Micro Finance cheque distribute: কোকৰাঝাৰত মাইক্ৰ’ফাইনেঞ্চৰ চেক বিতৰণ

By

Published : Oct 29, 2022, 7:22 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

শনিবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে কোকৰাঝাৰত মাইক্ৰ’ফাইনেঞ্চৰ চেক বিতৰণ কৰে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই (Minister Urkhao Gwra Brahma)৷ অসম মাইক্ৰ’ফাইনেঞ্চ ইনচেণ্টিভ আৰু ৰিলিফ আঁচনিৰ অধীনত শনিবাৰে কোকৰাঝাৰ বানিজ্যিক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলা হিতাধিকাৰীসকলক চেক বিতৰণ কৰা হয় (Micro Finance cheque distribute)৷ কোকৰাঝাৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই চেক বিতৰণ সমাৰোহ আনুষ্ঠানিকভাবে বন্তি প্ৰজ্বলনৰে উদ্বোধন কৰে অনুষ্ঠানৰ মুখ্য অতিথি তথা অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ কেবিনেট মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ৷ জিলা উপাযুক্ত বৰ্ণালী ডেকাই আঁত ধৰা অনুষ্ঠানটোত আনুষ্ঠানিকভাৱে প্ৰাৰম্ভিক পৰ্যায়ত 6 গৰাকী মাইক্ৰ’ফাইনেঞ্চৰ মহিলা হিতাধিকাৰীক চেক বিতৰণ কৰে মন্ত্ৰীগৰাকীয়ে (Micro Finance cheque distribute in Kokrajhar) ৷ এই চেক বিতৰণ অনুষ্ঠানত কোকৰাঝাৰ জিলাৰ ২০৪ গৰাকী মহিলা হিতাধিকাৰীক ঋণ ৰেহাইৰ ২০ হেজাৰ টকাৰ চেক বিতৰণ কৰা হয় ৷ এই চেকসমুহৰ জৰিয়তে বিভিন্ন বিত্তীয় প্ৰতিষ্ঠান বিশেষকৈ মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহৰ পৰা ঋণ লৈ সমস্যাত পৰা মহিলা হিতাধিকাৰীসকল উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে ৷

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.