ETV Bharat / sukhibhava

Durga Puja 2023: এই ঠাইসমূহত অতি ধুমধামেৰে পালন কৰা হয় দুৰ্গা পূজা; এবাৰ হ’লেও কৰক ভ্ৰমণ

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 4:20 PM IST

Different celebrations of Navratri can be seen in these cities, you should also plan to visit
এই ঠাইসমূহত অতি ধুমধামেৰে পালন কৰা হয় দুৰ্গা পূজা; এবাৰ হ’লেও কৰক ভ্ৰমণ

১৪ অক্টোবৰ অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হ’ব নৱৰাত্ৰি । এই উৎসৱৰ হিন্দু ধৰ্মত বিশেষ তাৎপৰ্য আছে । এই উৎসৱ প্ৰতিখন চহৰতে অতি আড়ম্বপূৰ্ণভাৱে পালন কৰা হয় যদিও দেশৰ কিছুমান চহৰত দুৰ্গা পূজাৰ এক সুকীয়া ঐতিহ্য দেখা যায় । গতিকে ভাৰতৰ এই বিখ্যাত ঠাইবোৰৰ বিষয়ে জানি লওক ।

সমগ্ৰ দেশতে উলহ-মালহেৰে পালন কৰা হয় দুৰ্গা পূজা ৷ প্ৰতিখন ঠাইৰ সৌন্দৰ্য্য এই উৎসৱত চাবলগীয়া ৷ মাত্ৰ কেইদিনমানৰ পিছতে আৰম্ভ হ’ব এই উৎসৱ ৷ এই উৎসৱৰ বাবে জনসাধাৰণে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে ৷ এই উৎসৱ ৯ দিন পালন কৰা হয় ৷ এইবাৰ এই উৎসৱ ১৪ অক্টোবৰ অৰ্থাৎ শনিবাৰৰ পৰা আৰম্ভ হ’ব ৷

যদিও দেশৰ চুকে-কোণে নৱৰাত্ৰি উৎসৱ অতি উৎসাহেৰে পালন কৰা হয়, কিন্তু দেশৰ কিছুমান চহৰত দুৰ্গা পূজাৰ দৃশ্য আচৰিত ৷ যদি আপুনি নৱৰাত্ৰিৰ সময়ত ভ্ৰমণ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে এই ঠাইসমূহত আপুনি দুৰ্গা পূজাৰ চোৱাৰ আমেজ ল’ব পাৰিব ৷

  • কলকাতা

দুৰ্গা পূজা আৰু কলকাতা চহৰৰ মাজত এক অতি গভীৰ সংযোগ আছে ৷ ইয়াত দুৰ্গা পূজা অতি আড়ম্বৰেপূৰ্ণভাৱে পালন কৰা হয় ৷ কলকাতাৰ দুৰ্গা পূজা কেৱল দেশতে নহয় বিদেশতো বিখ্যাত ৷ দুৰ্গা পূজা উদযাপনৰ সময়ত ঠায়ে ঠায়ে অতি ধুনীয়া পেণ্ডেল দেখা যায় ৷ ইয়াত প্ৰতি বছৰে নতুন থিম লৈ দুৰ্গা পূজাৰ আয়োজন কৰা হয় ৷ এই উৎসৱৰ সময়ত মহিলাসকলে একেলগে সেন্দুৰ খেলা কৰে, ইয়াত এক বেলেগ ধৰণৰ সৌন্দয্যতা দেখা যায় ৷

  • অসম

কলকাতাৰ দৰে অসমতো দুৰ্গা পূজা অতি আড়ম্বৰেপূৰ্ণভাৱে পালন কৰা হয় ৷ এই সময়ত ঠায়ে ঠায়ে আটকধুনীয়া মণ্ডপ দেখিবলৈ পোৱা যায় ৷ লগতে বিভিন্ন থিমত বিভিন্ন ধৰণে মূৰ্তিসমূহ তৈয়াৰ কৰা হয় ৷ ষষ্ঠীৰ পৰা সপ্তমীলৈকে অসমৰ ভিন্ন প্ৰান্তত দুৰ্গা পূজা এক উচাহ দেখিবলৈ পোৱা যায় ৷

  • মুম্বাই

মুম্বাইৰ আন আন উৎসৱৰ দৰে দুৰ্গা পূজাও অতি আড়ম্বৰেপূৰ্ণভাৱে পালন কৰা হয় ৷ এই পূজাত বলীউডৰ চেলিব্ৰিটিসকলেও অংশগ্ৰহণ কৰে ৷ যদি আপুনি দুৰ্গা পূজাৰ এক বৃহৎ মণ্ডপ চাব বিচাৰে তেন্তে মুম্বাই আপোনাৰ বাবে এক উত্তম বিকল্প হ’ব পাৰে ৷

  • দিল্লী

দেশৰ ৰাজধানী দিল্লীত প্ৰতিটো উৎসৱ অতি আড়ম্বৰেপূৰ্ণভাৱে পালন কৰা হয় ৷ ইয়াত ভিন্ন ৰাজ্যৰ লোকে বাস কৰে ৷ যদি আপুনি বঙালী সংস্কৃতি চাব বিচাৰে তেন্তে দুৰ্গা পূজাৰ সময়ত নিশ্চয় দিল্লী ভ্ৰমণ কৰক ৷ ইয়াত বঙালী খাদ্যৰ সোৱাদো আপুনি উপভোগ কৰিব পাৰিব ৷ ইয়াৰ উপৰিও দছেৰাৰ দিনা দিল্লীৰ বিখ্যাত ৰামলীলা ময়দানতো চাব পাৰিব, য’ত সেইদিনা ৰাৱণৰ বিশাল প্ৰতিমূৰ্তি দাহ কৰা হয় ৷

  • বেনাৰস

নৱৰাত্ৰিৰ সময়ত বেনাৰসৰ সৌন্দৰ্য সঁচাকৈ চাবলগীয়া৷ দুৰ্গা পূজাৰ সময়ত ইয়াৰ পৰিবেশ সম্পূৰ্ণ বেলেগ হৈ উছে৷ ইয়াত আপুনি ৰাম, সীতা, লক্ষ্মণ আৰু হনুমানৰ অৱতাৰত সৰু সৰু ল’ৰা-ছোৱালীক দেখা পাব, যি দেখাত অতি আকৰ্ষণীয় ৷

  • মহীশূৰ

দুৰ্গা পূজা চাবলৈ ইয়ালৈ বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা বহু দৰ্শনাৰ্থী আহে ৷ নৱৰাত্ৰিৰ সময়ত মহীশূৰ প্ৰাসাদৰ সৌন্দৰ্য্য চাবলগীয়া ৷ এই সময়ছোৱাত চহৰখনক সাইলাখ ৰজাৰ দৰবাৰৰ দৰে সজাই তোলা হয় ৷ ইয়াত চামুণ্ডেশ্বৰী মন্দিৰত মা দুৰ্গা দেৱীৰ ভব্য পূজা চাব পাৰিব ৷

লগতে পঢ়ক: Ritual of Mahalaya: পিতৃদোষ কি ? মহালয়াৰ দিনা কিয় পিতৃপুৰুষক স্মৰণ কৰা হয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.