ETV Bharat / sukhibhava

World Prematurity Day 2022: বিশ্বৰ ১০টা শিশুৰ ভিতৰত ১ টা শিশুৱে অকাল জন্ম লাভ কৰে

author img

By

Published : Nov 17, 2022, 5:30 AM IST

প্ৰত্যেক বছৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় World Prematurity Day । ৯ মাহৰ পূৰ্বে অকাল জন্ম হোৱা শিশুৰ সংখ্যা ৰোধ কৰিবলৈ এই বিশেষ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় । অকাল জন্মৰ বাবে বহু শিশুৱে পুষ্টিহীনতাত ভুগি বিভিন্ন ৰোগত আক্ৰান্ত হয় । এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য তথা এগৰাকী মাতৃ আৰু পৰিয়ালে ইয়াৰ প্ৰতি কেনেকৈ সচেতন হ’ব পাৰে সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ।

World Prematurity Day 2022
বিশ্বৰ ১০টা শিশুৰ ভিতৰত ১ টা শিশুৱে অকাল জন্ম লাভ কৰে

প্ৰত্যেক বছৰে সমগ্ৰ বিশ্বতে পালন কৰা হয় World Prematurity Day । ৯ মাহৰ পূৰ্বে অকাল জন্ম হোৱা শিশুৰ সংখ্যা ৰোধ কৰিবলৈ এই বিশেষ দিনটো সমগ্ৰ বিশ্বতে পালন কৰা হয় । অকাল জন্মৰ বাবে বহু শিশুৱে পুষ্টিহীনতাত ভুগি বিভিন্ন ৰোগত আক্ৰান্ত হয় । এই দিৱস পালন কৰাৰ মূল উদ্দেশ্য তথা এগৰাকী মাতৃ আৰু পৰিয়ালে ইয়াৰ প্ৰতি কেনেকৈ সচেতন হ’ব পাৰে সেই সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয় ।

খবৰ অনুসৰি প্ৰতি বছৰে প্ৰায় ডেৰ কোটিতকৈও অধিক শিশুৰ অকালতে (৯ মাহ) জন্ম হয় । পৃথিৱীত জন্ম হোৱা সকলো শিশুৰ ভিতৰত প্ৰায় ১০টি শিশুৰ ভিতৰত এটি শিশুৰ অকালতে জন্ম হয় । বিশ্বজুৰি পাঁচ বছৰৰ তলৰ শিশুৰ অধিকাংশৰে মৃত্যুৰ মূল কাৰণেই হৈছে Prematurity । এই সমস্যা ৰোধ কৰিবলৈ প্ৰসৱৰ পূৰ্বে সচেতন আৰু সাৱধান হোৱাটো প্ৰয়োজন । অকালতে জন্ম হোৱা শিশু অপৰিপক্ক হ’ব পাৰে, যাৰ ফলত শিশুটিৰ শাৰীৰিক গঠন বেলেগ হ’ব পাৰে । ইয়াৰ বাবেই পৰিয়ালৰ লগতে মাতৃৰ ওপৰতো মানসিক চাপ পৰিলক্ষিত হয় ।

অকাল জন্মৰ কাৰণ?

যদিও শিশু অকালতে জন্ম লোৱাৰ কোনো সঠিক কাৰণ নাই, তথাপিও শেহতীয়াকৈ কৰা এক অধ্যয়ন অনুসৰি গৰ্ভাৱস্থাত উদ্বেগ অনুভৱ কৰা মহিলাসকলে স্বাভাৱিক গৰ্ভৱতী মহিলাতকৈ শীঘ্ৰেই সন্তান জন্ম দিয়াৰ সম্ভাৱনা অধিক হয় । হেল্থ চাইক’লজি নামৰ আলোচনীখনত প্ৰকাশ পাইছে এই গৱেষণা । শিশুৰ ওপৰত মাতৃৰ বিষণ্ণতাৰ প্ৰভাৱ জানিবলৈ এই অধ্যয়ন কৰা হৈছিল(why Premature causes) ।

আমেৰিকাৰ লছ এঞ্জেলছৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ মুখ্য অধ্যয়ন লেখিকা ক্ৰীষ্টিন ডাংকেল শ্বেটাৰে কয় যে, “অধ্যয়নৰ পৰা দেখা গৈছে যে গৰ্ভাৱস্থাৰ সময়ত মাতৃৰ মানসিক-সামাজিক অৱস্থাই শিশুৰ জন্মৰ ওপৰত প্ৰভাৱ পেলাব পাৰে ।”

পূৰ্বৰ গৱেষণাৰ মতে, গৰ্ভাৱস্থাৰ ৩৭ সপ্তাহৰ আগতে জন্মৰ উদ্বেগ যেনে শিশুটি কেনেকৈ জন্ম হ’ব, কি হ’ব, বা আন চিন্তাই হওক, সেইটো এটা বিপদজনক কাৰক হ’ব পাৰে । লছ এঞ্জেলছৰ ১৯৬ গৰাকী গৰ্ভৱতী মহিলাৰ ওপৰত কৰা এই গৱেষণাৰ জৰিয়তে এই তথ্য পোহৰলৈ আহিছে ।

অকাল জন্ম হোৱা শিশুৰ চিকিৎসা:

ছালৰ পৰা ছালৰ সংস্পৰ্শ অতি উপকাৰী আৰু ফলপ্ৰসূ প্ৰথা বুলি প্ৰমাণিত হৈছে । মাতৃৰ ছালৰ সংস্পৰ্শলৈ অহা নৱজাত শিশুৰ বাবে বিশেষ উপকাৰ সাধন হয় । বিশেষকৈ অকালতে জন্ম লোৱা শিশুৰ ক্ষেত্ৰত এই চিকিৎসা অতি গুৰুত্বপূৰ্ণ । জন্মৰ লগে লগে এই চিকিৎসা আৰম্ভ কৰিব লাগে । ইয়াৰ স্তনপানৰ অভ্যাসে আৰু সঠিক ৰক্ষণাবেক্ষণে হৃদস্পন্দন আৰু তেজৰ গ্লুক’জৰ মাত্ৰাৰ দৰে গুৰুত্বপূৰ্ণ পৰিমাপসমূহৰ স্থিৰতা সমৰ্থন কৰে । ক্লিনিকেল চিকিৎসা নকৰালৈকে অকালতে জন্ম লোৱা শিশুৰ বাবে ছালৰ পৰা ছালৰ সংস্পৰ্শ অতি প্ৰয়োজনীয় ।

কেতিয়াৰ পৰা পালন কৰা হৈছিল World Prematurity Day:

২০০৮ চনৰ ১৭ নৱেম্বৰত ইউৰোপীয় অভিভাৱক সংস্থাই প্ৰথম আন্তৰ্জাতিক অকাল জন্ম সজাগতা দিৱস(International Premature Birth Awareness Day) আয়োজন কৰিছিল । ২০১১ চনৰ পৰা ইয়াক World Prematurity Day হিচাপে পালন কৰা হয় । সমগ্ৰ বিশ্বতে এই দিৱস পালন কৰা হৈছে ।

লগতে পঢ়ক: Newborn Care Week: নৱজাতকৰ যত্নৰ সময়ত ভুলতো নকৰিব এইসমূহ কাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.