ETV Bharat / sukhibhava

Winter skin care: শীতকালত হ'বলৈ নিদিব ৰুক্ষ ছাল, এইকেইটা উপায়েৰে ছালখনক কৰি ৰাখক ভাল

author img

By

Published : Nov 17, 2022, 12:52 PM IST

How to protect your skin during winter
শীতকালত হ'বলৈ নিদিব ৰুক্ষ ছাল, এইকেইটা উপায়েৰে ছালখনক কৰি ৰাখক ভাল

শীতকালত আমাৰ প্ৰায় সকলোৰে ছাল শুকান আৰু খহটা হৈ পৰে । ওঁঠযুৰি ফাটে, কিছুমানৰ ভৰিৰ গোৰোহা ফটা দেখা যায় । আপুনিও বাৰু এনেবোৰ সমস্যাত ভোগে নেকি ? যদি হয়, তেন্তে চিন্তাৰ কোনো কাৰণ নাই । কাৰণ আমি যদি নিয়মীয়াকৈ প্রাকৃতিক উপাদানেৰে অলপ পৰিচর্যা কৰো, তেন্তে এনেবোৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায় । গতিকে এই শীতকালত আপোনাৰ এই সমস্যাসমূহ দূৰ কৰি কেনেকৈনো আপোনাৰ সৌন্দৰ্যক ধৰি ৰাখিব জানো আহক...

ছালৰ পৰিচর্যা কৰাৰ পূৰ্বে আমি আমাৰ ছালৰ-ধৰণ জানি লোৱাটো অত্যন্ত জৰুৰী । আমাৰ শৰীৰৰ ছাল সাধাৰণতে চাৰি প্ৰকাৰৰ হয় । স্বাভাৱিক ছাল, তেলেতীয়া ছাল, শুকান ছাল আৰু মিশ্র ছাল । ছালৰ ধৰণ যিয়েই নহওক কিয়, ছাল ক্লিনজিং, টোনিং আৰু ময়শ্বাৰাইজিং কৰাটো একান্ত প্রয়োজন । বজাৰত বিভিন্ন ধৰণৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ(Moisturizer in winter season) পোৱা যায়, কিন্তু আমি প্রকৃতিৰ পৰা পাব পৰা কিছুমান দ্রব্য ব্যৱহাৰ কৰি ছালখন সুস্থ, সবল আৰু উজ্জ্বল কৰি ৰাখিব পাৰো(Winter skin care) ।

স্বাভাৱিক ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে কেঁচা গাখীৰ ব্যৱহাৰ কৰিব পাৰে । কপাঁহত কেঁচা গাখীৰ লগাই মুখখন পৰিষ্কাৰ কৰিব । টোনাৰ হিচাপে গোলাপজল আৰু ময়শ্বাৰাইজাৰ হিচাপে বিশুদ্ধ মৌজোল ব্যৱহাৰ কৰিব পাৰে । স্বাভাৱিক ছালৰ গৰাকীয়ে লেপন হিচাপে দুচামুচ কণীৰ হালধীয়া অংশ, এচামুচ চন্দন পাউডাৰ আপেলৰ ৰসেৰে মিহলাই এটা লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে ছাল উজ্জ্বল হ’ব । স্বাভাৱিক ছালৰ গৰাকীয়ে এইখিনি পৰিচৰ্যা কৰিলেই শীতকালত হ’ব পৰা সমস্যাৰ পৰিত্ৰাণ পাব পাৰিব ।

আমি সকলোৱে জানো যে তেলেতীয়া ছালৰ(Oily skin) গৰাকীৰ ছালৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়(How to protect your skin during winter)। ছিবাম হ’ল ছালৰ তৈলগ্রন্থিৰ পৰা নিৰ্গত হোৱা এবিধ তেল । গ্রীষ্মকালত তেলেতীয়া ছালৰ গৰাকীৰ তৈলগ্রন্থিৰ পৰা ছিবাম বেছিকৈ নিৰ্গত হয়, কিন্তু শীতকালত ইয়াৰ পৰিমাণ কমি যায় । শীতত ছিবাম কমকৈ নিৰ্গত হোৱাৰ কাৰণে তেলেতীয়া ছালৰ গৰাকীৰ ছালো শুকান হৈ পৰা দেখা যায়(what to do for skin during winter season) ।

