Cannabis seized in Tripura: ত্ৰিপুৰাত বৃহৎ পৰিমানৰ গাঞ্জাসহ গ্ৰেপ্তাৰ দুই

By

Published : Nov 16, 2022, 1:19 PM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

উত্তৰ-পূৱৰ ৰাজ্যসমূহত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত আছে (Operation against drugs in NE)। শেহতীয়াকৈ অসমৰ লগতে আন ৰাজ্যসমূহতো ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে । এইক্ষেত্ৰত সকলোতকৈ সফল হৈছে ত্ৰিপুৰা (Raid against Drugs in Tripura)। ইয়াৰ মাজতেই বুধবাৰে ধৰ্মনগৰৰ উপ-বিভাগীয় আৰক্ষীয়ে নাকাবাৰী আৰক্ষী থানাৰ সন্মুখত ডব্লিউবি ৫৯-বি-৩২৫৬ নম্বৰৰ এখন ট্ৰাক জব্দ কৰে । উক্ত ট্ৰাকখনত তালাচী চলোৱাত আৰক্ষীয়ে ৫৬০ কিলোগ্ৰাম গাঞ্জা উদ্ধাৰ কৰে (police recovered ganja at Churaibari in Tripura)। পিছত আৰক্ষীয়ে উক্ত ঘটনাৰে জড়িত ফুলচাদ শ্বেখ (৩৬) নামৰ চালক আৰু চিৰাজুল শ্বেখক (২৬) গ্ৰেপ্তাৰ কৰে । ধৃত অভিযুক্ত দুটাৰ ঘৰ পশ্চিম বংগৰ মুৰ্শিদাবাদত ।

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.