ETV Bharat / sukhibhava

ভাৰতত নতুনকৈ ৬০৫ গৰাকী Covidত আক্ৰান্ত, ৪ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 5:47 PM IST

India reports 605 new Covid cases, four deaths
ভাৰতত নতুনকৈ ৬০৫ গৰাকী Covidত আক্ৰান্ত, ৪ জনৰ মৃত্যু

Covid Update: কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে বুধবাৰে জনোৱা অনুসৰি বিগত ২৪ ঘন্টাত দেশত নতুনকৈ ৬০৫ জন Covid-19 আক্ৰান্ত আৰু হোৱাৰ বিপৰীতে ৪ জন লোকৰ মৃত্যু হৈছে ।

নিউজ ডেস্ক, 10 জানুৱাৰী: ভাৰতত নতুনকৈ ৬০৫ জন ক’ভিড আক্ৰান্ত হোৱাৰ বিপৰীতে সংক্ৰমণৰ সক্ৰিয় ৰোগীৰ সংখ্যা ৩,৬৪৩লৈ হ্ৰাস পোৱা বুলি স্বাস্থ্য মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে ৷ পুৱা ৮ বজাত আপডেট কৰা মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ২৪ ঘণ্টাৰ ভিতৰত কৰ্ণাটক আৰু কেৰালাৰ দুজনকৈ লোকৰ মৃত্যু হৈছে ৷

মঙলবাৰে কৰ্ণাটক, ছত্তীশগড় আৰু অসমৰ পৰা মুঠ ৬ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে ৷ ইফালে, সোমবাৰৰ ৩,৯১৯ জনৰ পৰা মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা আৰু অধিক হ্ৰাস পাই ৩,৬৪৩ জনলৈ হ্ৰাস পোৱা বুলি জানিব পৰা গৈছে ৷

বৰ্তমানলৈকে ভাৰতত, ২০২০ চনৰ জানুৱাৰী মাহত প্ৰাৰম্ভিক প্ৰাদুৰ্ভাৱৰ পিছৰে পৰা মুঠ কৰ’ ণা আক্ৰান্তৰ সংখ্যা ৪,৫০,১৯, ৮১৯ জনলৈ বৃদ্ধি পোৱাৰ বিপৰীতে সামগ্ৰিকভাৱে মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৪০৬ লৈ বৃদ্ধি পাইছে ৷

নতুন JN.1 উপ-ভেৰিয়েন্ট BA.2.86 বা Pirola নামেৰে জনাজাত Omicron উপ-ভেৰিয়েন্টৰ বংশধৰ, কেৰেলা হৈছে প্ৰথমখন ৰাজ্য য’তে কোনো এই ভাইৰাচত আক্ৰান্ত ৰোগী ধৰা পৰে ৷ এটা উদ্বেগজনক পৰিঘটনাত দেখা গৈছে যে অমাইক্ৰন ষ্ট্ৰেইনৰ JN.1 ভেৰিয়েন্টত আক্ৰান্তৰ সংখ্য়া মহাৰাষ্ট্ৰত দ্ৰুতগতিত ধৰা পৰিছে ৷

সূত্ৰ অনুসৰি, ৬ জানুৱাৰীলৈকে দেশৰ ১২খন ৰাজ্যৰ পৰা মুঠ ৬৮২জন জেএন.১ ৰোগী ধৰা পৰিছে ৷

২০২৩ চনৰ ৫ ডিচেম্বৰলৈকে দৈনিক ৰোগীৰ সংখ্যা দুটা সংখ্যালৈ হ্ৰাস পাইছিল যদিও নতুন ভিন্নতা আৰু ঠাণ্ডা বতৰৰ পৰিস্থিতিৰ উত্থানৰ পিছত ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে ৷ ৫ ডিচেম্বৰৰ পিছত ২০২৩ চনৰ ৩১ ডিচেম্বৰত ৮৪১ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে যিটো ২০২১ চনৰ মে’ মাহত ৰিপ’ৰ্ট হোৱা শীৰ্ষ ৰোগীৰ ০.২ শতাংশ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে ৷

লগতে পঢ়ক: দেশত নতুনকৈ ৬০৫জন ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.