Celebration of New year2023: নতুন বছৰৰ প্ৰথমটো দিনত লোকাৰণ্য সত্ৰনগৰী মাজুলী

By

Published : Jan 1, 2023, 4:04 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

আজি পহিলা জানুৱাৰী (New year celebration)। চাওতে চাওতে কেলেণ্ডাৰৰ পৰা আৰু এটা বছৰে মেলানি মাগিলে ৷ এই বিশেষ দিনটোত পুৱাৰ সুকোমল সূৰুযৰ পৰশত নতুন আশা,ন প্ৰত্যাশা লৈ ন-উদ্যমেৰে ২০২৩ বৰ্ষতো আৰম্ভ কৰিছে সকলো লোকে ৷ সকলোৱে মংগল কামনাৰে বিভিন্ন মঠ-মন্দিৰ,সত্ৰ-নামঘৰত ভিৰ কৰিছে ৷ বছৰৰ প্ৰথমটো দিনটোত লোকাৰণ্য হৈ পৰিল সত্ৰ নগৰী মাজুলী (People gathering at Majuli)। নিজ নিজ পৰিয়ালৰ লোকক লগত লৈ নেদেখাজনৰ ওচৰত আশীষ ল'বলৈ মাজুলীৰ বিভিন্ন ঠাইৰ মঠ-মন্দিৰত ভিৰ কৰা পৰিলক্ষিত হয় । সকলোৰে এটাই আশা- নতুন বছৰটো শুভ হওক (Celebration of New year 2023 in Majuli)। সমাজৰ পৰা নাইকীয়া হওক হত্যা,হিংসা,লুণ্ঠন ।

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.