ETV Bharat / sukhibhava

Navratri 2023: যদি মা দুৰ্গাৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে, তেন্তে এই নিয়মৰে পালন কৰক নৱৰাত্ৰি ব্ৰত

author img

By ETV Bharat Assamese Team

Published : Oct 15, 2023, 11:57 AM IST

Navratri fasting rules 2023: Dos and don'ts to follow during of fasting
নৱৰাত্ৰিৰ ব্ৰতৰ নিয়ম

শাৰদীয় নৱৰাত্ৰিৰ সময়ত ৯ দিন ব্ৰত পালন কৰি দেৱী দুৰ্গাক সন্তুষ্ট কৰা হয় । ইয়াৰ দ্বাৰা দেহ, মন আৰু আত্মা শুদ্ধ হয় আৰু মা দুৰ্গাৰ বিশেষ আশীৰ্বাদ পোৱা যায় বুলি বিশ্বাস কৰা হয় ৷ কিন্তু উপবাস পালন কৰাৰ সময়ত কিছুমান নিয়ম মানি চলিব লাগে ৷ কি সেই নিয়মবোৰ জানি লওক ৷

আজিৰে পৰা আৰম্ভ হৈছে হিন্দু ধৰ্মৰ অন্যতম বৃহৎ উৎসৱ শাৰদীয় নৱৰাত্ৰি । মা দুৰ্গাক অতি আড়ম্বৰেৰে ঘৰত আদৰণি জনাইছে ভক্তই । ইফালে বৰ্তমান মা দুৰ্গাৰ পূজা-অৰ্চনাত ব্যস্ত হৈ পৰিছে সকলো ৷ বিশ্বাস কৰা হয় যে নৱৰাত্ৰিৰ ৯ দিনলৈ মা দুৰ্গা পৃথিৱীলৈ আহে আৰু প্ৰতিখন ঘৰতে বাস কৰে । সেয়ে এই সময়চোৱাত ৯ দিন অতি শ্ৰদ্ধাৰে মা দুৰ্গাৰ ৯ টা ভিন্ন ৰূপৰ পূজা কৰা হয় আৰু শেষৰ দিনা বিজয়া দশমীৰ দিনা বিদায় দিয়া হয় মা দুৰ্গাক । এইবাৰ নৱৰাত্ৰি ১৫ অক্টোবৰৰ পৰা অৰ্থাৎ আজিৰে পৰা আৰম্ভ হৈছে আৰু ২৪ অক্টোবৰলৈকে চলিব ।

বহু ভক্তই নৱৰাত্ৰিৰ ৯ দিন ব্ৰত পালন কৰি কেৱল ফলাহাৰ আহাৰ সেৱন কৰে । নৱৰাত্ৰিৰ ৯ দিনত ব্ৰত ৰখাৰ বিশেষ গুৰুত্ব আছে । বিশ্বাস কৰা হয় যে ব্ৰত ৰাখিলে মা দুৰ্গা সন্তুষ্ট হয় আৰু বিশেষ আশীৰ্বাদ লাভ কৰে ভক্তই । ইয়াৰ দ্বাৰা শৰীৰ, মন আৰু আত্মাও শুদ্ধ হয় । শাৰদীয় নৱৰাত্ৰিৰ সময়ত কিছুমান নিয়মৰ কথা উল্লেখ কৰা হৈছে, যিবোৰ পালন কৰাটো অতি প্ৰয়োজনীয় । যদি আপুনি প্ৰথমবাৰৰ বাবে নৱৰাত্ৰিৰ ব্ৰত পালন কৰিছে তেন্তে এই নিয়মবোৰৰ বিশেষ যত্ন লওক, নহ’লে আপোনাৰ ব্ৰত আধৰুৱা হৈ থাকিব পাৰে ।

এই নিয়মবোৰ মনত ৰাখিব

  • নৱৰাত্ৰিৰ ৯ দিন কেৱল সিদ্ধ আহাৰ খাব লাগে । উপবাস পালন কৰা লোকসকলে ভুলতো ঘেঁহু, চাউলৰ দৰে নিয়মীয়া খাদ্যশস্য সেৱন কৰিব নালাগে । এই সময়চোৱাত আলু, শুকান ফল, বিলাহী, বাদাম আদিৰ পৰা তৈয়াৰী বস্তু সেৱন কৰিব পাৰি ।
  • এই সময়চোৱাত ঘৰ চাফাৰ ক্ষেত্ৰত বিশেষ যত্ন লওক, কাৰণ নৱৰাত্ৰিৰ ৯ দিন মা দুৰ্গা ঘৰত বাস কৰে । পুৱা সোনকালে উঠি গা ধুব লাগে আৰু ৯ দিন পৰিষ্কাৰ কাপোৰ পৰিধান কৰিব লাগে।
  • এই ৯ দিনত চুলি আৰু নখ কটাও নিষিদ্ধ । এনে কৰিলে মা দুৰ্গাৰ খং উঠিব পাৰে বুলি বিশ্বাস কৰা হয় ।
  • মা দুৰ্গাৰ পূজাৰ সময়ত মনত ৰাখিব যে তেওঁক কেৱল ৰঙা ফুল হে আগবঢ়াব । এই কথাত মা দুৰ্গা সন্তুষ্ট হ’ব আৰু তেওঁৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰিব । এই সময়চোৱাত মা দুৰ্গাক শৃংগাৰ কৰা সামগ্ৰী আগবঢ়োৱাটোও অতি শুভ বুলি গণ্য কৰা হয় ।
  • নৱৰাত্ৰিৰ প্ৰথম দিনা শুভ সময়ত কলহ প্ৰতিষ্ঠা কৰি ব্ৰতৰ প্ৰতিজ্ঞা গ্ৰহণ কৰক । সম্পূৰ্ণ ৯ দিন দেৱী দুৰ্গাক পূজা কৰি পুৱা আৰু গধূলি আৰতি কৰক ।
  • এই সময়ছোৱাত ভুলতো নহৰু পিয়াঁজ সেৱন নকৰিব ৷ যিমান পাৰে মনটো শান্ত কৰি ৰাখিব লাগে । কাৰো ওপৰত খং নকৰিব আৰু কাকো কটু শব্দ নক’ব ৷

লগতে পঢ়ক: Durga Puja 2023: এই ঠাইসমূহত অতি ধুমধামেৰে পালন কৰা হয় দুৰ্গা পূজা; এবাৰ হ’লেও কৰক ভ্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.