ETV Bharat / sukhibhava

দেশত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৬০২ গৰাকী; ৫ জনৰ মৃত্যু

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 4:51 PM IST

COVID surge 4440 active cases recorded in country 511 JN1 variant cases detected
দেশত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৬০২ গৰাকী; ৫ জনৰ মৃত্যু

Covid Update: স্বাস্থ্য মন্ত্ৰণালয়ৰ শেহতীয়া তথ্য অনুসৰি ভাৰতত বিগত ২৪ ঘন্টাত ৬০২ গৰাকী নতুনকৈ ক’ভিডত আক্ৰান্ত হোৱাৰ লগতে ৫ জন লোকৰ মৃত্যু হৈছে । দেশত এই পৰ্যন্ত মুঠ ৫১১ জন ক’ভিড-১৯ৰ উপ-ভেৰিয়েন্ট JN.1 ত আক্ৰান্ত হোৱাৰ বিপৰীতে কৰ্ণাটকত সৰ্বাধিক আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে ৷

নিউজ ডেস্ক, 3 জানুৱাৰী: স্বাস্থ্য মন্ত্ৰণালয়ে বুধবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত নতুনকৈ ৫ জনৰ মৃত্যু হোৱাৰ লগতে ৬০২ গৰাকী নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷ এই সংক্ৰমণৰ সক্ৰিয় ৰোগীৰ সংখ্যা বৰ্তমান ৪৪৪০ গৰাকী বুলি জানিব পৰা গৈছে ৷

পুৱা ৮ বজাত আপডেট কৰা মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, কেৰালাৰ পৰা নতুনকৈ দুজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে কৰ্ণাটক, পঞ্জাৱ আৰু তামিলনাডুৰ পৰা এজনকৈ লোকৰ মৃত্যুৰ খবৰ পোৱা গৈছে ৷

কেৰালাত মৃত্যু হোৱা এজন লোকজন ৬৬ বছৰীয়া ব্যক্তিগৰাকী ক্ৰনিক লিভাৰ ডিজিজ, মাল্টিপল অৰ্গেন ডিছফাংচন চিনড্ৰম আৰু চেপ্চিছ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰীতে অন্যগৰাকী ৭৯ বছৰীয়া ব্যক্তি ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ আৰু চেপ্চিছ ৰোগত আক্ৰান্ত বুলি জানিব পৰা গৈছে ৷

দেশত এই পৰ্যন্ত মুঠ ৫১১ গৰাকী ক’ভিড-১৯ উপ-ভেৰিয়েন্ট JN.1 আক্ৰান্ত হোৱাৰ বিপৰীতে কৰ্ণাটকত সৰ্বাধিক লোক আক্ৰান্ত হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ বিষয়াসকলে জনোৱা মতে, কৰ্ণাটকৰ পৰা ১৯৯ জন, কেৰালাৰ পৰা ১৪৮ জন, গোৱাৰ ৪৭ জন, গুজৰাটৰ ৩৬ জন, মহাৰাষ্ট্ৰৰ পৰা ৩২ জন, তামিলনাডুৰ ২৬ জন, দিল্লীৰ পৰা ১৫ জন, ৰাজস্থানৰ পৰা ৪ জন ৰোগী ধৰা পৰিছে, তেলেংগানাৰ পৰা ২ জন লগতে ওড়িশা আৰু হাৰিয়ানাৰ পৰা এজনকৈ ৰোগী ধৰা পৰিছে ৷

২০২৩ চনৰ ৫ ডিচেম্বৰলৈকে দৈনিক Covid আক্ৰান্তৰ সংখ্যা দশকৰ ঘৰলৈ হ্ৰাস পাইছিল যদিও নতুন ভেৰিয়েন্ট আৰু বৰ্তমান ঠাণ্ডা বতৰৰ বাবে পুনৰ আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ৷

উল্লেখ্য যে, ২০২০ চনৰ পৰা আৰম্ভ হোৱা এই মহামাৰীৰ ফলত দৈনিক আক্ৰান্তৰ সংখ্যা লাখৰ ঘৰত আছিল আৰু তাৰ পিছৰ পৰা প্ৰায় চাৰি বছৰত সমগ্ৰ দেশতে ৪.৫ কোটিৰো অধিক লোক এই মহামাৰীত আক্ৰান্ত হোৱাৰ লগতে ৫.৩ লাখৰো অধিক লোকৰ মৃত্যু ঘটিছে ৷

লগতে পঢ়ক: দেশত Covidৰ লগতে ইনফ্লুৱেঞ্জা ফ্লুৰ আশংকা বৃদ্ধি; ইয়াৰ লক্ষণ তথা নিদান জানি লওক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.