Alia Bhatt latest news:পাঠানে ভংগ কৰিলে ব্ৰহ্মাস্ত্ৰৰ ৰেকৰ্ড, আলিয়াই কৰিলে এই মন্তব্য

By

Published : Feb 2, 2023, 11:47 AM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

চিটাৰা ডেস্ক, 2 ফেব্ৰুৱাৰী : মঙলবাৰে বলীউডৰ অভিনেত্ৰী আলিয়া ভাট আৰু বৰুণ ধৱনে এটা অনুষ্ঠানত সংবাদকৰ্মী সকলৰ সৈতে মত বিনিময় কৰে ৷ উক্ত অনুষ্ঠানত শ্বাহৰুখ খান অভিনীত ছবি পাঠানৰ বক্স অফিচৰ সফলতাত সুখ প্ৰকাশ কৰে দুই তাৰকাই ৷ তেওঁলোকে কয় যে পাঠানৰ জৰিয়তেই সকলোৱে চিনেমা জগতৰ ভাল সময় অব্যাহত থকাৰ আশা কৰিছে । 25 জানুৱাৰীত মুক্তি পোৱাৰ পূৰ্বে Besharam Rang গীতটোক লৈ বৰ্জনৰ আহ্বানৰ সন্মুখীন হোৱা এই থ্ৰিলাৰ ছবিখনে বক্স অফিচত অভূতপূৰ্ব সফলতা লাভ কৰি সাত দিনত বিশ্বজুৰি 634 কোটি টকা উপাৰ্জন কৰিছে (Alia Bhatt on pathaan box office records) ।

ছবিখনৰ সফলতাৰ পিছত এতিয়া বহুতে চলচ্চিত্ৰ উদ্যোগৰ বিৰুদ্ধে কাম কৰা শক্তিবোৰৰ উত্তৰ হিচাপে পাঠান, গংগুবাই কাথিয়াৱাড়ী আৰু ব্ৰহ্মাস্ত্ৰৰ সফলতাক দাঙি ধৰিছে ৷ আলিয়াই কয় যে, শিল্পী হিচাপে তেওঁলোকৰ ইমান আক্ৰমণাত্মক অনুভৱ নাই ৷ পাঠানৰ বাণিজ্যিক সফলতা ভাৰতীয় চলচ্চিত্ৰৰ বাবে এক আনন্দৰ মুহূৰ্ত বুলি অভিহিত কৰে অভিনেত্ৰী গৰাকীয়ে (Alia Bhatt on pathaan success) ৷ অভিনেতা বৰুণ ধৱনে কয় যে পাঠানৰ এই সফলতা আনন্দৰ লগতে ছবিজগতৰ সকলোৰে বাবে প্ৰেৰণাদায়কো ৷ 

পাঠানে তেওঁৰ ছবি ব্ৰহ্মাস্ত্ৰৰ বক্স অফিচ ৰেকৰ্ড ভংগ কৰাৰ বিষয়ত তেওঁ কেনে অনুভৱ কৰে বুলি সোধাত আলিয়াই কয় যে তেওঁ চলচ্চিত্ৰ উদ্যোগৰ এজন ব্যক্তি হিচাপে অতি সুখী অনুভৱ কৰে যে পাঠানৰ দৰে এখন চলচ্চিত্ৰ কেৱল ব্লকবাষ্টাৰ নহয় ( Pathaan breaking Brahmastra records), সম্ভৱতঃ ভাৰতীয় চলচ্চিত্ৰৰ আটাইতকৈ ডাঙৰ ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছে । আলিয়াই লগতে কয় যে, তেওঁ বিচাৰে যাতে বলীউডৰ প্ৰতিখন ছবিয়ে প্ৰতিখন ছবিৰে ৰেকৰ্ড ভাঙিবলৈ সক্ষম হয় ৷

লগতে পঢ়ক : SRK latest news: শ্বাহৰুখ খানক অভিনেতা নহয় বুলি ক’লে জন আব্ৰাহামে

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.