ETV Bharat / sukhibhava

Dhanteras Ritual: ধনতেৰচত কি নিয়ম পালন কৰিলে শুভফল লাভ কৰিব আপুনি ?

author img

By ETV Bharat Assamese Team

Published : Nov 9, 2023, 10:43 AM IST

এই বৰ্ষৰ ধনতেৰচৰ তিথি কেতিয়া মিলিব ? ধনতেৰচত কি নিয়ম পালন কৰিলে শুভফল লাভ কৰিব ? ধনতেৰচৰ কোন দেৱতাক পূজা কৰা হয় ? ধনতেৰচৰ কি কি সামগ্ৰী ক্ৰয় কৰিব লাগে ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ।

Dhanteras's Ritual
ধনতেৰচত কি নিয়ম পালন কৰিলে শুভফল লাভ কৰিব আপুনি ?

ধনতেৰচত কি নিয়ম পালন কৰিলে শুভফল লাভ কৰিব আপুনি ?

এইবৰ্ষৰ ১০ নৱেম্বৰ তাৰিখে পালন কৰা হ’ব ধনতেৰচ উৎসৱ ৷ ১০ নৱেম্বৰ অৰ্থাৎ শুকুৰবাৰে ১২.৩৫ মিনিটৰ পৰা ধনতেৰচৰ তিথি আৰম্ভ হ'ব আৰু শেষ হ'ব শনিবাৰে দুপৰীয়া ১.৫৭ মিনিটত ৷ ধনতেৰচক ধন ত্ৰয়োদশী বুলিও কোৱা হয় ৷ লোকবিশ্বাস অনুসৰি এই সময়ছোৱাত যদি কুৱেৰ দেৱতাৰ,মা লক্ষ্মী, গণেশ দেৱতাক পূজা কৰা হয় তেন্তে ধনৰ সঞ্চয় হয় বুলি বিশ্বাস কৰা হয় ৷

ধনত্ৰয়োদশীত কি কি ৰীতি-নীতি পালন কৰিলে শুভ ফল লাভ কৰিব ?

  • জ্যোতিষ সম্ৰাজ্ঞী ডঃ কৰবী বেজবৰুৱাই কয় যে ধনত্ৰয়োদশীৰ দিনা ১৩ গছি চাকি ঘৰৰ ভিতৰত আৰু ১৩ গছি চাকি যদি ঘৰৰ বাহিৰত জ্বলাব পাৰে ৷ এনেকুৱা কৰিলে কোৱা হয় যে ধনৰ ১৩ গুণ বৃদ্ধি পায় ৷
  • ধনতেৰচৰ দিনা বিভিন্ন ধৰণৰ সামগ্ৰীও ক্ৰয় কৰা হয় ৷ ৰূপৰ, সোণৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰা হয় ৷
  • যিসকল লোকে এনেধৰণৰ সামগ্ৰী ক্ৰয় কৰিব নোৱাৰে তেওঁলোকে নিমখ, ঝাড়ু ক্ৰয় কৰিব পাৰে ৷ ইয়াৰোপৰি নিজৰ বৃত্তিত ব্যৱহাৰ হোৱা যিকোনো এবিধ সামগ্ৰী ক্ৰয় কৰিব পাৰে ৷
  • জ্যোতিষ সম্ৰাজ্ঞীগৰাকীয়ে লগতে কয় যে, ধনত্ৰয়োদশীত যি নিমখ ক্ৰয় কৰা হয় সেয়াৰে ধনতেৰশ পৰা দেৱালীলৈ ঘৰ মছাৰ ব্যৱস্থা কৰিব পাৰে ৷
  • যিসকল লোকৰ ৰাহু দোষ চলি থাকে তেওঁলোকে এইখিনি সময়ত ৰূপৰ বাচন বা সামগ্ৰী ক্ৰয় কৰিলে ৰাহু গ্ৰহৰ প্ৰভাৱ দূৰ কৰিব পাৰে ৷
  • শিক্ষাৰ্থীসকলে নিজৰ পঢ়া শুনাত ব্যৱহাৰৰ বাবে ধনতেৰচত কলম, কিতাপ আদি ক্ৰয় কৰিব পাৰে ৷
  • ধনত্ৰয়োদশীত যি সামগ্ৰীয়ে ক্ৰয় নকৰক কি সন্ধিয়া পূজাৰ সময়ত ব্যৱহাৰ কৰিব ৷ ইয়াৰোপৰি ৫০০ টকীয়া নোটখনৰো পূজা কৰিব পাৰে ৷

লগতে পঢ়ক: Zodiac Signs: নৱেম্বৰ মাহত ভাগ্য উদয় হ’ব এই চাৰি ৰাশিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.