ETV Bharat / sukhibhava

দেশত Covidৰ লগতে ইনফ্লুৱেঞ্জা ফ্লুৰ আশংকা বৃদ্ধি; ইয়াৰ লক্ষণ তথা নিদান জানি লওক

author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 12:30 PM IST

Seasonal flu is spreading rapidly as the cold increases, know its symptoms and prevention measures
দেশত Covidৰ লগতে ইনফ্লুৱেঞ্জা ফ্লুৰ আশংকা বৃদ্ধি; ইয়াৰ লক্ষণ তথা নিদান জানি লওক

Influenza Flu: শীতকাল আৰম্ভ হোৱাৰ লগে লগে আৰু ঠাণ্ডা বাঢ়ি অহাৰ লগে লগে ইনফ্লুৱেঞ্জাৰো আগমন ঘটে । শিশু হওক বা প্ৰাপ্তবয়স্ক, প্ৰায় সকলোৱেই এই সমস্যা ভুগিছে ।

বতৰৰ পৰিৱৰ্তনৰ লগে লগে কঢ়িয়াই আনে বিভিন্ন ৰোগ ৷ যেতিয়াই বতৰ সলনি হয় তেতিয়াই ঋতুভিত্তিক ৰোগবোৰ দ্ৰুতগতিত বিয়পি পৰে । বৰ্তমান দেশত ক’ভিড-19ৰ উপ-ভেৰিয়েন্ট JN.1এ এক আতংকৰ সৃষ্টি কৰিছে ৷ ইয়াৰ মাজতে শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ বা ইনফ্লুৱেঞ্জা ফ্লুৰ ঘটনাও পোহৰলৈ আহিছে ৷

শীতকাল আৰম্ভ হোৱাৰ লগে লগে আৰু ঠাণ্ডা বাঢ়ি অহাৰ লগে লগে ইনফ্লুৱেঞ্জাৰো আগমন ঘটে । শিশু হওক বা প্ৰাপ্তবয়স্ক, প্ৰায় সকলোৱেই এই সমস্যা ভুগিছে । কেৱল ভাৰততে নহয়, চীনতো বিশেষকৈ শিশুৰ মাজত ৰহস্যজনক নিউমোনিয়া বা ফ্লু বিয়পি পৰাৰ খবৰ পোৱাৰ পিছতে ডব্লিউ এইচ অ’ আৰু ভাৰত চৰকাৰেও সকলোকে সাৱধানতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে ।

ঋতুভিত্তিক ফ্লু হৈছে এক সংক্ৰামক ৰোগ আৰু ই কাহ বা চৰ্দিৰ দ্বাৰা এজনৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে । এবাৰ সংক্ৰমিত হ’লে ৫-৭ দিনলৈকে থাকে । যিকোনো বয়সত আৰু যিকোনো পৰিস্থিতিত এনে হ’ব পাৰে । যদিও ইয়াৰ মৃত্যুৰ হাৰ কম, তথাপিও এই সংক্ৰমণ বৃহৎ জনসংখ্যালৈ বিয়পিব পাৰে । এনে পৰিস্থিতিত ইয়াৰ পৰা হাত সাৰিবলৈ কিছু সাৱধানতা অৱলম্বন কৰি ফ্লু বা শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণত আক্ৰান্ত ৰোগীৰ পৰা উপযুক্ত দূৰত্ব বজাই ৰখাটো অতি প্ৰয়োজনীয় ।

ইয়াৰ পৰা হাত সাৰিবলৈ আমি কি কৰাটো উচিত আৰু কি কি কৰা অনুচিত জানো আহক-

শ্বাস-প্ৰশ্বাসজনিত সংক্ৰমণ বা ইনফ্লুৱেঞ্জা ফ্লুৰ লক্ষণ-

  • জ্বৰ
  • অস্থিৰ অনুভৱ কৰা
  • দুৰ্বল অনুভৱ কৰা
  • বমি ভাৱ
  • হাঁচি অহা
  • দীৰ্ঘদিনীয়া শুকান কাহ
  • ভোক কমি যোৱা
  • অতিপাত ঠাণ্ডা অনুভৱ কৰা

এইসমূহ দিশত গুৰুত্ব প্ৰদান কৰিব

  • যেতিয়াই কাহ বা হাঁচি আহে তেতিয়াই নাক আৰু মুখখন পৰিষ্কাৰ কাপোৰ বা ৰুমালেৰে ঢাকি ৰাখিব লাগে ।
  • চাবোন পানীৰে সঘনাই হাত চাফা কৰিব লাগে ।
  • চকু, নাক আৰু মুখ যেতিয়াই তেতিয়াই স্পৰ্শ নকৰিব ।
  • ভিৰ কৰা ঠাইলৈ যোৱাটো পৰিহাৰ কৰ, যদি গৈ আছে তেন্তে কেৱল মাস্ক পিন্ধক ।
  • ফ্লুত আক্ৰান্ত ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰাখক ।
  • যথেষ্ট পৰিমাণৰ টোপনি লওক যাতে আপুনি শাৰীৰিকভাৱে সক্ৰিয় হৈ থাকিব পাৰে । ইয়াৰ ফলত মানসিক চাপো দূৰত হ’ব ।
  • পৰ্যাপ্ত পৰিমাণৰ পানী খাওক আৰু পুষ্টিকৰ সতেজ খাদ্য গ্ৰহণ কৰক ।
  • ৰাজহুৱা স্থানত থু পেলাব নালাগে ।
  • শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত বহু ৰোগী থকা ঠাইলৈ যোৱাটো পৰিহাৰ কৰক ।

লগতে পঢ়ক: ভাৰতত নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত ৫৭৩ গৰাকী; ২ জনৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.