ETV Bharat / sukhibhava

বৰ্তমান সুস্থিৰ অৱস্থাত আছে শ্ৰেয়স তালপাড়ে; জানো আহক হাৰ্ট এটাকৰ পৰা সুস্থ হৈ উঠাৰ পিছত কি কৰিব লাগে ?

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 2:06 PM IST

Updated : Dec 19, 2023, 2:14 PM IST

বলীউডৰ জনপ্ৰিয় খুহুতীয়া অভিনেতা শ্ৰেয়স তালপাড়ে শেহতীয়াকৈ হাৰ্ট এটাকত আক্ৰান্ত হোৱাৰ পিছতে সকলোৱে চিন্তিত হৈ পৰে ৷ কাৰণ এই বৰ্ষত হাৰ্ট এটাকৰ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সেয়ে হাৰ্ট এটাকৰ পৰা সুস্থিৰ হ’বলৈ তথা এই সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কি কৰিব লাগে আৰু নালাগে সেই বিষয়ে জানো আহক-

Shreyas Talpade is recovering, know what to do and what not to do after recovering from heart attack
বৰ্তমান সুস্থিৰ অৱস্থাত আছে শ্ৰেয়স তালপাড়ে; জানো আহক হাৰ্ট এটেকৰ পৰা সুস্থ হৈ উঠাৰ পিছত কি কৰিব লাগে ?

৪৭ বছৰীয়া বলীউড অভিনেতা শ্ৰেয়স তালপাড়ে হাৰ্ট এটাকত আক্ৰান্ত হোৱাৰ পিছত তেওঁৰ পৰিয়াল, বন্ধু-বান্ধৱী আৰু অনুৰাগী সকলো চিন্তিত হৈ পৰিছে ৷ ইয়াৰ পিছতে তেওঁক ততালিকে চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু এঞ্জিওপ্লাষ্টি কৰিবলগা হয় ৷ অৱশ্যে এতিয়া অভিনেতাজনৰ স্বাস্থ্য সুস্থিৰ বুলি জানিব পৰা গৈছে ৷ এই বছৰ হাৰ্ট এটাকৰ ৰোগীৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে সেয়ে হাৰ্ট এটাকৰ পৰা সুস্থিৰ হ’বলৈ তথা এই সমস্যাৰ পৰা নিজকে ৰক্ষা কৰিবলৈ কি কৰিব লাগে আৰু নালাগে সেই বিষয়ে জানো আহক-

হাৰ্ট এটাক কেতিয়া হয় ?

হৃদযন্ত্ৰৰ পেশীৰ কোনো অংশলৈ ৰক্ত সঞ্চালন বন্ধ হৈ গ’লে সাধাৰণতে তেজ জমা হোৱাৰ ফলত হাৰ্ট এটাক হয় ৷ এই ব্লকেজৰ ফলত অক্সিজেন আৰু পুষ্টিকৰ উপাদানৰ অভাৱত হৃদযন্ত্ৰৰ পেশীৰ কোষৰ ক্ষতি হয়, যাৰ ফলত মৃত্যুও হ’ব পাৰে ৷

হাৰ্ট এটাকৰ কাৰণ কি কি ?

বহু কাৰণত হাৰ্ট এটাক হ’ব পাৰে-

১) ক'ৰ'নাৰী ধমনী ৰোগ (CAD)

ইয়াৰ আটাইতকৈ সাধাৰণ কাৰণ হ’ল এথেৰ’স্কলেৰ’ছিছ, যিটো অৱস্থাত ক’ৰ’নাৰী ধমনী (হৃদযন্ত্ৰক যোগান ধৰা ৰক্তবাহী নলী) সংকুচিত হৈ পৰে ৷ কলেষ্টেৰল আৰু চৰ্বি গঠনৰ বাবে এনে হয় ৷

২) তেজ জমা হোৱা-

সংকীৰ্ণ ক’ৰ’নাৰী ধমনীত তেজৰ গোট গঠন হ’ব পাৰে আৰু ধমনীখনৰ মাজেৰে ৰক্ত সঞ্চালন কমি যাব পাৰে ৷ এনে পৰিস্থিতিত হাৰ্ট এটাক হ’ব পাৰে৷

