74 th Republic Day in Assam: বৰপেটাত আয়োজিত গণৰাজ্য দিৱসত আকৰ্ষণীয় প্ৰতীক পট প্ৰদৰ্শন

By

Published : Jan 26, 2023, 1:16 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

বৰপেটা, 26 জানুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো বৃহস্পতিবাৰে ব্যাপক আয়োজনেৰে উদযাপন কৰা হয় ৭৪ সংখ্যক গণৰাজ্য দিৱস (Republic Day in Assam) ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লেখীয়াকৈ বৰপেটাতো উদযাপন কৰা হয় গণৰাজ্য দিৱস (74 th Republic day celebrated in Barpeta) ৷ বৰপেটা পৌৰসভাৰ খেল পথাৰত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা হয় গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে বৰপেটাৰ জিলা উপায়ুক্ত আয়ুস গৰ্গে (DC Of Barpeta district) ৷ পতাকা উত্তোলন কৰি উপায়ুক্তগৰাকীয়ে জিলাখনৰ উন্নয়নৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি আৰু উন্নয়নমূলক কাম কাজ সম্পৰ্কে ভাষণ প্ৰদান কৰে ৷ ইয়াৰ পূৰ্বে উপায়ুক্ত গৰাকীয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ৷ 

বৰপেটা পৌৰসভাৰ খেল পথাৰত বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে পালন কৰা গণৰাজ্য দিৱসৰ কাৰ্যসূচীত আৰক্ষীৰ অভিবাদন গ্ৰহণ কৰে জিলা উপায়ুক্তই ৷ আৰক্ষী বাহিনী, কেইবাখনো বিদ্যালয়, মহাবিদ্যালয়ৰ এন চি চি কেডেট আৰু স্কাউট -গাইডৰ দলে পেৰেডত অংশ লয় ৷ ইয়াৰোপৰি গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আয়োজন কৰা হয় বিভিন্ন কাৰ্যসূচীৰ ৷ গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি আয়োজিত অনুষ্ঠানটোত বাইক ৰেলীৰ লগতে প্ৰদৰ্শন কৰা হয় আকৰ্ষণীয় প্ৰতীক পট ৷ সৰ্বশিক্ষা অভিযানৰ অধীনত সমগ্ৰ শিক্ষা, জিলা স্বাস্থ্য সমিতি বৰপেটাৰ উদ্যোগত আৰু বৰপেটা জিলা কাৰিকৰী বিভাগৰ উদ্যোগত প্ৰদৰ্শিত হয় আকৰ্ষণীয় প্ৰতীক পটবোৰ ৷ আকৰ্ষণীয় প্ৰতীক পটৰ সমান্তৰালভাৱে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক অনুষ্ঠান, প্ৰীতি খেল আদি কাৰ্যসূচীৰো আয়োজন কৰা হয় বৰপেটাত কেন্দ্ৰীয়ভাৱে আয়োজিত গণৰাজ্য দিৱসত ৷

উল্লেখ্য যে, গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত (Khanapara Veterinary College field) ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে দেশৰ ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা অনুষ্ঠানত পুৱা ৯ বজাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে (Himanta Biswa Sarma to hoist Republic Day flag)।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.