ETV Bharat / sukhibhava

Dhanteras 2023: ৰাশি অনুযায়ী ধনতেৰচত কি ক্ৰয় কৰিলে লাভ কৰিব শুভফল ?

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 4:42 PM IST

Dhanteras as per the horoscope
ৰাশি অনুযায়ী ধনতেৰচত কি ক্ৰয় কৰিলে লাভ কৰিব শুভফল ?

শুকুৰবাৰে ধনতেৰচ ৷ ধনতেৰচ কিয় পালন কৰা হয়? ধনতেৰচত ৰাশি অনুযায়ী কি বস্তু ক্ৰয় কৰিব ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ৷

জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰী

কাতি মাহৰ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথিত তথা দীপাৱলীৰ প্ৰাকমুহূৰ্তত ধনতেৰচৰ পালন কৰা হয় ৷ ধনতেৰচত গণেশ, কুবেৰ, লক্ষ্মী দেৱীক একেলগে পূজা অৰ্চনা কৰা হয় ৷ লগতেই বহু লোকে এই দিনটোত সাধ্য অনুসৰি ধন-সোণ আদি ক্ৰয় কৰে ৷ ধৰ্মীয় বিশ্বাস অনুসৰি, কাতি মাহৰ কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিৰ দিনা ভগৱান ধনৱন্তৰীৰ অৱতাৰ গ্ৰহণ কৰিছিল৷ ধনৱন্তৰীক ভগৱান বিষ্ণুৰ এক ৰূপ বুলি গণ্য কৰা হয় ৷ যাৰ বাবে এই বিশেষ দিনটোক ধনতেৰচ বুলি জনা যায় ৷‌

ধনতেৰচত কোন ৰাশিৰ ব্যক্তিয়ে কি বস্তু ক্ৰয় কৰিলে গোটেই বছৰটো ভাল ফল লাভ কৰিব ?

মেষ ৰাশি- এই বছৰৰ ধনতেৰচত মেষ ৰাশিৰ জাতক-জাতিকাসকলে তামৰ বা সোণৰ সামগ্ৰী, সোণৰ পইচা যদি ক্ৰয় কৰে বা ৰক্ত প্ৰবাল ক্ৰয় কৰে তেন্তে শুভ ফল লাভ কৰিব ৷

বৃষ ৰাশি- বৃষ ৰাশিৰ জাতক-জাতিকাসকলে ধনতেৰচত ৰূপ সামগ্ৰী, ৰূপৰ অলংকাৰ বা হীৰাৰ অলংকাৰ , হীৰা ক্ৰয় কৰিলে শুভফল লাভ কৰিব ৷

মিথুন ৰাশি- মিথুন ৰাশিৰ জাতক-জাতিকাসকলে ধনতেৰচত পিতলৰ সামগ্ৰী, সোণৰ অলংকাৰ বা পইচা, পান্না ক্ৰয় কৰি শুভফল লাভ কৰিব পাৰে ৷

কৰ্কট ৰাশি- কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলে ধনতেৰচত ৰূপৰ মা লক্ষ্মী বা গণেশৰ আকৃতি থকা পইচা ক্ৰয় কৰে বা ৰূপৰ অলংকাৰ ক্ৰয় কৰে তেন্তে শুভফল লাভ কৰিব ৷ লগতেই কৰ্কট ৰাশিৰ লোক সকলে মুকুতাৰ ৰত্নও ক্ৰয় কৰিব পাৰে ৷

সিংহ ৰাশি- সিংহ ৰাশিৰ জাতক-জাতিকাসকলে সোণৰ গহনা বা সোণৰ পইচা ক্ৰয় কৰিব পাৰে ৷

কন্যা ৰাশি- কন্যা ৰাশিৰ জাতক-জাতিকাসকলে পিতলৰ সামগ্ৰী, সোণৰ অলংকাৰ বা পইচা, পান্না ক্ৰয় কৰি শুভফল লাভ কৰিব পাৰে ৷

তুলা ৰাশি- তুলা ৰাশিৰ জাতক-জাতিকাসকলেৰূপৰ পইচা- অলংকাৰ, হীৰা বা হীৰাৰ অলংকাৰ ক্ৰয় কৰিব পাৰে ৷

বৃশ্চিক ৰাশি- বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে তামৰ বাচন, সোণৰ পইচা বা গহনা, প্ৰবাল ৰত্ন ক্ৰয় কৰিলে শুভফল লাভ কৰিব ৷

ধনু ৰাশি- এই ৰাশিৰ জাতক-জাতিকাসকলে সোণৰ গহনা-পইচা, লগতে পোখৰাজ ক্ৰয় কৰিব পাৰে আৰু তাক যদি শুদ্ধি কৰি যদি বৃহস্পতিবাৰে ধাৰণ কৰিব পাৰে তেন্তে শুভফল লাভ কৰিব ৷

মকৰ ৰাশি- এই ৰাশিৰ জাতক-জাতিকাসকলে ৰূপৰ সামগ্ৰী, ৰূপৰ পইচা, বাহন ক্ৰয় কৰিব পাৰে ৷

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক-জাতিকাসকলে ৰূপৰ পইচা, গহনা আদি ক্ৰয় কৰিব পাৰে ৷

মীন ৰাশি- মীন ৰাশিৰ জাতক-জাতিকাসকলে সোণৰ গহনা-পইচা, লগতে যদি পোখৰাজ ক্ৰয় কৰিব পাৰে তেন্তে গোটেই বছৰটো শুভফল লাভ কৰিব ৷

লগতে পঢ়ক: Dhanteras Ritual: ধনতেৰচত কি নিয়ম পালন কৰিলে শুভফল লাভ কৰিব আপুনি ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.