Operation against child marriage: বাল্যবিবাহৰ গোচৰত জামুগুৰিহাটত ৩ জনক আটক

By

Published : Feb 3, 2023, 5:13 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

চতিয়া,৩ফেব্ৰুৱাৰী: সমগ্ৰ ৰাজ্যতে তীব্ৰতৰ হৈছে অসম আৰক্ষীৰ বাল্যবিবাহ বিৰোধী অভিযান(Operation against Child marriage) । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ আৰক্ষী-প্ৰশাসনক বাল্যবিবাহৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ নিৰ্দেশ প্ৰদান কৰাৰ পিচতেই যুদ্ধংদেহী ৰূপ লৈ আৰক্ষী নামি পৰিছে বাল্যবিবাহ বিৰোধী অভিযানত । তীব্ৰ গতিত আৰম্ভ হৈছে বাল্যবিবাহ বিৰোধী অভিযান (Child Marriage in Assam) ৷ 

বৃহস্পতিবাৰে নিশাৰ পৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰক্ষীয়ে অভিযান চলাই এতিয়ালৈ প্ৰায় 2000 ৰো অধিক লোকক আটক কৰিবলৈ সক্ষম হৈছে (illegal husband arrested) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালভাৱে শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বাল্যবিবাহৰ লগত জড়িত লোকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰি তিনিজনকৈ বাল্যবিবাহৰ লগত জড়িত যুৱকক আৰক্ষীয়ে আটক কৰিছে । আটক কৰা যুৱককেইজন হ'ল জামুগুৰিহাটৰ লালেটাপুৰ হাবিজুল ইছলাম, বৈতামাৰী ভৈৰবীৰ আজমত আলী আৰু মাজগাঁৱৰ ৰক্তিম দাস । ১৪/১৫ বছৰীয়া যুৱতীৰ লগত বিবাহপাশত আৱদ্ধ হোৱাৰ বাবে জামুগুৰি আৰক্ষীয়ে নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰিছে যুৱক তিনিজনক । 

উল্লেখ্য যে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক বিবৃতিত উল্লেখ কৰিছিল যে বিগত ৯ দিনত অসমত বাল্যবিবাহৰ বিৰুদ্ধে ৪০০৪ টা গোচৰ ৰুজু হৈছে (Strict action against child marriage) ৷ এইসমূহ তথ্যৰ ভিত্তিত চাবলৈ গ’লে অসমত বছৰি কমেও ৫০ হাজাৰ বাল্যবিবাহ সম্পন্ন হয়(Operation against Child marriage in Jamugurihat) । অসমৰ ৩৬ খন জিলাৰ ভিতৰত বাল্যবিবাহৰ ক্ষেত্ৰত ধুবুৰী জিলাত সৰ্বাধিক গোচৰ ৰুজু হৈছে বুলি জানিব পৰা গৈছে । দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে হোজাই আৰু ওদালগুৰি জিলা (Child marriage statistics in Assam) । 

ইফালে ৰাজ্যজুৰি শুকুৰবাৰে পুৱা ৯ বজালৈ বাল্যবিবাহৰ বিৰুদ্ধে চলোৱা অভিযানত ধুবুৰী জিলাত ১৩৫ জন, কোকৰাঝাৰ জিলাত ৮৫ জন, বঙাইগাঁও জিলাত ১৭ জন, চৰাইদেউ জিলাত ৪৯ জন, মৰিগাঁও জিলাত ৬০ জন, ওদালগুৰি জিলাত ৩০ জন, নলবাৰী জিলাত ৩৪ জন স্বামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ ইয়াৰোপৰি, যোৰহাট, কামৰূপ মহানগৰ আৰু গোৱালপাৰা জিলাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ক্ৰমে ২৫ জন, ৫৩ জন আৰু ৬৭ জন স্বামী ৷ ইয়াৰ লগতে, বৰপেটা জিলাত ৮৮ জন, মাজুলী জিলাত ১৬ জন , দৰং জিলাত ৩৩ জন আৰু হোজাই জিলাত ৯১ জন বাল্য বিবাহ কৰা লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । 

লগতে পঢ়ক: Operation against child marriage: শোণিতপুৰত বাল্য বিবাহৰ গোচৰত অভিযুক্ত ১৭ গৰাকী স্বামীক আটক

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.