ETV Bharat / sukhibhava

বিহুৰ সময়ছোৱাত ডায়েবেটিছ ৰোগীসকলে নিজৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ?

author img

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 7:42 PM IST

diabetic take care of their health during bihu
বিহুৰ সময়ছোৱাত ডায়েবেটিছ ৰোগীসকলে নিজৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ?

সমাগত ভোগৰ উৎসৱ ভোগালী ৷ মাজত মাথোঁ এটা দিন বাকী ৷ ভোগালী ভোগৰ উৎসৱ ৷ এই সময়ছোৱাত ডায়েবেটিছ ৰোগীসকলে নিজৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ৷ এই সন্দৰ্ভত জনালে ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাসে ৷

ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাস

গুৱাহাটী, 12 জানুৱাৰী: সমাগত ভোগৰ উৎসৱ ভোগালী ৷ মাজত মাথোঁ এটা দিন বাকী ৷ ভোগালী ভোগৰ উৎসৱ ৷ এই সময়ছোৱাত ডায়েবেটিছ ৰোগীসকলে নিজৰ স্বাস্থ্যৰ যতন কেনেদৰে ল'ব ৷ এই সন্দৰ্ভত জনালে ডায়বেট'ল'জিষ্ট ডাঃ ৰূপম দাসে ৷

ভোগালী বিহুৰ এই সময়ছোৱাত চিৰা-পিঠা, সান্দহৰ পৰা আৰম্ভ কৰি ভিন্ন ধৰণৰ খাদ্য সামগ্রী খোৱা হয় ৷ এই সময়ছোৱাত যি সকল লোকৰ ডায়েবেটিছ আছে তেওঁলোকে স্বাস্থ্যৰ যতন লোৱাটো অতি আৱশ্যক ৷ বিহুৰ সময়ছোৱাত প্ৰস্তুত কৰা চিৰা-পিঠা, সান্দহৰ পৰা আৰম্ভ কৰিব প্ৰায় ভাগ সামগ্ৰী চাউলেৰে প্ৰস্তুত কৰা ৷ সেয়ে এই সমূহ খাদ্য গ্ৰহণ কৰাৰ পাছত ছুগাৰ পৰীক্ষা কৰা অতি আৱশ্যক ৷

বিহুৰ এই সময়ছোৱাত কেনেদৰে নিজৰ স্বাস্থ্যৰ যতন ল'ব ?

উৎসৱ-পাৰ্বণৰ সময়ছোৱা মানুহে সাধাৰণতে চিকিৎসকৰ পৰামৰ্শ গ্ৰহনৰ পৰা কিছু বিৰত থকা দেখা যায় ৷ এই সময়ছোৱাত ডায়েবেটিছ ৰোগী সকলে ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ ছুগাৰ পৰীক্ষা কৰাটো অতি আৱশ্যক ৷ লগতে এই সময়ছোৱাত ডায়েবেটিছ ৰোগী সকলে ঔষধৰ পৰিমাণ পূৰ্বতকৈ অকমান বৃদ্ধি কৰিব পাৰে ৷

লগতে খোৱাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰিব লাগিব ৷ লগতে খাদ্যৰ পৰিমাণ পূৰ্বতকৈ কমাই খাব লাগিব ৷ ইয়াৰোপৰি ইনছুলিন লৈ থকা সকলে ইনছুলিন বন্ধ নকৰিব ৷

হঠাৎ যদি ডায়েবেটিছ পৰিমাণ বৃদ্ধি হয় তেন্তে কি কৰিব ?

বিহুৰ এই সময়ছোৱাত যদি ছুগাৰ বৃদ্ধি হয় বা ৩০০ অতিক্ৰম কৰিছে কিন্তু অন্য কোনো লক্ষণ নাই ৷ তেন্তে পৰৱৰ্তী দুদিনলৈ খাদ্যৰ পৰিমাণ কমাই দিব ৷ লগতে ঔষধ সময়মতে গ্ৰহণ কৰিব ৷ ইনছুলিন ইউনিটো ২/৩ লৈ বৃদ্ধি কৰিব পাৰে ৷ এনে কৰিলে ছুগাৰ স্বাভাৱিক অৱস্থালৈ আহিব ৷

লগতে পঢ়ক: শৰীৰত এই লক্ষণ দেখা দিলে হওক সাৱধান! হ’ব পাৰে আপোনাৰ যকৃতৰ ক্ষতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.