বন্যহস্তীয়ে নিদ্ৰা হৰিছে কলিয়াবৰবাসীৰ

By

Published : Sep 19, 2022, 1:38 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে হাতী মানুহৰ সংঘাত (Man elephant conflict)৷ কলিয়াবৰত এনিশাতেই দুখনকৈ গাঁৱত বন্যহস্তীৰ সন্ত্ৰাস (Elephant Terror at Kaliabor)৷ দেওবাৰে নিশা কলিয়াবৰৰ বাঘৰচুক গাঁও আৰু চামধৰা গাঁৱত খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ এটা দলে ত্ৰাসৰ সৃষ্টি কৰে ৷ বাঘৰচুক গাঁৱৰ মনমোহন শইকীয়াৰ গুডাম ঘৰটোৰ পকী বেৰ ভাঙি চুৰমাৰ কৰাৰ লগতে একে নিশাই চামধৰা গাঁৱৰ নাৰায়ণ চন্দ্ৰ বৰাৰ পকী ভড়াল ঘৰ ভাঙি বন্যহস্তীয়ে কেইবামোন ধান নষ্ট কৰে ৷ বিগত সময়ছোৱাতো বন্যহস্তীয়ে ব্যক্তি দুজনৰ গৃহত কেইবাবাৰো ক্ষতিসাধন কৰিছিল ৷ গাঁওবাসীয়ে ঘটনা সন্দৰ্ভত বন বিভাগক খবৰ দিয়ে যদিও পুৱালৈকে বন বিভাগৰ কোনোলোক আহি নাপালে বুলি জানিবলৈ দিয়ে গাঁওবাসীয়ে ৷

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.