তেলেতীয়া ছালৰ গৰাকীয়ে ছালখন পৰিষ্কাৰ কৰি ৰাখিবলৈ তিয়ঁহৰ ৰস ব্যৱহাৰ কৰিব পাৰে । টোনাৰ হিচাপে পদিনা পাতৰ ৰস আৰু ময়শ্বাৰাইজাৰ হিচাপে মৌজোলৰ লগত সামান্য নিমপাতৰ ৰস মিহলাই লগালে শীতকালত ছাল উজ্জ্বল আৰু সমস্যাবিহীন হৈ থাকিব । তেলেতীয়া ছালৰ গৰাকীয়ে এচামুচ মুলতানী মাটিৰ লগত এচামুচ কণীৰ বগা অংশ তিয়হৰ ৰসৰ লগত মিহলাই লেপন তৈয়াৰ কৰি লগালে উপকৃত হ'ব ।

শীতত শুকান ছালৰ গৰাকীয়ে বিভিন্ন ধৰণৰ সমস্যাত ভোগা দেখা যায় । জলবায়ুত ময়শ্বাৰাইজাৰৰ অভাৱৰ হেতুকে শুকান ছাল আৰু অধিক শুকান হৈ পৰে। এই ছালৰ গৰাকীয়ে ক্লিনজাৰ হিচাপে গাখীৰৰ সৰ ব্যৱহাৰ কৰিলে খুব ভাল ফল পাব । টোনাৰ হিচাপে গোলাপজলৰ সৈতে অকণমান মাখন ব্যৱহাৰ কৰিব পাৰে ।

ঘৰুৱা ময়শ্বাৰাইজাৰ হিচাপে পকা অমিতা আৰু মৌজোলৰ মিশ্রণ ব্যৱহাৰ কৰিব পাৰে । মাজে সময়ে বিশুদ্ধ নাৰিকলৰ তেলো ব্যৱহাৰ কৰিব পাৰে । লেপন হিচাপে এচামুচ মটৰ দাইলৰ বেচন, চাৰি টোপাল অলিভ অইল আৰু দুচামুচ কণীৰ হালধীয়া অংশ মিহলাই লেপন তৈয়াৰ কৰি ২০ মিনিটমানৰ বাবে লগালে শুকান ছাল লাহে লাহে স্বাভাৱিক হোৱাৰ লগতে উজ্জ্বল হ’ব ।

মিশ্র ছালত আকৌ দুই ধৰণৰ ছাল মিলিত হৈ থাকে । কপাল, নাক আৰু থুঁতৰিৰ অংশ তেলেতীয়া, যাক আমি ‘T-Zone' বুলি মানো আৰু মুখৰ বাকী অংশ স্বাভাৱিক বা শুকান ছাল হয় । এনেকুৱা ছালৰ গৰাকীৰ ক্ষেত্ৰত যি অংশ তেলেতীয়া, তাত তেলেতীয়া ছালৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ আৰু যি অংশ স্বাভাৱিক হয় তাত স্বাভাৱিক বা শুকান ছালৰ ক্লিনজাৰ, টোনাৰ আৰু ময়শ্বাৰাইজাৰ ব্যৱহাৰ কৰিব লাগে । লেপনৰ ক্ষেত্ৰত ‘T- Zone'ত তেলেতীয়া ছালৰ লেপন আৰু বাকী অংশত স্বাভাৱিক বা শুকান ছালৰ লেপন লগাব লাগে ।

আমাৰ মুখখনৰ গোটেই সৌন্দর্য লুকাই থাকে ওঁঠযুৰিত । গতিকে ইয়াৰ পৰিচৰ্যাৰ খুবেই প্রয়োজন । বিশেষকৈ এই শীতৰ সময়ছোৱাত । এই সময়ত ওঁঠজুৰিৰ যতন নল’লে ওঁঠজুৰি ফাটি যায় । কিছুমান ওঁঠ ক’লা পৰি সৌন্দর্য স্নান হোৱা দেখা যায় । গতিকে শীতকালত ওঁঠৰ পৰিচর্যা কৰাটো খুবেই প্রয়োজন ।

