ETV Bharat / sukhibhava

দেশত নতুনকৈ ৬০৫জন ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 4:48 PM IST

COVID in India
দেশত নতুনকৈ ৬০৫জন ক’ভিডত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪জনৰ মৃত্যু

COVID in India: চৰকাৰী তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘন্টাত ৬০৫ জন সতেজ ক’ভিড-১৯ আক্ৰান্ত ৰোগী ধৰা পৰাৰ বিপৰীতে পুনৰ ৪ জন লোকৰ মৃত্যু ঘটিছে । ইতিমধ্যে সক্ৰিয় ৰোগীৰ সংখ্যা ৪,০০২ লৈ বৃদ্ধি পোৱাৰ বিপৰীতে দেশৰ সামগ্ৰিকভাৱে ক’ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা ৪.৫ কোটিলৈ বৃ্দ্ধি পাইছে ।

নিউজ ডেস্ক, 8 জানুৱাৰী: বিগত 24 ঘন্টাত ভাৰতত নতুনকৈ ৬০৫ গৰাকী লোক ক’ভিডত আক্ৰান্ত হয় ৷ ইয়াৰ বিপৰীতে বৰ্তমান ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা ৪,০০২ গৰাকী ৷ পুৱা ৮ বজাত আপডেট কৰা মন্ত্ৰণালয়ে দিয়া তথ্য অনুসৰি বিগত ২৪ ঘণ্টাৰ ভিতৰত চাৰিজন লোকৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷ কেৰালাত দুজনকৈ আক্ৰান্ত হোৱা বিপৰীতে কৰ্ণাটক আৰু ত্ৰিপুৰাৰ পৰা এজনকৈ ক’ভিড আক্ৰান্ত ৰোগী ধৰা পৰিছে ৷

কেৰালাত ক্ৰনিক অব্ষ্ট্ৰাক্টিভ পালমোনাৰী ডিজিজ (COPD) ৰোগী ৭০ বছৰীয়া আৰু টি টু ডি এম আৰু এইচ টি এন ৰোগী ৮১ বছৰীয়া পুৰুষৰ লগতে কৰ্ণাটকত চি এ আৰু টি বি ৰোগত আক্ৰান্ত ৪৮ বছৰীয়া পুৰুষৰ মৃত্যু হোৱাৰ বিপৰীতে ত্ৰিপুৰাত ক’ভিডত আক্ৰান্ত হৈ এজন ব্যক্তিৰ ইতিমধ্যে মৃত্যু ঘটিছে ৷

২০২৩ চনৰ ৫ ডিচেম্বৰলৈকে দৈনিক ৰোগীৰ সংখ্যা দুটা সংখ্যালৈ হ্ৰাস পাইছিল যদিও নতুন ভেৰিয়েন্ট আৰু ঠাণ্ডা বতৰৰ পৰিস্থিতিৰ উত্থানৰ পিছত ৰোগীৰ সংখ্যা বৃদ্ধি দিনক দিনে বৃদ্ধি পাবলৈ ধৰিলে ৷

ইফালে, স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি ৭ জানুৱাৰীলৈকে ১২খন ৰাজ্যৰ পৰা ক’ভিড-১৯ৰ উপ-ভেৰিয়েণ্ট জেএন.১ৰ ৰোগীৰ সংখ্যা ৬৮২লৈ বৃদ্ধি পাইছে ৷ কৰ্ণাটকৰ পৰা ১৯৯ জন, কেৰালাৰ পৰা ১৪৮ জন, মহাৰাষ্ট্ৰৰ পৰা ১৩৯ জন, গোৱাৰ পৰা ৪৭ জন আক্ৰান্ত , গুজৰাটৰ ৩৬, অন্ধ্ৰ প্ৰদেশৰ ৩০, ৰাজস্থানৰ ৩০, তামিলনাডুৰ ২৬, দিল্লীৰ ২১, ওড়িশাৰ ৩, তেলেংগানাৰ দুজন আৰু হাৰিয়ানাৰ পৰা এজন লোক আক্ৰান্ত হৈছে ৷

ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদে অৰ্থাৎ (ICMR)ৰে প্ৰকাশ কৰা তথ্য অনুসৰি ৭ জানুৱাৰীলৈকে দেশত ১১,৮৩৮ টা ক’ভিডৰ ড’জ ভেকচিন প্ৰদান কৰা হৈছে ৷ ইফালে, এই তথ্যসমূহ সংহত ৰোগ চোৱাচিতা কাৰ্যসূচী (National Centre for Disease Control)ৰ পৰা সংগ্ৰহ কৰা হৈছে ৷

লগতে পঢ়ক: শৰীৰত এইসমূহ লক্ষণ দেখা দিলে সাৱধান হওক ! হ’ব পাৰে এয়া হাওঁফাওঁৰ সমস্য়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.