Tragic incident at Hailakandhi: হাইলাকান্দিত কুঁৱা পৰিস্কাৰ কৰোতে চাৰিজনৰ মৃত্য়ু

By

Published : Oct 29, 2022, 4:03 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

হাইলাকান্দিত সংঘটিত হৈছে এক শোকাবহ ঘটনা (Tragic incident in Hailakandi)। খোৱা প‍ানীৰ কুঁৱা ছাফা কৰিবলৈ গৈ মৃত্যু (4 Death while clean well at Hailakandi) চাৰিজন লোকৰ । হাইলাকান্দি জিলাৰ আলগাপুৰ সমষ্টিৰ আনোয়াৰপাৰ গাঁৱত সংঘটিত এই ঘটনাটোৱে অঞ্চলটোত শোকৰ ছাঁ পেলাইছে । শনিবাৰে কুঁৱা ছাফা কৰিবলৈ আৰম্ভ কৰাৰ সময়তেই আবদ্ধ হোৱাত ৰাইজৰ মাজত হুৱাদুৱা লাগে । পিছত স্থানীয় ৰাইজে SDRF বাহিনীক খবৰ দিয়াত এই বাহিনীটোৱে উদ্ধাৰ কৰে লোকেকেইজনৰ মৃতদেহ । এই ঘটনাটোত মৃত্যু হৈছে ঘৰৰ গৰাকী ৰছিদ আহমদ, তেওঁৰ ভাতৃ নাজিম উদ্দিন, ভতিজা আবু ছুহেল আৰু মিস্ত্ৰি তছলিব উদ্দিনৰ । ইপিনে,গুৰুতৰ ভাবে আহত অৱস্থাত উদ্ধাৰ হৈছে হাছিব উদ্দিন নামৰ এজন মিস্ত্ৰি । আহত হাছিব উদ্দিনক ইতিমধ্যে উন্নত চিকিৎসাৰ বাবে শিলচৰ চিকিৎসা মহাবিদ্য়ালয়লৈ (Silchar Medical College) প্ৰেৰণ কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.