ETV Bharat / sukhibhava

Summer Health Tips: গৰমৰ বাবে হ’ব পাৰে ডায়েৰিয়া-পাচনতন্ত্ৰৰ ক্ষতি; এই ক্ষেত্ৰত কি কৰা উচিত

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 6:25 PM IST

গ্ৰীষ্মকাল অহাৰ লগে লগে এই খাদ্যবোৰ শিশুসকলক খোৱাটো বন্ধ কৰি দিয়াটো দৰকাৰী ৷গ্ৰীষ্ম কালত শিশুক কি কিখাদ্যৰ পৰা দূৰত ৰাখিব লাগে, সেই সম্পৰ্কে আজি জানো আহক-

How the Summer Heat Can Affect Digestive Health Issues
গৰমৰ বাবে হ’ব পাৰে ডায়েৰিয়া-পাচনতন্ত্ৰৰ ক্ষতি; এই ক্ষেত্ৰত কি কৰা উচিত

বতৰৰ পৰিৱৰ্তনৰ বাবে ডাঙৰ-সৰু সকলোয়েই অসুস্থ হৈ পৰে ৷ বিশেষকৈ গৰমৰ দিনকেইটাই শিশুৰ স্বাস্থ্যক বাৰুকৈয়ে প্ৰভাৱিত কৰে ৷ সেয়েহে পৰিৱৰ্তনশীল বতৰৰ সৈতে আমি শিশুৰ আহাৰতো কেতবোৰ পৰিৱৰ্তন কৰাটো জৰুৰী ৷ শিশুসকলক শীতকালত শৰীৰটো গৰম কৰি ৰাখিবলৈ খাদ্যৰ বিশেষ যত্ন লোৱা হয় ৷ কিন্তু গ্ৰীষ্মকাল অহাৰ লগে লগে এই খাদ্যবোৰ শিশুসকলক খোৱাটো বন্ধ কৰি দিয়াটো দৰকাৰী ৷ গ্ৰীষ্ম কালত শিশুক কি কিখাদ্যৰ পৰা দূৰত ৰাখিব লাগে, সেই সম্পৰ্কে আজি জানো আহক-

কণী

কণীয়ে শৰীৰ গৰম কৰি ৰাখে ৷ যাৰ বাবে গ্ৰীষ্মকালত কণী খোৱাটো যিমান পাৰে হ্ৰাস কৰিব লাগে ৷ কণীক শিশুৰ খাদ্য তালিকাৰ পৰা সম্পূৰ্ণৰুপে বাদ দিব নোৱাৰি ৷ সেয়েহে নিয়মীয়াকৈ শিশুক কণী খুওৱাটো আপুনি পৰিহাৰ কৰিব পাৰে ৷

মুৰ্গীৰ মাংস

কণীৰ দৰেই গ্ৰীষ্ম কালত মুৰ্গীৰ মাংস খোৱাটোও শিশুৰ স্বাস্থ্যৰ পক্ষে উচিত নহয় ৷ ই পাচন তন্ত্ৰক প্ৰভাৱিত কৰে ৷ যাৰ ফলত শিশুটো ডায়েৰিয়াত আক্ৰান্ত হোৱাৰ আশংকা বৃদ্ধি হয় ৷ আনহাতে, মুৰ্গীৰ মাংস বেছিকৈ খালে শৰীৰৰ পৰা অধিক ঘাম ওলায় আৰু শৰীৰ গৰমৰ প্ৰতি সংবেদনশীল হৈ পৰে ৷

মাছ

গ্ৰীষ্মকালত সামুদ্ৰিক খাদ্য খোৱাটোও শিশুসকলৰ বাবে উচিত নহয় ৷ অধিক মাছ খালে শৰীৰটো গৰম হৈ পৰে ৷ অৱশ্যে, চিকিৎসকৰ পৰামৰ্শ অনুসৰি মাছ আৰু অন্যান্য সামুদ্ৰিক খাদ্য কিছু পৰিমাণে তেওঁলোকৰ আহাৰত অন্তৰ্ভুক্ত কৰিব পাৰি ৷

মিঠাই

অত্যাধিক মিঠা খাদ্যই গ্ৰীষ্মকালত শিশুৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে ৷ শীতকালত শিশুসকলক প্ৰায়ে মিঠা খাদ্য খাবলৈ দিয়া হয়, কিন্তু গ্ৰীষ্মকালত ই ভাল বিকল্প নহয় ৷ ইয়াৰ বাহিৰেও এইকেইটা দিনত যিমান সম্ভৱ বাহিৰৰ খাদ্য তথা পেকেট-টেমাৰ খাদ্য খুৱাব নালাগে ৷

শিশুৰ খাদ্যত এইসমূহ অন্তৰ্ভুক্ত কৰক

এই ঋতুত যিমান সম্ভৱ শিশুৰ আহাৰত ফল আৰু পাচলি অন্তৰ্ভুক্ত কৰক ৷ ইয়াৰ বাহিৰেও, ফলৰ ৰস, গাখীৰৰ সামগ্ৰী যেনে বাটাৰমিল্ক আৰু দৈ আদি খুৱাব ৷ লগতে শিশুটোক ঘনাই পানী খাবলৈ দিব ৷

লগতে পঢ়ক: Kids and Health: সন্তানৰ সুস্বাস্থ্যৰ বাবে অভিভাৱকসকলে কৰক এই কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.