৩) ক’ৰ’নাৰী ধমনীত স্পাম-

বিশেষজ্ঞসকলে কয় যে হঠাতে স্পাজম হ’লে ধমনীবোৰ সংকীৰ্ণ বা সাময়িকভাৱে বন্ধ হৈ যাব পাৰে ৷ ইয়াৰ আটাইতকৈ সাধাৰণ লক্ষণ হ’ল বুকুৰ বিষ ৷

এই কাৰণসমূহেও হাৰ্ট এটাকৰ সৃষ্টি কৰিব পাৰে-

  • পৰিয়ালত হৃদৰোগৰ সমস্যা থাকিলে
  • দুৰ্বল খাদ্যাভ্যাস, ব্যায়ামৰ অভাৱ আৰু ধূমপান
  • ডায়েবেটিছ, উচ্চ ৰক্তচাপ আৰু মেদবহুলতাৰ দৰে সমস্যা
  • চাপ

হাৰ্ট এটাকৰ পিছত কি কৰিব ?

১) চিকিৎসকৰ পৰামৰ্শ মানি চলক-

হাৰ্ট এটাকৰ পিছত ঔষধ আৰু জীৱনশৈলীৰ পৰিৱৰ্তন সম্পৰ্কে চিকিৎসকৰ পৰামৰ্শ মানি চলক ৷

২) স্বাস্থ্যকৰ খাদ্য-

হাৰ্ট এটাকৰ পৰা সুস্থ হোৱাৰ পিছত স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক, য’ত ফলমূল, শাক-পাচলি, গোটা শস্য আৰু প্ৰ’টিন আদি থাকে ৷

৩) নিয়মিত ব্যায়াম-

হাৰ্ট এটাকৰ পিছত ব্যায়াম বন্ধ নকৰিব ৷ হৃদযন্ত্ৰ শক্তিশালী কৰিবলৈ কিছুমান ব্যায়ামৰ বিষয়ে চিকিৎসক আৰু ফিটনেছ বিশেষজ্ঞক সুধিব পাৰে ৷

৪) নিৰীক্ষণ কৰি থাকিব-

আপোনাৰ ৰক্তচাপ আৰু কলেষ্টেৰলৰ মাত্ৰা নিৰীক্ষণ কৰক ৷ যদি ই আপোনাক অলপ আমনি কৰে তেন্তে চিকিৎসকৰ লগত কথা পাতক ৷

হাৰ্ট এটাকৰ পিছত কি কৰিব নালাগে ?

১) লক্ষণবোৰক আওকাণ নকৰিব

যদি আপুনি বুকুৰ বিষ, উশাহ লোৱাত কষ্ট বা আন সতৰ্কবাণীৰ লক্ষণ অনুভৱ কৰিছে তেন্তে ইয়াক সহজভাৱে ল’ব নালাগে ৷ সকলো এৰি সোনকালে ডাক্তৰৰ ওচৰলৈ যাওক ৷

২) ধূমপানৰ পৰা আঁতৰি থাকক-

যদি আপুনি ধূমপান কৰাৰ অভ্যাস আছে তেন্তে ইয়াক এৰি দিবলৈ চেষ্টা কৰক আৰু লগতে ধূমপানৰ সংস্পৰ্শলৈ অহাৰ পৰা বিৰত থাকক ৷ বিশেষজ্ঞসকলে কয় যে ধূমপানে হৃদযন্ত্ৰৰ অন্যান্য সমস্যাৰ সম্ভাৱনা বৃদ্ধি কৰে ৷

৩) সুৰাৰ পৰা আঁতৰি থাকক-

যদি আপুনি প্ৰতিদিনে কামৰ পিছত সুৰাপান খাবলৈ ভাল পায় তেন্তে আজি নিজেই বন্ধ কৰক ৷ মদ্যপান সীমিত কৰক, কিয়নো অত্যধিক মদ্যপানে আপোনাৰ হৃদযন্ত্ৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে ৷

৪) মানসিক চাপ ল’ব নালাগে-

মানসিক চাপে কেৱল আপোনাৰ মানসিক স্বাস্থ্যই নহয়, আপোনাৰ হৃদযন্ত্ৰৰ ওপৰতো প্ৰভাৱ পেলায় ৷ আপোনাৰ মানসিক চাপৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ ধ্যান বা যোগাসন কৰক ৷

লগতে পঢ়ক: কেৰালাত ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ মৃত্যু, সতৰ্ক হ’বলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

Last Updated :Dec 19, 2023, 2:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.