখন বাহন ৷ ফলত দুৰ্ঘটনাগ্ৰস্ত এখন বাহনৰ এগৰাকী আৰোহী বাহনখনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হয় ৷ ইফালে আনখন বাহনত থকা আন ৪ গৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে আহত ব্যক্তিকেইগৰাকীক উদ্ধাৰ কৰি প্ৰেৰণ কৰে চিকিৎসালয়লৈ ৷ জানিব পৰা মতে, ML 08G 9586 নম্বৰৰ বাহনখন বঙাইগাঁৱৰ পৰা উত্তৰ শালমাৰা অভিমুখে আহি আছিল ৷ আহত কেইগৰাকী হ’ল- কাৰ্তিক কোচ(২৭), মনোজ কোচ(৩২), ৰাজেশ গাম (৩৫) অৰু দিবাকৰ শ্বা (৩৬) ৷ আটাইকেইজন আৰোহীৰ ঘৰ পশ্চিম গাৰোপাহাৰত ৷ ইফালে বৰ্তমানলৈকে চিনাক্ত হোৱা নাই জীৱন্তে অগ্নিদগ্ধ হোৱা লোকজনৰ পৰিচয় ৷

Last Updated : Feb 3, 2023, 8:17 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.