ETV Bharat / bharat

কেৰালাত ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ মৃত্যু, সতৰ্ক হ’বলৈ ৰাজ্যসমূহক নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

author img

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 10:14 AM IST

New covid outbreak in Kerala
কেৰালাত ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত ৰোগীৰ মৃত্যু

ক’ভিডৰ নতুন প্ৰকৰণত আক্ৰান্ত হৈ কেৰালাত (Kerala) মৃত্যু হৈছে এগৰাকী মহিলাৰ (COVID Sub-Variant JN.1) ৷ এই ঘটনাৰ পিচতে ৰাজ্যসমূহলৈ কঠোৰ নিৰ্দেশনা প্ৰেৰণ কৰিছে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে (Ministry of Health and Family Welfare) ৷ আনহাতে, 60 বছৰ উৰ্ধ্বৰ ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে কৰ্ণাটক চৰকাৰে (Karnataka Government)৷

নিউজ ডেস্ক, 19 ডিচেম্বৰ : ক’ভিডৰ নতুন প্ৰকৰণক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ ৷ উল্লেখ্য যে, ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ত আক্ৰান্ত হৈ কেৰালাত এজন ৰোগীৰ মৃত্যু হৈছে ৷ 8 ডিচেম্বৰতে কেৰালাত চিনাক্ত কৰা হৈছিল জে এন 1ত আক্ৰান্ত ৰোগীকজনক ৷ ইয়াৰ পূৰ্বে, তামিলনাডুৰ তিৰুচিৰাপল্লী জিলাত ছিংগাপুৰৰ পৰা অহা এজন লোকৰ শৰীৰত জে এন 1ৰ উপস্থিত ধৰা পৰিছিল ৷ এই ঘটনাৰ পাচতে যাতে ক’ভিডৰ নতুন প্ৰকৰণ অধিক সংক্ৰমিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কেতবোৰ ক’ভিড নতুন নীতি নিয়ম জাৰি কৰিছে প্ৰশাসনে ৷ কেন্দ্ৰীয় চৰকাৰেও ৰাজ্যসমূহক সতৰ্ক হ’বলৈ নিৰ্দেশ দিছে ৷

এই ক্ষেত্ৰত কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে নিৰ্দেশনা অনুসৰি, ক’ভিড 19ৰ বাবে সংশোধিত নিৰীক্ষণ নীতিৰ পালন কৰাটো ৰাজ্যখনত বাধ্যতামূলক কৰিবলৈ নিৰ্দেশ দিয়া হৈছে ৷ ইফালে জ্বৰ বা সংক্ৰমণজনিত কাৰণত হ’ব পৰা ৰোগসমূহ চিনাক্ত, শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীৰ নিৰীক্ষণ আৰু পৰীক্ষা কৰিবলৈ জিলা স্বাস্থ্য বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে ৷

আনহাতে, ক’ভিড পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সামগ্ৰী যাতে পৰ্যাপ্ত পৰিমাণে লাভ কৰে তাৰ ব্যৱস্থা কৰিবলৈও ৰাজ্যৰ স্বাস্থ্য বিষয়াসকলক কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহলৈ নিৰ্দেশ প্ৰদান কৰিছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ চমুকৈ আই চি এম আৰৰ এজন জ্যেষ্ঠ বিষয়াই কয় যে, ভাৰতীয় এছ এ আৰ এছ-চি অ' ভি 2 জিনোমিক্স কনচৰ্টিয়ামৰ চলিত নিয়মীয়া নিৰীক্ষণ কাৰ্যকলাপৰ অংশ হিচাপে কেৰালাৰ এগৰাকী 79 বছৰীয়া মহিলাৰ শৰীৰত ক’ভিড 19ৰ পৰীক্ষা কৰা হৈছিল ৷ তেতিয়াই ক’ভিডৰ নতুন প্ৰকৰণ জে এন 1ৰ উপস্থিতি ধৰা পৰিছিল মহিলাগৰাকীৰ শৰীৰত ৷

ইফালে কেৰালাত ক’ভিডৰ নতুন প্ৰকৰণত এগৰাকী ৰোগী মৃত্যু হোৱাৰ পাচতে কৰ্ণাটকতো সতৰ্কতা জাৰি কৰিছে ৰাজ্য চৰকাৰে ৷ সেই সৰ্তকতাৰ অংশ স্বৰূপে 60 বছৰ উৰ্ধ্বৰ ব্যক্তিক মাস্ক পৰিধান কৰাতো বাধ্যতামূল কৰিছে চৰকাৰে ৷

লগতে পঢ়ক : জ্ঞানবাপী মছজিদ গোচৰৰ আজি শুনানী গ্ৰহণ কৰিব এলাহাবাদ উচ্চ ন্যায়ালয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.