ETV Bharat / sukhibhava

দূষিত পানীৰ বাবে প্ৰতি বছৰে মৃত্যু হোৱা লোকৰ সংখ্যা অতি ভয়ংকৰ

author img

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 4:57 PM IST

Contaminated Water: নিটি আয়োগৰ কম্পোজিট ৱাটাৰ মেনেজমেণ্ট ইনডেক্স ৰিপৰ্ট ২০১৮ অনুসৰি বিশুদ্ধ পানীৰ বাবে প্ৰতি বছৰে প্ৰায় দুই লাখ লোকৰ মৃত্যু হয় ।

How many people die from contaminated water a year ?
জল প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ

দেশৰ লগতে বিশ্বত প্ৰদূষণৰ মাত্ৰা দ্ৰুতগতিত বৃদ্ধি পাইছে । ভাৰতো ইয়াৰ ব্যতিক্ৰম নহয় । বৰ্তমান সময়ত দেশখনে বায়ু প্ৰদূষণৰ সমস্যাৰ সৈতে যুঁজি আছে । কিন্তু বহু বছৰ ধৰি দূষিত পানীৰ সমস্যাৰ সৈতেও যুঁজি আহিছে ভাৰত । কম্পোজিট ৱাটাৰ মেনেজমেণ্ট ইনডেক্স (CWMI)ৰ এক প্ৰতিবেদন অনুসৰি দেশত বিশুদ্ধ পানীৰ পৰ্যাপ্ত সুবিধা নোহোৱাৰ বাবে প্ৰতি বছৰে দুই লাখ লোকৰ মৃত্যু হয় । প্ৰতিবেদন অনুসৰি ২০৩০ চনৰ ভিতৰত প্ৰায় ৬০ কোটি লোকে পানীৰ চাপৰ সন্মুখীন হ’ব পাৰে, যিটো দেশৰ আনুমানিক জনসংখ্যাৰ প্ৰায় ৪০ শতাংশ ।

দূষিত পানীৰ সমস্যাত ৰাজধানী দিল্লী আৰু এনচিআৰ অঞ্চল বহু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে । দিল্লীৰ মাজেৰে পাৰ হৈ যোৱা মূল নদী অৰ্থাৎ যমুনাৰ অৱস্থা সম্প্ৰতি বহুত বেয়া । দিল্লী এন চি আৰত প্ৰদূষণৰ এটা প্ৰধান কাৰণ হৈছে আৱৰ্জনা পানীত এৰি দিয়া । যাৰ বাবে পানী প্ৰদূষিত হয় আৰু পানীজনিত ৰোগ মানুহৰ মাজত বিয়পি পৰে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি যমুনা নদীৰ উপৰিও দিল্লী এন চি আৰৰ মাজৰে পাৰ হৈ যোৱা আন নদীসমূহৰো অৱস্থা বৰ ভাল নহয় ।

দূষিত পানীৰ বাবে হয় এনে ৰোগ

দূষিত পানীৰ বাবে বহুতো ৰোগ বিয়পি পৰে । যাৰ ভিতৰত ডায়েৰিয়া, কলেৰা, টাইফয়েড, মেলেৰিয়া আদি অন্তৰ্ভুক্ত । এই ৰোগবোৰৰ বাবে সকলো শ্ৰেণীৰ শিশু, বয়োজ্যেষ্ঠ আৰু বয়স্ক লোকে পেটৰ বিষ, ডায়েৰিয়া, বমি, মূৰৰ বিষ, জ্বৰ আদি সমস্যাত ভুগিবলগীয়া হয় ।

দূষিত পানীৰ সমস্যা দূৰ কৰিবলৈ বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে । খোৱাপানীৰ উৎসসমূহ নিৰাপদ হয় নে নহয় সেয়া নিশ্চিত কৰিবলৈ চৰকাৰে নিয়মিতভাৱে পৰীক্ষা কৰে । পানীৰ পৰা দূষিত পদাৰ্থ আঁতৰাবলৈ ফিল্টাৰ আৰু ক্ল’ৰিনেচনৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ উপৰিও দূষিত পানীৰ বিষয়ে সজাগতা বিয়পোৱাৰ বাবেও বহু প্ৰচেষ্টা চলোৱা হৈছে । কিন্তু এই সকলো কামৰ পিচতো এইক্ষেত্ৰত আৰু অধিক উন্নতি অনাৰ প্ৰয়োজন আছে । যাতে দূষিত পানীৰ বাবে মৃত্যু হোৱা লোকৰ সংখ্যা কমি যায় ।

লগতে পঢ়ক: মূৰৰ বিষ কিয় হয়? চিকিৎসাবিজ্ঞানৰ মতে কিমান ধৰণৰ মূৰৰ বিষ আছে?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.