1 বজাৰ শীৰ্ষ 10টা বাতৰি

author img

By

Published : Apr 24, 2022, 1:01 PM IST

Top 10 at 1 PM

1 বজাৰ শীৰ্ষ 10টা বাতৰি

ঢোল-পেঁপা বজাই দিল্লীত সোণোৱালৰে বিহু উপভোগ প্ৰধানমন্ত্ৰীৰ

নতুন দিল্লীত অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহু উদযাপন কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ(PM Modi attends Bihu function at Sonowals residence) ৷ সোণোৱালৰ বাসগৃহত আয়োজন কৰা বিহু অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ ৷ বিহু নৃত্য উপভোগ কৰাৰ লগতে বিহুৱা দলৰে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰীয়ে(PM Narendra Modi attends Bihu function) ৷

EU chief arrives in India : দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত ইউৰোপীয় আয়োগৰ মুৰব্বী

ইউৰোপীয় আয়োগৰ মুৰব্বী উৰসুলা ভন ডেৰ লেয়েন ভাৰত-ইউৰোপীয় ইউনিয়নৰ সম্পৰ্ক অধিক মজবুত কৰাৰ উদ্দেশ্যে দুদিনীয়া কাৰ্যসূচীৰে দেওবাৰে ভাৰতত উপস্থিত(EU chief arrives in India for two day visit) হয় ৷ ইউৰোপীয় আয়োগৰ মুৰব্বী হিচাপে এয়া তেওঁৰ প্ৰথমটো ভাৰত ভ্ৰমণ ৷

চূড়াইবাৰীত তিনি লক্ষাধিক মূল্যৰ ফেন্সিডাইল জব্দ

কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তৰ চূড়াইবাৰীত জব্দ নিষিদ্ধ ফেন্সিডাইল(Drugs seized at Churaibari) ৷ গুৱাহাটীৰ পৰা ত্ৰিপুৰাৰ আগৰতলা অভিমুখী এখন DTDC কুৰিয়াৰৰ বাহনত চূড়াইবাৰী আৰক্ষী(Operation of Churaibari Police against drugs)য়ে চলোৱা অভিযানত জব্দ হয় ফেন্সিডাইলসমূহ ৷

বৰপেটাত মহিলা পকেটমাৰ কৰায়ত্ত

বৰপেটাৰ হাউলী বজাৰত একাংশ দুষ্টচক্ৰৰ টিঘিলঘিলনি ৷ এইবাৰ বজাৰখনত পকেটমাৰৰ ৰূপত প্ৰৱেশ কৰিছে মহিলা অপৰাধী ৷ শনিবাৰে এনে দুজনী মহিলা পকেটমাৰ(Two women pickpockets detained at Howly Bazar)ক স্থানীয় লোকে কৰায়ত্ত কৰাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লাঠীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷

GMC Election 2022 : ভোটগণনা আৰম্ভ, কোনে মাৰিব শেষ হাঁহি ?

কাৰ দখললৈ যাব গুৱাহাটী পৌৰ নিগম ? আজিৰ দিনটোৰ এয়া এক লাখটকীয়া প্ৰশ্ন ৷ মহানগৰবাসীৰ আশা, আকাংক্ষা পূৰণ কৰিব কোনে ? এতিয়া সকলোৰে দৃষ্টি আৱদ্ধ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ফলাফলত ৷ মাথো কেইটামান মূহুৰ্তৰ পিছতে এয়া জলজল-পটপটকৈ ষ্পষ্ট হৈ পৰিব ৷ কিয়নো পুৱা 8 বজাৰে পৰা আৰম্ভ হৈছে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ ভোটগণনা(Counting of votes for GMC election 2022 begins) ৷

সপ্তম ভাৰত ঔদ্যোগিক মেলা পৰিদৰ্শন প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ

গুৱাহাটীত অনুষ্ঠিত সপ্তম ভাৰত ঔদ্যোগিক মেলা(7th IIF-UDYAM 2022) ত শনিবাৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পৰিদৰ্শন(Rajnath visits India Industrial Fair in Guwahati) কৰে ৷ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, উদ্যোগ তথা বাণিজ্য দপ্তৰৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷

GMCH ৰ পৰা শিশু অপহৰণ কৰা মহিলাৰ ফটো ৰাজহুৱা কৰিলে মহানগৰ আৰক্ষীয়ে

১৩ এপ্ৰিলৰ দিনা কাহিলি পুৱাতে জিএমচিএইচৰ পৰা অন্তৰ্ধান হোৱা এটা শিশুৰ অপহৰণৰ (Child kidnap in GMCH) সৈতে জড়িত এগৰাকী মহিলাৰ ফটো ৰাজহুৱা কৰিছে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত নোমল মাহাত্তাই ৷ জানো আহক সমগ্ৰ ঘটনা ৷

অনুৰাগীয়ে ৰৈ থকা বিয়াখন ন’হবগৈ; সিদ্ধাৰ্থ-কিয়াৰাই শেষ কৰিলে সম্পৰ্ক

বিয়াৰ হৈ চৈৰ মাজতে বলীউডত বলিছে দুখৰ বা ৷ জনপ্ৰিয় যুটি সিদ্ধাৰ্থ-কিয়াৰাৰ ব্ৰেকআপৰ বাতৰিয়ে চৰ্চা লাভ কৰিছে (Sidharth Kiara latest news) ৷ শোকত মৰ্মাহত হৈ পৰিছে দুয়োৰে অনুৰাগী ৷

বাংলাদেশৰ মুক্তিত উত্তৰ-পূৰ্বাঞ্চলত শান্তি-স্থিৰতা আছে : ৰাজনাথ সিং

শংকৰদেৱ কলাক্ষেত্ৰত ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ বীৰ যোদ্ধাসকলক সন্মানিত কৰাৰ বাবে অসম চৰকাৰে আয়োজন কৰা বিশেষ অনুষ্ঠানত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী (Rajnath Singh at Sankaradeva Kalakshetra)। ১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধৰ সময়ত সাহসিকতা তথা আত্মবলিদানৰ উৎকৃষ্ট নিদৰ্শন দেখুওৱা অসমৰ বীৰ যোদ্ধাসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে । ভাৰতবৰ্ষ অজেয় আৰু ভাৰতীয় সেনা অজেয় । দেশৰ মান-সন্মানৰ সুৰক্ষাৰ ক্ষেত্ৰত চৰকাৰে কেতিয়াও আপোচ নকৰে বুলি মন্তব্য কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে (Defence Minister Rajnath Singh in Guwahati)৷

মিছন বসুন্ধৰা : ১০ মে'ৰ পূৰ্বে সমাপ্ত হ'ব প্ৰথম পৰ্যায়

৮,১৩,৯৩৬ খন আৱেদনৰ ভিতৰত ৭,৪০,০৬৮ খনৰ নিষ্পত্তি । গাঁও জৰীপৰ ৮৭.৭৮ শতাংশ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। ১০ মে'ৰ পাছত আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায় (second phase Mission Vasundhara ) । দ্বিতীয় পর্যায়ত গুৱাহাটীৰ বাসিন্দাৰ একচনীয়া ভূমি, দীর্ঘদিন দখল কৰি থকা চৰকাৰী ভূমিৰ ম্যাদীকৰণৰ প্রক্রিয়া আৰম্ভ হােৱাৰ সম্ভাৱনা ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.