Robbery at gold shop in Guwahati: গুৱাহাটীত দুই দুবৃত্তই লুটি নিলে সোণৰ চেইন

By

Published : Dec 8, 2022, 8:25 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

অপৰাধ আৰু অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰ্যবসিত হৈছে গুৱাহাটী মহানগৰী(Crime at Guwahati city) ৷ স্মাৰ্ট আৰক্ষীৰ নাকৰ তলতেই প্ৰতিদিনে সংঘটিত হৈছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনা ৷ এইবাৰ মহানগৰীৰ সাতগাঁৱত সংঘটিত হ’ল দিন ডকাইতিৰ ঘটনা ৷ সাতগাঁও ৰেল লাইনৰ সমীপত থকা 'বিনায়ক জুৱেলাৰ্চ' নামৰ এখন সোণৰ গহনাৰ বিপণিত বৃহস্পতিবাৰে সংঘটিত হ’ল ডকাইতিকাণ্ড(robbery in gold shop) ৷ মটৰ চাইকেলত অহা দুই দুৰ্বৃত্তই বিপণিখনৰ পৰা লুটি নিলে দুডালকৈ সোণৰ চেইন ৷ প্ৰাপ্ত তথ্য অনুসৰি, দিনৰ প্ৰায় ১১ বজাত সাতগাঁৱৰ দিশৰ পৰা মটৰ চাইকেলত অহা দুজন যুৱক প্ৰথমে উপস্থিত হয় গহনাৰ বিপণিখনত ৷ ইয়াৰ পিছতেই গহনা ক্ৰয় কৰাৰ চলেৰে দুডাল সোণৰ চেইন লৈ বিপণিখনৰ পৰা উধাও হয় দুয়োজন যুৱক(Robbed glod chain) ৷ ঘটনা সন্দৰ্ভত জুৱেলাৰীখনৰ গৰাকী ৰামেৰেশ্ব বাৰ্মাই সাতগাঁও থানাত দাখিল কৰিছে এজাহাৰ(Satgaon police station) ৷ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে যদিও বৰ্তমানেও দুই দুৰ্বৃত্তৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.