অসমীয়া কৃষ্টি-সংস্কৃতিক লৈ অংগৰাগ পাপনৰ নতুন প্ৰজেক্ট

By

Published : Feb 17, 2022, 10:46 AM IST

Updated : Feb 3, 2023, 8:16 PM IST

thumbnail

অসমৰ অন্যতম ভূমিপুত্ৰ মৰাণসকলৰ জনগোষ্ঠীয় নৃত্য ৰাতি বিহুৰ দৃশ্যাংশ গ্ৰহণৰ বাবে বুধবাৰৰ নিশা কাকপথাৰৰ সৰুমেচাই গাঁৱত উপস্থিত হয় শিল্পী অংগৰাগ পাপন মহন্ত(Papon new project on Assamese Culture) ৷ পূৰ্ব পৰিকল্পনা মতে নিশা সৰুমেচাই গাঁৱত ৰাতি বিহুৰ দৃশ্যাংশ গ্ৰহণ কৰি অসমৰ বিভিন্ন লোক-সংস্কৃতিৰ ওপৰত এক দীৰ্ঘ পৰিকল্পনা কৰি থকা বুলি সাংবাদিকক জানিবলৈ দিয়ে শিল্পীগৰাকীয়ে(Angarag Mahanta new project) ৷ বিগত চাৰিবছৰে মাজুলীৰ কৃষ্টি সংস্কৃতিক লৈয়ো ব্যস্ত হৈ আছে অসমৰ জনপ্ৰিয় শিল্পীগৰাকী ৷ ৬ টা বছৰে বিহু মঞ্চৰ পৰা আঁতৰি থকা অংগৰাগে ক’লে যে সকলো ঠিকে থাকিলে নিশ্চয় এইবাৰ বিহু মঞ্চত তেওঁ গীত পৰিৱেশন কৰিবলৈ আগ্ৰহী ৷

Last Updated : Feb 3, 2023, 8:16 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.