ETV Bharat / sukhibhava

Muskmelon Benefits: এই ৫বিধ ৰোগৰ পৰা সকাহ দিব ভিটামিন চি সমৃদ্ধ চিৰালে

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 5:13 PM IST

আমাৰ বহু লোকেই গ্ৰীষ্মকালত চিৰাল খাবলৈ ভাল পায়, কিন্তু আপুনি জানেনে যে ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰৰ কেনেধৰণৰ উপকাৰিতা সাধন হয় ৷
Muskmelon rich in Vitamin C will provide relief from these 5 diseases
এই ৫বিধ ৰোগৰ পৰা সকাহ দিব ভিটামিন চি সমৃদ্ধ চিৰালে

চিৰাল গ্ৰীষ্মকালত গ্ৰহণ কৰা এবিধ অতি সোৱাদযুক্ত ফল, স্বাস্থ্যৰ ক্ষেত্ৰতো ই আপোনাৰ বাবে বহু দিশত উপকাৰী ৷ ভিটামিন ‘চি’ৰ পৰিমাণ বেছি হোৱাৰ বাবে ই আপোনাক ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াতো সহায় কৰিব পাৰে ৷ যদিও ই গ্ৰীষ্মকালতেই অধিক উপলব্ধ হয় ৷

চিৰাল খোৱাৰ ৫টা উপকাৰিতা

১/ মেদবহুলতা হ্ৰাস কৰা

তৰমুজৰ দৰে চিৰালতো পানী আৰু আঁহৰ পৰিমাণ যথেষ্ট বেছি থাকে আৰু ইয়াত চৰ্বি একেবাৰেই নাথাকে ৷ চিৰাল খোৱাৰ পিছত পেটটো বহু সময়লৈকে ভৰি থকা যেন অনুভৱ হয় ৷ যাৰ ফলত আপুনি বিয়লিৰ ভজা খাদ্য বা অস্বাস্থ্যকৰ কিবা খাদ্য খাই অপ্ৰয়োজনীয়ভাৱে কেলৰি সেৱন কৰাৰ পৰা বিৰত থাকে ৷ ইয়াৰ ফলত আপোনাৰ ওজন নিয়ন্ত্ৰণত থাকে আৰু মেদবহুলতাৰ কোনো সমস্যা নহয় ৷

২/ দৃষ্টিশক্তি বৃদ্ধি পাব

গাজৰৰ দৰে চিৰালতো বিটা-কেৰটিন পোৱা যায়, চিৰালত বিটা-কেৰটিন থকা বাবে ই আমাৰ চকুৰ বাবে অতি উপকাৰী, গতিকে গ্ৰীষ্মকালত চিৰাল খাব যাতে আপোনাৰ দৃষ্টিশক্তি আৰু অধিক তীক্ষ্ণ হয় ৷

৩/ ৰক্তচাপ নিয়ন্ত্ৰণত থাকিব

উচ্চ ৰক্তচাপ অৰ্থাৎ উচ্চ ৰক্তচাপ ৰোগীৰ বাবেও চিৰাল এক উপকাৰী ফল ৷ চিৰালত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে, যিয়ে ৰক্তবাহী নলী শিথিল আৰু প্ৰসাৰিত কৰাত সহায় কৰে, যিয়ে ৰক্তচাপ নিয়ন্ত্ৰণত সহায় কৰে ৷ ইয়াৰ লগতে ৰক্তবাহী নলীত তেজৰ সঞ্চালনো উন্নত হয় ৷

৪/ চৰ্দি আৰু কাহৰ পৰা সকাহ

বতৰৰ পৰিৱৰ্তন হোৱাৰ লগে লগেই বহু লোকৰ চৰ্দি-কাহ আৰু নাক বন্ধ হোৱাৰ দৰে সমস্যাই দেখা দিয়ে ৷ এনে পৰিস্থিতিত চিৰাল খালে অতিৰিক্ত কফৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰি, যাৰ ফলত চৰ্দি আৰু কাহৰ পৰা বহু পৰিমাণে সকাহ পাব পৰা যায় ৷ ইচ্ছা কৰিলে চিৰাল গুটি চালাড বা দৈত মিহলাইও খাব পাৰে ৷ ইয়াৰ উপৰিও বহু দিশত উপকাৰী ৷

৫/ মানসিক চাপ দূৰ কৰাত লাভদায়ক

চিৰালত থকা পটাছিয়ামে মগজুত অক্সিজেনৰ প্ৰবাহ বৃদ্ধি কৰাত সহায় কৰে ৷ যেতিয়া পৰ্যাপ্ত পৰিমাণৰ তেজ মগজুত পৰে তেতিয়া মনটো শান্ত হৈ থাকে আৰু মানসিক চাপো কমি যায় ৷ ভিটামিন চিৰ পৰিমাণ বেছি হোৱাৰ বাবে চিৰালে শ্বেত ৰক্তকণিকা গঠন বৃদ্ধি কৰাত সহায় কৰে, যাৰ ফলত শৰীৰে বিভিন্ন ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা লাভ কৰে ৷

লগতে পঢ়ক: Eye Health: তীক্ষ্ণ দৃষ্টিশক্তিৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.