ETV Bharat / sukhibhava

Skin Care Tips: দামী স্ক্ৰাবত ধন খৰচ কৰাৰ পৰিৱৰ্তে এনেদৰে ঘৰতে তৈয়াৰ কৰক স্ক্ৰাব, দূৰ হ’ব ছালৰ সৈতে জড়িত সমস্যা

author img

By

Published : Jul 12, 2023, 11:37 AM IST

Why spend money on expensive scrubs when you can make these best body scrubs at home
দামী স্ক্ৰাবত ধন খৰচ কৰাৰ পৰিৱৰ্তে এনেদৰে ঘৰতে তৈয়াৰ কৰক স্ক্ৰাব, দূৰ হ’ব ছালৰ সৈতে জড়িত সমস্যা

ধুনীয়া দেখাবলৈ সঠিক স্কিন কেয়াৰ ৰুটিন মানি চলাটো অতি প্ৰয়োজনীয় । ইয়াৰ বাবে ছালখন মইশ্ব’ৰাইজ কৰি পৰিষ্কাৰ কৰি স্ক্রাব কৰাটো খুবেই প্ৰয়োজনীয় । ইয়াৰ ফলত ছালখন গভীৰভাৱে পৰিষ্কাৰ হয় আৰু ইয়াক আগৰ তুলনাত অধিক উজ্জ্বল আৰু নিমজ দেখা যায় । আজি আমি আপোনালোকক পাকঘৰতে থকা কিছুমান বস্তুৰ বিষয়ে ক’ম যিবোৰৰ সহায়ত আপুনি ঘৰতে স্ক্ৰাব তৈয়াৰ কৰি ব্যৱহাৰ কৰিব পাৰিব ।

মহিলাৰ প্ৰসাধন সামগ্ৰীৰ মূল্য দিনক দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে ৷ সৌন্দৰ্য আৰু ছালৰ যত্নৰ সামগ্ৰী বজাৰত আজিকালি অতি ব্যয়বহুল । বহু মহিলাই এই সামগ্ৰীসমূহত পানীৰ দৰে ধন খৰচ কৰে যিয়ে কিছু সময়ৰ বাবেহে মুখখন উজ্জ্বল কৰি ৰাখে, আৰু বহু সময়ত তেওঁলোকে বিচৰা ধৰণে ফলাফল নাপায় । ছালৰ যত্নৰ বাবে স্ক্ৰাবিং কৰাটো অতি গুৰুত্বপূৰ্ণ কাম, যাৰ বাবে ছিদ্ৰত জমা হোৱা মলি ওলাই আহে আৰু ছালখন কোমল আৰু চিকচিকিয়া দেখা যায় । সেইবাবেই সপ্তাহত এবাৰ বা দুবাৰ এক্সফোলিয়েচন কৰাটো প্ৰয়োজনীয় বুলি কোৱা হয়, কিন্তু যদি আপুনি ইয়াৰ বাবে দামী স্ক্ৰাবত ধন অপচয় কৰিব নিবিচাৰে, তেন্তে আপোনাৰ পাকঘৰত থকা এনেকুৱা বহুতো বস্তু আছে, যিয়ে ছালখন পৰিষ্কাৰ আৰু কোমল কৰি তোলাত সহায় কৰিব পাৰে ৷

কফি

কফি অতি ফলপ্ৰসূ এক্সফোলিয়েটৰ । কফিত থকা কেফেইন ছালৰ বাবে এক উৎকৃষ্ট এন্টি অক্সিডেন্ট । ই ছালৰ পৰা মলি আৰু মৃত কোষ আঁতৰাই পেলোৱাত সহায় কৰে । কফিয়ে ছালৰ ৰঙো উন্নত কৰে । লগতে প্ৰদাহ কম কৰে ।

এইদৰে ব্যৱহাৰ কৰক

  • কফি স্ক্ৰাব তৈয়াৰ কৰিবলৈ কফিৰ লগত অলিভ অইল মিহলাই লওক ।
  • ইয়াৰ দ্বাৰা মুখ, হাত-ভৰি ধুই কিছু সময়ৰ পিছত ধুই লওক ।

অটমিল বা ওটছ

এতিয়ালৈকে আপুনি নিশ্চয় ওজন কমাবলৈ অটমিল ব্যৱহাৰ কৰি আহিছে, কিন্তু আপুনি জানেনে যে, ই এটা অতি ভাল এক্সফোলিয়েটৰো । ইয়াক ব্যৱহাৰ কৰিলে শুকান ছাল আৰু একজিমাৰ সমস্যা দূৰ হয় । অটমিলৰ ছাল সুৰক্ষা আৰু মইশ্ব’ৰাইজিং গুণ আছে । ছালৰ প্ৰদাহ কমোৱাত ই সহায় কৰে । ইয়াৰ উপৰিও ই ছালৰ UV ৰশ্মিৰ ফলত হোৱা ক্ষতি ৰোধ কৰে । ছালৰ ৰঙা পৰা আৰু জ্বলা-পোৰা আদি কম কৰাত অটমিল অতি ফলপ্ৰসূ ।

এইদৰে ব্যৱহাৰ কৰক

  • ইয়াৰ বাবে পানীৰ লগত অটমিল মিহলাই লওক ।
  • ইয়াৰ পিছত ইয়াৰে মুখ আৰু হাত-ভৰি ধুৱক । লঘু হাতেৰে স্ক্রাব কৰি তাৰ পিছত পানীৰে ধুই লওক ।

লগতে পঢ়ক: Weight Loss Foods: পেটৰ চৰ্বি দূৰ কৰাত সহায় কৰিব এইসমূহ ক’লা খাদ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.