ETV Bharat / sukhibhava

নিতৌ এই সময়ত গ্ৰহণ কৰক খাদ্য আৰু হওক দীৰ্ঘায়ু: গৱেষণা

author img

By ETV Bharat Assamese Team

Published : Nov 21, 2023, 4:41 PM IST

দৈনন্দিন জীৱনত নিশা শুবলৈ যোৱাৰ পৰা আৰম্ভ কৰি পুৱা উঠালৈকে সঠিক সময়, ব্যায়াম আদি এনে কাম যিয়ে আমাক সুস্থ ৰখাত সহায় কৰে ৷ শেহতীয়াকৈ কৰা এক গৱেষণাত নিশাৰ আহাৰ গ্ৰহণ কৰাৰ সৈতে দীৰ্ঘায়ুৰ হোৱাৰ এক তথ্যৰ সন্ধান কৰা হৈছে ৷ জানো আহক এই গৱেষণাত সত্যতা কিমান ?

If you have dinner daily at this time, you will live a long life, research revealed
নিতৌ এই সময়ত গ্ৰহণ কৰক খাদ্য আৰু হওক দীৰ্ঘায়ু: গৱেষণা

সুস্থ আৰু দীৰ্ঘায়ু জীৱন যাপন কৰিবলৈ হ’লে সুষম খাদ্যৰ ৰুটিন মানি চলাটো অতি প্ৰয়োজনীয় ৷ য’ত টোপনিৰ ধৰণৰ পৰা আৰম্ভ কৰি দৈনিক ৱৰ্কআউট আৰু ভাল খাদ্যাভ্যাসলৈকে সকলো অন্তৰ্ভুক্ত ৷ একে সময়তে ব্যস্ততাৰে ভৰা এই জীৱনত মানুহে নিজৰ বাবে অতি কম সময় বিচাৰি উলিয়াবলৈ সক্ষম হৈছে ৷

ভাল খাদ্যাভ্যাসে আপোনাক বিভিন্ন ৰোগৰ পৰা আঁতৰাই ৰখাত সহায় কৰে, যাৰ ফলত আপুনি নিশ্চিতভাৱে সুস্থ আৰু দীৰ্ঘায়ু হ’ব পাৰে ৷ এই সন্দৰ্ভত শেহতীয়াকৈ কৰা এক গৱেষণাই প্ৰকাশ কৰিছে যে যদি আপুনি সোনকালে নিশাৰ আহাৰ গ্ৰহণ কৰে তেন্তে ই আপোনাৰ জীৱন দীঘলীয়া কৰাৰ এক অতি গুৰুত্বপূৰ্ণ কাৰক হ’ব পাৰে ৷

সুষম খাদ্য গ্ৰহণ কৰাৰ লগতে সম্পূৰ্ণ পুষ্টি লাভ কৰিবলৈ সঠিক আৰু নিৰ্দিষ্ট সময়ত খাদ্য খোৱাটোও গুৰুত্বপূৰ্ণ ৷ ল’একিলাৰ এক অধ্যয়নে দেখুৱাইছে যে নিশাৰ আহাৰ সোনকালে খোৱা আৰু বেলেগ স্বাস্থ্যকৰ্ম গ্ৰহণ কৰাটোৱে দীৰ্ঘায়ু বৃদ্ধিত ভূমিকা ল’ব পাৰে ৷ ফ্ৰন্টিয়াৰ্ছ ইন নিউট্ৰিচন জাৰ্নেলত প্ৰকাশিত এক অধ্যয়ন অনুসৰি নিশাৰ আহাৰ সোনকালে খোৱা আৰু সম্ভাৱ্যভাৱে দীৰ্ঘায়ু জীৱন যাপনৰ মাজত এক আকৰ্ষণীয় সম্পৰ্ক আৱিষ্কাৰ কৰা হৈছে ৷ গতিকে সন্ধিয়া কি সময়ত খাদ্য খোৱাটোৱে আপোনাৰ আয়ুস বৃদ্ধি কৰিব পাৰে জানো আহক-

সন্ধিয়াৰ সময়ত আহাৰ আৰু দীৰ্ঘায়ু হোৱাৰ সংযোগ

সন্ধিয়াৰ আহাৰ আৰু দীৰ্ঘায়ুৰ কাৰকসমূহ জানিবলৈ ইটালীৰ আব্ৰুজ্জো প্ৰদেশ ল’একিলাত বৃদ্ধ (৯০ৰ পৰা ৯৯ বছৰ বয়সৰ লোক)ৰ ওপৰত ভিত্তি কৰি গৱেষণা কৰা হৈছিল ৷ এই ঠাইৰ ৬৮ জন লোকৰ ওপৰত কৰা এই অধ্যয়নত তেওঁলোকৰ খাদ্যাভ্যাস, আচৰণ আৰু বিশেষকৈ তেওঁলোকৰ সন্ধিয়াৰ আহাৰ গ্ৰহণৰ সময় সম্পৰ্কে কিছুমান গুৰুত্বপূৰ্ণ কথা পোহৰলৈ আহিছে ৷

দীৰ্ঘায়ু হ’বলৈ কিমান বজাত গ্ৰহণ কৰিব নিশাৰ আহাৰ ?

গৱেষকসকলে কৰা এই গভীৰ অধ্যয়নত দেখা গৈছে যে দীৰ্ঘায়ু জীৱন যাপন কৰা বেছিভাগ মানুহেই এল আকুইলা সাধাৰণতে সন্ধিয়া ০৭ বা ০৭:১৩ বজাৰ ভিতৰত নিশাৰ আহাৰ খায় ৷ প্ৰায় ১৭.৫ ঘণ্টাৰ ব্যৱধান আছিল দুপৰীয়াৰ আহাৰ গ্ৰহণলৈকে যাতে কেলৰিৰ পৰিমাণ ভাৰসাম্যপূৰ্ণ হ’ব পাৰে ৷

এইবোৰ কাৰকৰ ওপৰত ভিত্তি কৰি গৱেষণাৰ ফলাফল পোৱা যায়

যদি আমি এই গৱেষণাত অংশগ্ৰহণ কৰা লোকসকলৰ খাদ্যাভ্যাসৰ কথা ক’বলৈ যাও, তেন্তে তেওঁলোকে খাদ্যত শস্য, ফল-মূল, শাক-পাচলি আৰু মাহজাতীয় শস্যৰ দৰে পুষ্টিকৰ উপাদান অন্তৰ্ভুক্ত কৰিছিল, আনহাতে ইয়াৰ বিপৰীতে তেওঁলোকে আমিষ খাদ্য, বহুদিনলৈ ৰাখিব পৰা মাংস কণী আৰু মিঠাই অতি কম পৰিমাণে অন্তৰ্ভুক্ত কৰিছিল ৷

গৱেষকসকলে কয় যে, আমাৰ অধ্যয়নৰ ফলাফল দৈনিক কেলৰি, শাৰীৰিক কাৰ্যকলাপ, বিপাকীয় ক্ৰিয়া আদি বিষয়ৰ ওপৰত নিৰ্ভৰশীল, যিবোৰ দীৰ্ঘায়ু জীৱন যাপনৰ বাবে গুৰুত্বপূৰ্ণ কাৰক ৷

লগতে পঢ়ক: কি হ’ব যদি আমি 72 ঘন্টা কেৱল ফল-মূলেই গ্ৰহণ কৰো ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.