ETV Bharat / sukhibhava

Zodiac Signs: নৱেম্বৰ মাহত ভাগ্য উদয় হ’ব এই চাৰি ৰাশিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে

author img

By ETV Bharat Assamese Team

Published : Nov 7, 2023, 8:35 PM IST

চলিত নৱেম্বৰ মাহত কোন কেইটা ৰাশিৰ জাতক-জাতিকাৰ ভাগ্য উদয় ? কোন কেইটা ৰাশিৰ জাতক-জাতিকাই লাভ কৰিব বেয়া ফল ? এই সম্পৰ্কে জনালে জ্যোতিষ সম্ৰাট ড৹ হেমাংগ শাস্ত্ৰীয়ে ৷

November is good for which horoscope
নৱেম্বৰ মাহত ভাগ্য উদয় হ’ব এই চাৰি ৰাশিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে

নৱেম্বৰ মাহত ভাগ্য উদয় হ’ব এই চাৰি ৰাশিৰ, বেয়া ফল ভোগ কৰিব দুই ৰাশিৰ ব্যক্তিয়ে

নৱেম্বৰ মাহত ভাল ফলাফল লাভ কৰিব চাৰিটা ৰাশিৰ জাতক-জাতিকা সকলে ৷ সেই ৰাশি কেইটা হৈছে হৈছে- বৃষ ৰাশি, কন্যাৰাশি, কুম্ভ ৰাশি আৰু মীন ৰাশি ৷ আনহাতে বাধাৰ ফল লাভ কৰিবলগীয়া ৰাশি দুটা হৈছে-মেষ আৰু তুলা ৷

বৃষ ৰাশি- নৱেম্বৰ মাহত বৃষ ৰাশিৰ জাতক-জাতিকাৰ বাবে শুভ হ'ব বুলি কোৱা হৈছে ৷ নৱেম্বৰ মাহত বৃষ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মক্ষেত্ৰত শুভ ফল লাভ কৰিব ৷ কৰ্মক্ষেত্ৰত উন্নতি সাধনৰ যোগ আছে ৷ লগতে উচ্চশিক্ষাৰ ক্ষেত্ৰতো খুব ভাল ফল লাভ কৰিব বৃষ ৰাশিৰ জাতক-জাতিকা সকলে ৷

কন্যা ৰাশি- কন্যা ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে নৱেম্বৰ মাহটো শুভ হ'ব ৷ কন্যা ৰাশিৰ জাতক-জাতিকা সকলৰ ক্ষেত্ৰত নৱেম্বৰ মাহত নতুন সম্পর্ক স্থাপনৰ যোগ আছে ৷ লগতেই পাৰিবাৰিক সম্বন্ধৰ ক্ষেত্ৰতো শুভ ফল লাভ কৰিব ৷

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ বাবে স্বাস্থ্য ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি সকলো ক্ষেত্ৰতে চলিত মাহত ভাল ফলাফল লাভ কৰিব পাৰে ৷

মীন ৰাশি- নৱেম্বৰ মাহত মীন ৰাশিৰ জাতক-জাতিকা সকলৰ বাবেও ভাল ৷ মীন ৰাশিৰ জাতক-জাতিকা সকলৰ নৱেম্বৰ মাহত সম্পত্তি লাভৰ যোগ আছে ৷ বিত্তীয় ক্ষেত্ৰতো উন্নতি সাধনৰ যোগ আছে ৷ শ্বেয়াৰ আদিৰ ক্ৰয় কৰিলেও লাভৱান হ'ব পাৰে ৷

আনহাতে মেষ আৰু তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ ক্ষেত্ৰত এই মাহত অশুভ ফলাফল লাভ কৰিব পাৰে ৷ মেষ ৰাশিৰ জাতক-জাতিকাসকলে কৰ্মস্থান বা পাৰিবাৰিক ক্ষেত্ৰত অশুভ ফল লাভ কৰিব পাৰে ৷ কৰ্মক্ষেত্রত জ্যেষ্ঠ সকলৰ লগত মতানক্য হ'ব পাৰে ৷ ইয়াৰোপৰি স্বাস্থ্যৰ ক্ষেত্ৰতো অসুবিধা পাব পাৰে ৷ ইয়াৰ প্ৰতিকাৰ হিচাপে মেষ ৰাশিৰ জাতক-জাতিকাসকলে ৰাহুৰ বাবে দান, পূজা আদি আগবঢ়াব পাৰে আৰু বৃহস্পতিৰ বাবে মন্ত্ৰ পাঠ কৰিব পাৰে ৷

তুলা ৰাশিৰ জাতক-জাতিকাসকলে ব্যৱসায়ৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হ'ব পাৰে ৷ স্বাস্থ্যৰ ক্ষেত্ৰতো অসুবিধা পাব পাৰে ৷ তুলা ৰাশিৰ জাতক-জাতিকাসকলে কেতু গ্ৰহৰ বাবে দান, পূজা কৰিব পাৰে লগতে ৰবি গ্ৰহৰ বাবে সূৰ্য মন্ত্ৰ জপ কৰিব পাৰে ৷

লগতে পঢ়ক: Horoscope For October: অক্টোবৰ মাহত ভাগ্য উদয় হ'ব এই তিনিটা ৰাশিৰ; বেয়া ফল ভোগ কৰিব এই দুই ৰাশিৰ জাতক-জাতিকাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.