ETV Bharat / sukhibhava

Eye Health: তীক্ষ্ণ দৃষ্টিশক্তিৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

author img

By ETV Bharat Assamese Team

Published : Sep 2, 2023, 4:36 PM IST

আপুনি জানেনে যে কিছুমান খাদ্য খাই প্ৰাকৃতিকভাৱে দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে ৷ দৃষ্টিশক্তি বৃদ্ধি কৰা এই খাদ্যসমূহৰ বিষয়ে আজি জানো আহক-

Include these foods in your diet today for good eye health
তীক্ষ্ণ দৃষ্টিশক্তিৰ বাবে আজিয়েই খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য

আমি আমাৰ চকুযুঁৰিৰেই এই সুন্দৰ পৃথিৱীখন চাব পাৰিছো ৷ কিন্তু ইয়াৰো মুল্যবোধ বহু কম সংখ্যক লোকেহে কৰে ৷ সঠিক খাদ্যৰ দ্বাৰা আমি আমাৰ চকুৰ যত্ন ল’ব পাৰো ৷ চকু আমাৰ শৰীৰৰ আটাইতকৈ সূক্ষ্ম অংশ ৷ যদি চকুৰ সঠিক যত্ন লোৱা নহয়, তেনেহ’লে দৃষ্টিশক্তি হ্ৰাস হৈ আপুনি চশমাৰ ওপৰত ভৰষা কৰিবলগীয়া হ'ব পাৰে ৷

সম্প্ৰতি, অধিকাংশ লোকেই ম'বাইল, টিভি আৰু লেপটপত অধিক সময় অতিবাহিত কৰে ৷ যি হৈছে চকু দুৰ্বল হোৱাৰ মূখ্য কাৰণ ৷ চকুৰ জ্বলা-পোৰা, সঘনাই চকুপানী ওলোৱা, মূৰৰ বিষ আদি হৈছে চকু দুৰ্বল হোৱাৰ মূল লক্ষণ ৷ যদি আপুনি এই লক্ষণবোৰৰ যিকোনো এটা অনুভৱ কৰে, লগে লগে চিকিৎসকৰ পৰামৰ্শ ল'ব ৷ একে সময়তে, আপুনি কিছুমান খাদ্য খাই প্ৰাকৃতিক ভাৱে দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে ৷ দৃষ্টিশক্তি বৃদ্ধি কৰা এই খাদ্যসমূহৰ বিষয়ে আজি জানো আহক-

কাঠবাদাম, মিঠা আলু

ৰাতিপুৱা উঠি খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাৰ অভ্যাস কৰক ৷আনহাতে, সন্ধিয়া মিঠা আলু খাব ৷ এই দুয়োবিধেই আপোনাৰ খাদ্য তালিকাত অন্তৰ্ভূক্ত কৰি আপুনি আপোনাৰ দৃষ্টিশক্তি বৃদ্ধি কৰিব পাৰে ৷

কমলা, গাজৰৰ ৰস

কমলা আৰু গাজৰৰ ৰস চকুৰ বাবে যথেষ্ট উপকাৰী ৷ খোৱাৰ পিছত বা যিকোনো সময়তে ১ টা কমলা আৰু গাজৰ খোৱাৰ ফলত দৃষ্টিশক্তি বৃদ্ধি হয় ৷সেয়েহে পাৰিলে সদায় এই খাদ্য গ্ৰহণ কৰাৰ অভ্যাস কৰক ৷

মেথিগুটি

ৰাতিপুৱা খালী পেটত মেথিগুটিৰ পানী খাই আপুনি চশমাৰ পৰা দূৰত থাকিব পাৰে ৷ইয়াৰ বাবে ৰাতি পানীত মেথিগুটি তিয়াই পূৱা খাব ৷

পালেং শাক

পালেং শাকৰ পুষ্টিকৰ গুণৰ বিষয়ে হয়তো পুনৰ কোৱাৰ প্ৰয়োজন নাই ৷পালেঙত আইৰণ, জিংক, ভিটামিন এ, চি আৰু কে থাকে, যি দৃষ্টিশক্তি বৃদ্ধি কৰাত সহায়ক ৷ সেয়েহে চকুৰ লগতে সুস্বাস্থ্যৰ বাবে পালেং ঘনাই খাব ৷

লগতে পঢ়ক: Summer Health Tips: গৰমৰ বাবে হ’ব পাৰে ডায়েৰিয়া-পাচনতন্ত্ৰৰ ক্ষতি; এই ক্ষেত্ৰত কি কৰা উচিত

লগতে পঢ়ক: How to Strengthen Your Knees: মাধুৰী দীক্ষিতৰ স্বামী ড৹ নেনেয়ে দিলে আঁঠু শক্তিশালী কৰাৰ এই উপায়, আপুনিও কৰক অনুসৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.