Israel-Hamas War: ইজৰাইলৰ সমৰ্থনত ওলাই আহিল ইজৰাইলী অভিনেত্ৰী ৰোনা লি শ্বিমন

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 3:12 PM IST

thumbnail

চিটাৰা ডেস্ক, 16 অক্টোবৰ: 7 অক্টোবৰৰ পুৱা ইজৰাইলীসকলৰ বাবে কোনো দুঃস্বপ্নতকৈ কম নাছিল । পুৱা প্ৰায় ৬ বজাত হঠাতে পেলেষ্টাইন সমৰ্থক সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলৰ ওপৰত ৰকেটৰে আক্ৰমণ কৰে ৷ ইজৰাইলত হামাছৰ আক্ৰমণৰ পিচতে শ শ লোকে প্ৰাণ হেৰুৱাবলগীয়া হয় । এতিয়া ইজৰাইলৰ সমৰ্থনত ওলাই আহিছে ইজৰাইলৰ ৱেব ছিৰিজ ‘ফৌডা’ত অভিনয় কৰা অভিনেত্ৰী ৰোনা-লি শ্বিমন ৷  

অভিনেত্ৰীগৰাকীয়ে হামাছৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰা নিজৰ দেশ (ইজৰাইল)ৰ সমৰ্থনত ওলাই অহা সকলোকে ধন্যবাদ জ্ঞাপন কৰে । লগতে অভিনেত্ৰীগৰাকীয়ে কয়, ‘‘ইজৰাইলৰ প্ৰতিগৰাকী নাগৰিকে পণবন্দীসকলক ঘূৰাই অনাৰ কাৰ্যক সমৰ্থন কৰি আছে । আমি আমাৰ সেনাবাহিনীক সহায় কৰি আছো ।"

ইফালে আক্ৰমণৰ প্ৰায় কিছুদিন পিচত ইজৰাইলে এতিয়া লেবানন সীমান্তৰ ২ কিলোমিটাৰ (১ মাইল) ব্যাসাৰ্ধৰ ২৮ টা সম্প্ৰদায়ৰ বাসিন্দাৰ বাবে খালী কৰাৰ পৰিকল্পনা আৰম্ভ কৰিছে ।  

লগতে পঢ়ক: Indian origin killed in Hamas attack: হামাছৰ আক্ৰমণত ভাৰতীয় মূলৰ দুগৰাকী ইজৰাইলী মহিলা নিৰাপত্তা বিষয়া নিহত

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.