শীতকালত ৰাতি শোৱাৰ আগতে কেঁচা গাখীৰেৰে কপাহৰ সহায়ত সদায় পৰিষ্কাৰ কৰিব। কেঁচা গাখীৰ খুবেই কাৰ্যকৰী । কেইটোপালমান গ্লিচাৰিণ আৰু সম পৰিমাণৰ গোলাপজল মিহলি কৰি ওঁঠত লগাওক। ওঁঠ ফটাৰ পৰা মুক্তি পাব ।

শীতকালত সপ্তাহত দুদিন গুলপীয়া ৰঙৰ গোলাপৰ পাহিৰ লগত গাখীৰ মিহলাই এটা লেপন তৈয়াৰ কৰি ১৫/২০ মিনিটমানৰ বাবে ওঁঠৰ লগাবচোন । গোটেই শীতকালত আপোনাৰ ওঁঠজুৰি নিমজ আৰু উজ্জ্বল হৈ থাকিব ।

এই সময়ত বহুতৰে ওঁঠ ক’লা পৰা দেখা যায় । এনেকুৱা হ’লে নিয়মীয়াকৈ কেইটোপালমান নেমুৰ ৰসৰ লগত মৌজোল মিহলাই লগালে ওঁঠৰ ৰং স্বাভাৱিক হ'ব ।

শীতকালত ওঁঠত বাদামৰ তেল লগালে ওঁঠৰ ছাল ভালে থাকে ।

শীতৰ সময়ছোৱাত ওঁঠত ভাল কোম্পানীৰ ময়শ্বাৰাইজাৰ লগাব লাগে । অথবা ঘৰুৱাভাৱে যদি আপুনি মইষ্ট কৰি ৰাখিব বিচাৰে, তেন্তে ওঁঠত মৌজোল লগাব ।

দিনৰ ভাগত যেতিয়া লিপ্‌ষ্টিক লগাব, ছান প্রটেকচন ফেক্টৰ চমুকৈ এছ পি এফ যুক্ত লিপ্‌ষ্টিকহে ব্যৱহাৰ কৰিব । ভাল কোম্পানীৰ লিপষ্টিক, লিপবাম, লিপপেঞ্চিল ব্যৱহাৰ কৰিব লাগে ।

শৰীৰৰ অন্যান্য অংশৰ ছালৰ তুলনাত ওঁঠৰ ছাল পাতল হয় । ওঁঠৰ একাধিক ছালৰ তৰপ নথকা হেতুকে শীতকালত বিশেষ যতন ৰখাটো অতি প্ৰয়োজন ।

শীতকাল আৰু ভৰিৰ গোৰোহা ফটা এটা মুদ্রাৰ যেন ইপিঠি-সিপিঠি । শীতকালত প্রায় সকলোৰে ভৰিৰ গোৰোহা ফটা দেখা যায় । কিছুমানৰ গোৰোহা ইমান বেয়াকৈ ফাটে যে তেওঁলোকে গোৰোহা লুকুৱাবলৈ চেষ্টা কৰিও বিফল হয়। যাৰ বাবে বহুতকে হীনমান্যতাত ভোগাও দেখা যায় । কিন্তু আমি যদি সাধাৰণ ঘৰুৱা যতন অলপ লওঁ, তেন্তে ভৰিৰ গোৰোহা ফটা সমস্যাৰ পৰা হাত সাৰিব পাৰো ।

সপ্তাহত দুদিনকৈ এটা পাত্ৰত কুহুমীয়া গৰম পানীত শ্বেম্পু আৰু বডি অইল মিহলাই ভৰি দুখন ১০ মিনিটমান জুবুৰিয়াই ৰাখিব । তাৰপিছত কোমল ব্ৰাছেৰে গোৰোহাৰ লগতে গোটেই ভৰিখন ঘঁহিব । পিউমিক ষ্ট’নৰ সহায়ত ভৰিৰ গোৰোহা লাহে লাহে ঘঁহিব । তাৰপিছত ভৰি দুখন শ্বেম্পু পানীৰ পৰা তুলি পুনৰ বেলেগ কুহুমীয়া পানীৰে ধুই পেলাব । এইবাৰ উন্নতমানৰ ফুটকেয়াৰ লোচন লগাব । এনে কৰিলে আপুনি গোৰোহা ফটাৰ পৰা বহুগুণে হাত সাৰিব পাৰিব ৷

লগতে পঢ়ক: World Prematurity Day 2022: বিশ্বৰ ১০টা শিশুৰ ভিতৰত ১ টা শিশুৱে অকাল জন্ম লাভ কৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.