ETV Bharat / sukhibhava

Health Tips: জিমলৈ যাবলৈ এলাহ লাগে নেকি ? তেন্তে বিচনাতে কৰক এই ৩ টা ব্যায়াম

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 5:08 PM IST

If you are lazy to go to the gym then do these 3 exercises on the bed, you will lose weight fast
জিমলৈ যাবলৈ এলাহ অনুভৱ হৈছে নেকি ? তেন্তে বিচনাতে কৰক এই ৩টা ব্যায়াম

ওজন কমাবলৈ আৰু হিষ্ট-পুষ্ট হৈ থাকিবলৈ শাৰীৰিক ৰুটিন মানি চলাটো গুৰুত্বপূৰ্ণ । কেতিয়াবা জিমলৈ যাবলৈও এলাহ অনুভৱ হয় । কিন্তু আপুনি জানেনে যে বিচনাত পৰি থকা অৱস্থাত কিছু ব্যায়াম কৰিলে পেটৰ চৰ্বি বা কেলৰি কম কৰিব পৰা যায় ।

জিম বা অন্যান্য শাৰীৰিক কাৰ্যকলাপৰ জৰিয়তে ফিট হৈ থকাটো আজিকালি এক ট্ৰেণ্ডলৈ পৰিণত হৈছে ৷ মানুহে ঘণ্টাৰ পিছত ঘণ্টা ধৰি জিমত কচৰৎ কৰি ফিট হৈ থাকিবলৈ চেষ্টা কৰে ৷ কিন্তু কেতিয়াবা জিমলৈ যাবলৈ মন নাযায় আৰু ইয়াৰ কাৰণ এলাহ ৷ যদি জিমৰ ৰুটিন অনুসৰণ নকৰে তেন্তে ইয়াৰ ফলত লাভৰ পৰিৱৰ্তে ক্ষতি হ’বলৈ আৰম্ভ কৰে ৷ কিন্তু ঘৰতে কিছু ব্যায়াম কৰিলে চৰ্বি বা কেলৰি কম কৰিব পাৰে ৷ বিশেষ কথাটো হ’ল কিছুমান ব্যায়াম আছে যিবোৰ আপুনি বিচনাতহে কৰিব পাৰিব ৷ এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকক এই শাৰীৰিক কাৰ্যকলাপৰসমূহৰ বিষয়ে ক'ম যাক আপুনি বিচনাতে কৰিব পাৰে ৷

মেদবহুলতাৰ ৰোগী বৃদ্ধি পাইছে

কিছুদিনৰ পৰা মানুহবোৰ বেয়া জীৱনশৈলী আৰু ভুল খাদ্যাভ্যাসৰ প্ৰতি আসক্ত হৈ পৰিছে ৷ ইয়াৰ বাবেই দ্ৰুতগতিত ওজন বৃদ্ধি আৰু মেদবহুলতাৰ সমস্যাবোৰ অহৰহ চৰ্চালৈ আহিছে ৷ মানুহে মেদবহুলতাক সমস্যা বুলি গণ্য কৰে আনহাতে ই ৰোগতকৈ কম নহয় ৷

এক প্ৰতিবেদন অনুসৰি ভাৰতৰ প্ৰায় ১৩৫ নিযুত লোকৰ মেদবহুলতাৰ প্ৰভাৱ পৰে ৷ কেৱল এয়াই নহয়, সমগ্ৰ বিশ্বৰ প্ৰায় ১.৯ বিলিয়ন যুৱক-যুৱতীৰ ওজন বেছি আৰু ৬৫ কোটি মেদবহুলতাত আক্ৰান্ত ৷ যদি জিমলৈ যাবলৈ সময় নাথাকে, তেন্তে বিচনাত নিজেই কিছু ব্যায়াম কৰি চৰ্বি কমাব পাৰি ৷

এয়াৰ চাইকেলিং

বিচনাত পৰি থকাৰ সময়ত এয়াৰ চাইকেলিং অৰ্থাৎ ভৰি দুখন বতাহত চাইকেল চলোৱাৰ দৰে ব্যায়াম কৰিব পাৰে ৷ শৈশৱত মানুহে ইয়াক মজা বা খেল হিচাপে কৰিছিল কিন্তু ব্যস্ততাৰে ভৰা জীৱনশৈলীত আপুনি ইয়াক এক কাৰ্যকলাপ হিচাপে ব্যৱহাৰ কৰিব পাৰে ৷ ইয়াৰ বাবে বিচনাত শুই ভৰি দুখন ৯০ ডিগ্ৰী কোণত ওপৰলৈ তুলিব লাগে ৷ দৈনিক কমেও ১০ মিনিট এনেদৰে কৰক আৰু পাৰ্থক্য চাওক ৷

লেগ লিফ্ট ব্যায়াম

লেগ লিফ্ট ব্যায়াম কৰোতে ভৰি দুখন ৯০ ডিগ্ৰী কোণত তুলি পোনে পোনে ৰাখিব লাগে ৷ এই ব্যায়ামত আপুনি বেৰৰ সহায় ল’ব পাৰে ৷ বিচনাত শুই বেৰত মাজে মাজে ভৰিকেইখন থৈ এই ব্যায়াম কৰিলে শৰীৰৰ বাবে বহু উপকাৰিতা সাধন হয় ৷ ইয়াৰ ফলত আমাৰ শৰীৰৰ তলৰ অংশ শক্তিশালী হয় ৷ ওজন কমোৱাতো সহায় কৰে ৷ ইচ্ছা কৰিলে ৰাতি শুবলৈ যোৱাৰ পূৰ্বে এই কাম কৰিব পাৰে ৷ এনে কৰিলে শৰীৰেও সকাহ পায় ৷

শৰীৰৰ ক্ৰাঞ্চ ব্যায়াম

পেট, হাত আৰু উৰুৰ চৰ্বি কম কৰিবলৈ ব’ডী ক্ৰাঞ্চ এক্সাৰচাইজ কৰাটো ভাল ৷ ইয়াৰ বাবে বিচনাত শুই হাত-ভৰি ওপৰলৈ টানিব লাগে ৷ ইয়াৰ পিছত শৰীৰটো ঠেলি আঁঠু স্পৰ্শ কৰিবলৈ চেষ্টা কৰক ৷ দৈনিক প্ৰায় ১০ মিনিট এনে কৰিলে শৰীৰৰ চৰ্বি কম হয় আৰু লগতে অতিৰিক্ত কেলৰিও হ্ৰাস পায় ৷

লগতে পঢ়ক: Diabetes Care: ডায়েবেটিছ থকা মহিলাসকলে গৰ্ভাৱস্থাত কি খাব লাগে ? স্বাস্থ্য বিশেষজ্ঞৰ পৰা জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.