ETV Bharat / sukhibhava

Child Disease: গৰমত শিশুৰ হ'ব পৰা ৰোগ তথা নিৰাময়ৰ উপায় সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে

author img

By

Published : Aug 14, 2023, 4:28 PM IST

অত্যধিক গৰম আৰু উষ্ণতাৰ বাবে শিশুসকলৰ এই সময়ছোৱাত বিভিন্ন ৰোগ হোৱা দেখা যায় । এই সময়ছোৱাত শিশুসকলক সুস্থ কৰি ৰাখিবলৈ তেওঁলোকৰ যতন লোৱাটো অতি প্ৰয়োজনীয় । গৰমৰ সময়ছোৱাত শিশুসকলৰ হ'ব পৰা ৰোগ আৰু ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ ল'বলগীয়া সাৱধানতা সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে ।

Child disease
গৰমত শিশুৰ হ'ব পৰা ৰোগ আৰু ইয়াৰ পৰা নিৰাময়ৰ উপায় সম্বন্ধে জনালে শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইনে

শিশুৰোগ বিশেষজ্ঞ ডাঃ চামিউল এ. হুছেইন

গৰমৰ সময়ছোৱাত শিশু সকলৰ প্ৰায়ে হিট ষ্ট্ৰক হোৱা দেখা যায় । অতি বেছি গৰমৰ বাবে শৰীৰ ডি হাইড্ৰেট হয় । গৰমত বাহিৰলৈ ওলালে প্ৰথমে হিট অৱসাদ (exhaustion) হয় । হিট অৱসাদ (exhaustion) হ’লে প্ৰথমে গোটেই শৰীৰ গৰম হৈ যায়, শিশুটি দুৰ্বল হৈ পৰে । হিট অৱসাদ (exhaustion)ৰ পিছৰ লক্ষণটো হৈছে হিট ষ্ট্ৰক। হিট ষ্ট্ৰকৰ হলে শিশুটিৰ গোটেই গা ৰঙা পৰি যায় । হিটষ্ট্ৰোক হলে মগজুত প্ৰভাৱো পৰিব পাৰে । বহু ক্ষেত্ৰত শিশুটি মূৰ্ছা যোৱাও দেখা যায় । এনে লক্ষণ দেখা দিলে অনতিপলমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে ।

গৰমৰ সময়ছোৱা বহু শিশুৰ ডায়েৰীয়াত ভোগা দেখা যায় । গৰমৰ কাৰণে খোৱা খাদ্য সমূহ সোনকালে বেয়া হৈ যায়। পুৰণি বা বহু সময় ধৰি বনাই থৈ দিয়া খাদ্য শিশুক খুৱালে ডায়েৰীয়া হ'ব পাৰে ।

ইয়াৰ উপৰিও এই সময়ছোৱাত ভাইৰেল জ্বৰ, আদিকে ধৰি বিভিন্ন ৰোগ শিশুৰ হ'ব পাৰে । সেয়ে শিশু সকলৰ এই সময়ছোৱাত যতন লোৱাটো অতি আৱশ্যকীয় ।

গৰমৰ সময়ছোৱাত শিশু সকলৰ ক্ষেত্ৰত ল’বলগীয়া সাৱধানতা সমূহ-

১) গৰমৰ সময়ছোৱাত শিশু সকলক পুৰণি খাদ্য খুৱাব নালাগে ।

২) শিশু সকলক সদায় সতেজ খাদ্য খুৱাব লাগে ।

৩) চাফ-চিকুণকৈ ৰাখিব লাগে ।

৪) শিশুক আহাৰ খুওৱাৰ পূৰ্বে সদায় হাত ধুই ল'ব লাগে ।

৫) পৰিয়ালৰ যদি কোনো সদস্যৰ বেমাৰ হৈ থাকে তেন্তে তেওঁৰ পৰা শিশুটিক দূৰত ৰাখিব লাগে ।

এনেদৰে আপোনাৰ শিশুটিৰ যতন লৈ, শিশুটিক সুস্থ আৰু সবল কৰি ৰাখিব পাৰে ।

লগতে পঢ়ক: Blood Circulation: ৰক্ত সঞ্চালন সঠিক নহ’লে দেখা যায় এই লক্ষণ, বিপদৰ পৰা হাত সাৰিবলৈ খাওক এই খাদ্য

লগতে পঢ়ক: Symptoms Of Cough: আমাৰ শৰীৰে কফ বাঢ়িলে দিয়ে এনে সতৰ্কবাণী, কেতিয়াও আওকাণ নকৰিব এইসমূহ সতৰ্কবাণীক

লগতে পঢ়ক: Kidney Disease Symptoms: বৃক্কৰ ৰোগ কেৱল প্ৰস্ৰাৱৰ ৰঙৰ দ্বাৰাই নহয়; জানি লওক বৃক্কৰ ৰোগৰ অন্য লক্ষণসমূহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.