ETV Bharat / sukhibhava

Dhanteras 2023: ধনতেৰচৰ দিনা ভুলতো ক্ৰয় নকৰিব এই সামগ্ৰী, ভুগিব লাগিব আৰ্থিক সংকটত

author img

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 12:08 PM IST

Dhanteras 2023
ধনতেৰচ 2023

ধনতেৰচৰ দিনটোত মানুহে সোণ-ৰূপৰ গহনা, মূৰ্তি বা অন্যান্য সামগ্ৰী ক্ৰয় কৰে, কিয়নো ইয়াক ধন-সম্পত্তি বৃদ্ধিৰ বাবে শুভ বুলি গণ্য কৰা হয় ৷ যদিও এই দিনটোত সামগ্ৰী ক্ৰয় কৰাৰ গুৰুত্ব অতি বেছি, কিন্তু শাস্ত্ৰত কিছুমান বস্তুৰ কথা উল্লেখ আছে যিবোৰ ধনতেৰচৰ দিনা ক্ৰয় কৰিব নালাগে ৷ এই সামগ্ৰীসমূহ নো কি জানো আহক...

ধনতেৰচ হিন্দু ধৰ্মৰ এটি প্ৰধান উৎসৱ ৷ এই উৎসৱ দেৱালীৰ দুদিন আগৰ পৰাই পালন কৰা হয় ৷ এইবাৰ ধনতেৰচৰ উৎসৱ ১০ নৱেম্বৰত পালন কৰা হৈছে৷ ধনতেৰচৰ দিনা পৰম্পৰাগতভাৱে দেৱী লক্ষ্মী, কুবেৰ দেৱ আৰু ভগৱান ধনবন্তৰীক পূজা কৰা হয় ৷ ধনতেৰচৰ দিনা মানুহে ঘৰবোৰ চাফা কৰি সুন্দৰকৈ সজাই তোলে ৷ লগতে এই দিনটোত ধন-সম্পত্তি বৃদ্ধিৰ বাবে ঘৰত বিশেষ পূজা কৰা হয় ৷

ধনতেৰচৰ দিনটোত মানুহে বিশেষকৈ সোণ-ৰূপৰ গহনা, মূৰ্তি বা অন্যান্য সামগ্ৰী ক্ৰয় কৰে, কিয়নো ইয়াক ধন-সম্পত্তি বৃদ্ধিৰ বাবে শুভ বুলি গণ্য কৰা হয় ৷ যদিও এই দিনটোত সামগ্ৰী ক্ৰয় কৰাৰ গুৰুত্ব অতি বেছি, কিন্তু শাস্ত্ৰত কিছুমান বস্তুৰ কথা উল্লেখ আছে যিবোৰ ধনতেৰচৰ দিনা ক্ৰয় কৰিব নালাগে ৷ এই সামগ্ৰীসমূহ নো কি জানো আহক...

লোৰ সামগ্ৰী

ধনতেৰচৰ দিনা ঘৰলৈ লোহা বা লোহাৰে তৈয়াৰী বস্তু অনাটো শুভ বুলি গণ্য কৰা নহয় ৷ জ্যোতিষ শাস্ত্ৰৰ মতে ধনতেৰচৰ দিনা যদি লোহাৰে নিৰ্মিত যিকোনো বস্তু ঘৰলৈ আনে, তেন্তে ঘৰত দুৰ্ভাগ্য প্ৰৱেশ কৰে আৰু ইয়াৰ দ্বাৰা শুভ ফল পোৱা নাযায় ৷

এলুমিনিয়াম আৰু ষ্টীল

ধনতেৰচত এলুমিনিয়াম বা ষ্টীলৰ সামগ্ৰী কিনিব নালাগে ৷ তীখা বা এলুমিনিয়ামৰ বাচন-বৰ্তন বা আন যিকোনো বস্তু কিনিলে দেৱী লক্ষ্মী দেৱী ক্ৰোধিত হয় আৰু ঘৰত দৰিদ্ৰতা বাস কৰে বুলি বিশ্বাস কৰা হয় ৷

প্লাষ্টিক

ধনতেৰচৰ দিনা প্লাষ্টিকৰ সামগ্ৰী ক্ৰয় কৰিব নালাগে ৷ জ্যোতিষ শাস্ত্ৰৰ মতে ধনতেৰচৰ দিনা যদি কোনো প্লাষ্টিকৰ বস্তু ঘৰলৈ অনা হয় তেন্তে ই আপোনাৰ ধন-সম্পত্তি আৰু উন্নতি হ্ৰাস কৰিব পাৰে ৷

কাঁচ

ধনতেৰচৰ শুভ দিন উপলক্ষে কাঁচ বা কাঁচৰ দ্বাৰা তৈয়াৰী সামগ্ৰী একেবাৰে কিনিব নালাগে ৷ দাপোন বা কাঁচৰ প্ৰত্যক্ষ সম্পৰ্ক ৰাহুৰ লগত ৷ বিশ্বাস কৰা হয় যে যদি ৰাহু ঘৰত প্ৰৱেশ কৰে তেতিয়া অগ্ৰগতি বন্ধ হৈ যায় ৷

চিৰামিক বস্তু

জ্যোতিষ শাস্ত্ৰৰ মতে ধনতেৰচৰ দিনা কোনো চিৰামিক বস্তু কিনিব নালাগে ৷ এইবোৰ কথাই ঘৰলৈ অহা উন্নতিত বাধাৰ সৃষ্টি কৰে ৷

লগতে পঢ়ক: Dhanteras 2023: ৰাশি অনুযায়ী ধনতেৰচত কি ক্ৰয় কৰিলে লাভ কৰিব শুভফল ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.