ETV Bharat / sukhibhava

Health Tips: খালী পেটত চাহ খায় নেকি ? তেন্তে ইয়াৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে জানি লওক

author img

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 2:14 PM IST

যদি আপুনিও ৰাতিপুৱা বিচনাৰ পৰা উঠাৰ লগে লগে চাহ একাপ বিচাৰে তেন্তে আপুনি আপোনাৰ স্বাস্থ্যৰ লগত খেলা কৰিছে । জানি লওক খালী পেটত চাহ খোৱাৰ ফলত আমাৰ শৰীৰৰ কেনেধৰণৰ ক্ষতি হ’ব পাৰে...

Why should we avoid drinking tea on an empty stomach?
খালী পেটত চাহ খায় নেকি ? তেন্তে ইয়াৰ ক্ষতিকাৰক দিশসমূহৰ বিষয়ে জানি লওক

চাহৰ নাম শুনিলেই আমাৰ হৃদয় আৰু মন সতেজতাৰে ভৰি পৰে ৷ যদি দেখা যায় চাহপ্ৰেমী কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বতে পোৱা যায় ৷ চাহে শৰীৰক সতেজ আৰু সক্ৰিয় কৰি ৰখাৰ লগতে শক্তি প্ৰদান কৰে যদিও খালী পেটত চাহ খালে স্বাস্থ্যৰ ক্ষতিও হ’ব পাৰে ৷ আপুনিও নিশ্চয় বহুবাৰ মানুহে কোৱা শুনিছে যে চাহৰ লগত কিবা এটা খাব লাগে ৷ আচলতে খালী পেটত চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷ খালী পেটত চাহ খোৱাৰ ফলত শৰীৰৰ কেনেধৰণৰ অপকাৰিতা হয় আৰু চাহ খোৱাৰ উপযুক্ত সময় কি জানো আহক-

খালী পেটত চাহ খোৱাৰ পাৰ্শ্চক্ৰিয়া

দৰাচলতে চাহৰ বিষয়ে কোৱা হয় যে ই অম্লীয় প্ৰকৃতিৰ ৷ খালী পেটত চাহ খালে শৰীৰৰ ভিতৰৰ এচিডিক প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰিব আৰু পেটত এচিডিটি আৰম্ভ হ’ব ৷ খালী পেটত চাহ খোৱাৰ পিছত টেঙা পানী, ডিঙিত বিষ আৰু গেছৰ সমস্যা হ’ব পাৰে ৷ কেৱল এয়াই নহয়, চাহত পোৱা থিওফিলিন মুখত থকা বেক্টেৰিয়াৰ সৈতে সংঘৰ্ষ হয় আৰু যাৰ ফলত মুখৰ ভিতৰত এচিডৰ পৰিমান বৃদ্ধি হয় ৷

ৰাতিপুৱা খালী পেটত চাহ খালে ডিহাইড্ৰেচনৰো সৃষ্টি হ’ব পাৰে ৷ দৰাচলতে চাহ খোৱাৰ পিছত বাৰে বাৰে প্ৰস্ৰাৱ আহে, এনে পৰিস্থিতিত শৰীৰত পানীৰ অভাৱ হ’ব পাৰে আৰু কেতিয়াবা জিভাও শুকাই যায় ৷ ৰাতিপুৱা খালী পেটত চাহ খালে শৰীৰৰ বিপাকীয় ক্ৰিয়া নষ্ট হ’ব পাৰে ৷ ইয়াৰ ফলত পাচনতন্ত্ৰত বেয়া প্ৰভাৱ পৰে ৷ খালী পেটত চাহ খোৱাৰ ফলত পেটত জ্বলা-পোৰা হোৱাৰ লগতে পেট ফুলাৰ সমস্যাও দেখা দিয়ে ৷

চাহ কেতিয়া কেনেকৈ খাব লাগে

যদি চাহ খাব বিচাৰে তেন্তে ৰাতিপুৱা খালী পেটত খোৱাৰ পৰিৱৰ্তে তাৰ লগত কিবা এটা খাওক ৷ ইয়াৰ বাহিৰেও বিচনাৰ পৰা উঠি লগে লগে চাহ খোৱাৰ পৰিৱৰ্তে সাৰ পোৱাৰ এঘণ্টা বা দুঘণ্টাৰ পিছত চাহ গ্ৰহণ কৰিব লাগে ৷ যেতিয়াই চাহ খাবলৈ মন যায় তেতিয়াই চাহ খোৱাৰ পূৰ্বে এগিলাচৰ পৰা দুগিলাচ পানী খাব লাগে ৷ ইয়াৰ ফলত আপোনাৰ শৰীৰত পানীৰ অভাৱৰ সম্ভাৱনা কম হয় ৷

লগতে পঢ়ক: Foods for Winter: শীতকালত আপোনাক সুস্থ ৰখাৰ লগতে চৰ্দি-কাহৰ পৰা ৰক্ষা কৰিব এইসমূহ খাদ্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.