মদনপুৰৰ টোলগেট বন্ধ কৰাৰ দাবীৰে আছুৰ প্ৰতিবাদ

By

Published : Jun 12, 2021, 10:31 PM IST

thumbnail

কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ মদনপুৰ টোলগেটতত পুনৰ প্ৰতিবাদ প্ৰতিবাদ সাব্যস্ত কৰে পূব কামৰূপ ছাত্ৰ সন্থাৰ সদস্যসকলে । টোলগেটত বৰ্ধিত হাৰত কৰ সংগ্ৰহ কৰাৰ বিৰুদ্ধে শনিবাৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ছাত্ৰ সন্থাৰ সদস্যসকলে এই প্ৰতিবাদ সাব্যস্ত কৰে । মদনপুৰ বিদ্যালয়ৰ সন্মুখতে চৰকাৰে টোলগেট স্থাপন কৰি শৈক্ষিক পৰিৱেশৰ বিনষ্ট কৰা বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰীসকলে । কৰ'ণা মহামাৰীৰ সময়তো বৰ্ধিত হাৰত টোলকৰ সংগ্ৰহ কৰি থকা টোলগেটসমূহ অচিৰেই বন্ধ কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীসকলে 'টোলগেট বন্ধ কৰক', 'অসম চৰকাৰ হাই হাই', 'বিদ্যালয়ৰ আগত টোলগেট নচলিব' আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । উল্লেখ্য যে, ইয়াৰ পূৰ্বেও ছাত্ৰ সন্থাই উক্ত টোলগেট বন্ধৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.