Beef Smugglers Arrested: ডিব্ৰুগড়ত গো-মাংসসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Dec 31, 2022, 7:48 AM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ৰাজ্যত গো-মাংসৰ সৰবৰাহ নিষিদ্ধ থকাৰ মাজতে ডিব্ৰুগড়ত জব্দ কৰা হৈছে গো-মাংস(Beef seized in Dibrugarh)। পুৱতি নিশা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি লোহাৰ পট্টিত AS06 AC 5867 নম্বৰৰ বাহনৰ পৰা ৮ টা বেগত ভৰাই অনা অৱস্থাত ৪২৩ কেজি ওজনৰ গো-মাংস জব্দ কৰিবলৈ সক্ষম হয় । লগতে কৰায়ত্ত কৰে ইমৰাণ হুছেইন আৰু ইউনিছ খান নামৰ দুই সৰবৰাহকাৰীক (Beef Smugglers Arrested in Dibrugarh) । ইফালে দুই সৰবৰাহকাৰীৰ স্বীকাৰোক্তিৰ ভিত্তিত গো-মাংস সৰবৰাহৰ লগত জড়িত থকাৰ সন্দেহত মীৰাজ খান নামৰ আন এজন ব্যক্তিকো ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে । আনহাতে একেটা নিশাই ডিব্ৰুগড়ৰ মলকুপচাৰ বৃহত্তৰ অঞ্চলৰ পৰা তিনিজনীয়া এটা চোৰৰ দলক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ডিব্ৰুগড় আৰক্ষী ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.