ETV Bharat / city

মিছন বসুন্ধৰা : ১০ মে'ৰ পূৰ্বে সমাপ্ত হ'ব প্ৰথম পৰ্যায়

author img

By

Published : Apr 23, 2022, 10:39 PM IST

first phase Mission Vasundhara will end before May 10
মিছন বসুন্ধৰা : ১০ মে'ৰ পূৰ্বে সমাপ্ত হ'ব প্ৰথম পৰ্যায়

৮,১৩,৯৩৬ খন আৱেদনৰ ভিতৰত ৭,৪০,০৬৮ খনৰ নিষ্পত্তি । গাঁও জৰীপৰ ৮৭.৭৮ শতাংশ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। ১০ মে'ৰ পাছত আৰম্ভ হ'ব মিছন বসুন্ধৰাৰ দ্বিতীয় পর্যায় (second phase Mission Vasundhara ) । দ্বিতীয় পর্যায়ত গুৱাহাটীৰ বাসিন্দাৰ একচনীয়া ভূমি, দীর্ঘদিন দখল কৰি থকা চৰকাৰী ভূমিৰ ম্যাদীকৰণৰ প্রক্রিয়া আৰম্ভ হােৱাৰ সম্ভাৱনা ।

গুৱাহাটী, ২৩ এপ্রিল : ৰাজ্য চৰকাৰে প্ৰৱৰ্তন কৰা মিছন বসুন্ধৰা আঁচনিখনে (Mission Vasundhara of Assam government) ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে । মাটি-বাৰী সংক্রান্তীয় বিভিন্ন সমস্যাৰ সমাধানৰ বাবে মুকলি কৰা আঁচনিখনে ৰাইজৰ বিশেষ সমাদৰ লাভ কৰিছে । মিছন বসুন্ধৰাৰ প্রথম পর্যায়ত ৰাজ্যৰ বিভিন্ন জিলাৰ মুঠ ৮,১৩,৯৩৬ খন আৱেদনৰ ভিতৰত ৭,৪০,০৬৮ খন আৱেদন নিষ্পত্তি কৰিছে ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগে ।
উল্লেখ্য যে, অক্টোবৰ মাহত আৰম্ভ হােৱা মিছন বসুন্ধৰাৰ প্রথম পর্যায়ৰ কাম ১০ মে’ৰ পূর্বে সামৰণি পৰিব। ইয়াৰ পূৰ্বে ৰাইজৰ আৱেদনৰ ১০০ শতাংশ নিষ্পত্তি হ’ব। তদুপৰি গাঁও জৰীপৰ ৮৭.৭৮ শতাংশ কাম ইতিমধ্যে সম্পূর্ণ হৈছে। ৰাজ্য চৰকাৰে ১০ মে'ৰ পাছত দ্বিতীয় পর্যায়ৰ মিছন বসুন্ধৰাৰ কাম আৰম্ভ কৰিব (second phase Mission Vasundhara) । দ্বিতীয় পর্যায়ত গুৱাহাটীৰ বাসিন্দাৰ একচনীয়া ভূমি, দীর্ঘদিন দখল কৰি থকা চৰকাৰী ভূমিৰ ম্যাদীকৰণৰ প্রক্রিয়া আৰম্ভ হােৱাৰ সম্ভাৱনা আছে।

মন কৰিব লগীয়া যে, ৰাজ্যৰ শাসনভাৰ গ্ৰহণৰ কৰিয়েই দুৰ্নীতিমুক্ত অসম গঢ়াৰ সংকল্প লৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ এই উদ্দেশ্যৰে মুখ্যমন্ত্ৰী শৰ্মাই মাটি-বাৰী সংক্ৰান্তীয় পূৰ্বৰ সকলো জটিলতাৰ সৰলীকৰণৰ বাবে আৰু দালালৰাজ বন্ধ কৰাৰ লক্ষ্যৰে চৰকাৰে 'মিছন বসুন্ধৰা’ নামৰ আঁচনিখন গ্ৰহণ কৰিছিল। ২ অক্টোবৰৰ দিনা এই আঁচনিখন ৰাইজৰ বাবে মুকলি কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মাটি-বাৰী সম্পৰ্কীয় যিকোনো কামৰ ক্ষেত্ৰতে বছৰ বছৰ ধৰি ৰাজ্যখনত 'দালালৰাজ'ৰ এক অশুভ পৰম্পৰা চলি আহিছিল ।

দালাল নহ’লে মাটি-বাৰী সম্পৰ্কীয় কোনো কামেই সাধাৰণ জনতাৰ বাবে কৰাটো সম্ভৱ নাছিল। জিলা উপায়ুক্ত নাইবা চক্ৰ বিষয়াৰ কাৰ্যালয়ত দপদপনি আছিল দালালৰ। বছৰ বছৰ ধৰি চলি অহা এই অশুভ পৰম্পৰাৰ অৱসান ঘটোৱাৰ উদ্দেশ্যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল। জনসাধাৰণে চৰকাৰী কাৰ্যালয়লৈ অহা-যোৱা নকৰাকৈ অধিকাংশ সমস্যা বসুন্ধৰা প’ৰ্টেলৰ জৰিয়তে সমাধান কৰাৰ ব্যৱস্থা কৰা হৈছে ।

এই আঁচনিৰ অধীনত সাঙুৰি লোৱা ভূমি সংক্ৰান্তীয় বহু কেইটা সেৱা সামৰি লোৱা হৈছে । বিশেষকৈ ভূমিৰ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰে নামজাৰি, বিবাদমুক্ত ভাগ-বতৰা, একচনীয়া পট্টাৰ ম্যাদীকৰণ, মাটিৰ শ্ৰেণী পৰিবৰ্তন, ৰাজহ নথিৰ পৰা দখল তথা স্বত্ববিহীন পট্টাদাৰৰ নামকৰ্তন, আৱন্টিত মাটিৰ ম্যাদীকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালিৰ সংশোধন) আৰু ভূমি নথিত পট্টাদাৰৰ মোবাইল নম্বৰ অন্তৰ্ভুক্তকৰণ। জনসাধাৰণৰ ব্যাপক সঁহাৰি লাভ কৰা এই অভিলাষী আঁচনিখনৰ ১০ মে'ত প্ৰথম পৰ্যায়ৰ সামৰণি পৰিব আৰু ইয়াৰ পাছত আন কেতবোৰ দিশ সামৰি আৰম্ভ হ'ব দ্বিতীয় পৰ্যায়।

লগতে পঢ়ক : Encounter in Nagaon: ৭২ ঘণ্টাত তিনিটাকৈ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.