ETV Bharat / state

Encounter in Nagaon: ৭২ ঘণ্টাত তিনিটাকৈ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ

author img

By

Published : Apr 23, 2022, 8:54 PM IST

৭২ ঘণ্টাৰ ভিতৰতে সংঘটিত তিনিটাকৈ এনকাউণ্টাৰৰ ঘটনাই কঁপাইছে নগাঁৱৰ অপৰাধ জগতক । প্ৰথমে শিশু ধৰ্ষণকাৰী, দ্বিতীয়তে জালনোট ব্যৱসায়ী আৰু তাৰ পাচত ড্ৰাগছ মাফিয়া ৷ ৭২ ঘণ্টাৰ ভিতৰত হোৱা নগাঁও আৰক্ষীৰ তৃতীয়টো এনকাউণ্টাৰত আহত হয় কুখ্যাত ড্ৰাগছ মাফিয়া মইজুল ইছলাম (Encounter in Nagaon)।

Encounter in Nagaon
৭২ ঘণ্টাত তিনিটাকৈ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ

নগাঁও, 23 এপ্ৰিল: প্ৰথমে শিশু ধৰ্ষণকাৰী, দ্বিতীয়তে জালনোট ব্যৱসায়ী আৰু তাৰ পাচত ড্ৰাগছ মাফিয়া ৷ ৭২ ঘণ্টাৰ ভিতৰতে সংঘটিত তিনিটাকৈ এনকাউণ্টাৰৰ ঘটনাই কঁপাইছে নগাঁৱৰ অপৰাধ জগতক । ৭২ ঘণ্টাৰ ভিতৰত হোৱা নগাঁও আৰক্ষীৰ তৃতীয়টো এনকাউণ্টাৰত আহত হয় কুখ্যাত ড্ৰাগছ মাফিয়া মইজুল ইছলাম (Encounter in Nagaon)।

শুকুৰবাৰে কলিয়াবৰ আৰক্ষীয়ে পাঁচ কোটি টকাৰ ড্ৰাগছসহ আটক কৰিছিল জুৰীয়াৰ এইজন মইজুল ইছলামক (Drugs peddler arrested in Nagaon)। পাছত মাজনিশা অধিক ড্ৰাগছৰ সন্ধানত ধৃত মইজুলক লগত লৈ কলিয়াবৰ আৰক্ষীয়ে অভিযান চলায় মইজুলৰ জুৰীয়াস্থিত বাসগৃহত । অভিযানৰ সময়তে মইজুলে আন্ধাৰৰ সুযোগ লৈ দাৰে আৰক্ষীক আক্ৰমণ কৰি পলায়নৰ চেষ্টা কৰে । লগে লগে আৰক্ষীয়ে দুই জাঁইকৈ গুলী চলাবলৈ বাধ্য হয় ।

৭২ ঘণ্টাত তিনিটাকৈ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ৭২ ঘণ্টাত তিনিটাকৈ এনকাউণ্টাৰ নগাঁও আৰক্ষীৰ

ফলত ড্ৰাগছ সৰবৰাহকাৰী মইজুলৰ দুয়োখন ভৰিয়েই গুলীবিদ্ধ হয় । ইপিনে ড্ৰাগছ মাফিয়া মইজুলৰ আক্ৰমণত গগৈ উপাধিৰ এগৰাকী আৰক্ষীও আহত হয় । বুধবাৰে নিশা বটদ্ৰৱাৰ শিশু ধৰ্ষণকাৰী ইদ্ৰিছ আলী আৰক্ষীৰ হাতৰ পৰা পলায়নৰ চেষ্টা কৰি আৰক্ষীৰ গুলীত আহত হোৱাৰ পিছত বৃহস্পতিবাৰে বিয়লি নগাঁও আৰক্ষীৰ গুলীত আহত হৈছিল নকল টকা ব্যৱসায়ী বাবুল আলী । শুকুৰবাৰে নিশা আৰক্ষীক আক্ৰমণৰ চেষ্টা চলাই গুলীবিদ্ধ হয় কুখ্যাত ড্ৰাগছ মাফিয়া মইজুল ইছলাম (Nagaon police shot drugs muffia)।

শুকুৰবাৰৰ দিনটোত নগাঁও আৰক্ষীয়ে পৃথক অভিযানত লাভ কৰিছে কেইবাটাও সফলতা । নগাঁৱৰ বৰঘাট বাইপাছত অভিযান চলাই চোৰাংকৈ সৰবৰাহ কৰা FCI ৰ চাউল জব্দ কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষীয়ে । দৰিদ্ৰ লোকৰ বাবে চৰকাৰে যোগান ধৰা চাউল ডিমাপুৰৰ পৰা চোৰাংকৈ মেঘালয়লৈ লৈ যোৱাৰ সময়তে নগাঁও আৰক্ষীয়ে জব্দ কৰে এহেজাৰ বেগ চোৰাং চাউল ভৰ্তি এই দুখনকৈ ট্ৰাক ।

একেদিনাই নগাঁৱৰ হয়বৰগাঁৱত অভিযান চলাই ১৬ টাকৈ চুৰি মোবাইলসহ বটদ্ৰৱাৰ নাজিৰ হুছেইন আৰু জুৰীয়াৰ মকচিদুল ৰহমানক আটক কৰিবলৈ সক্ষম হয় । ইয়াৰোপৰি হয়বৰগাঁৱৰ পৰাই ড্ৰাগছসহ ভূপেন কলিতা নামৰ এই ড্ৰাগছ সৰবৰাহকাৰীজনকো আটক কৰিবলৈ সক্ষম হয় নগাঁও আৰক্ষী ।

নগাঁৱত আই পি এছ আনন্দ মিশ্ৰ(IPS Anand Mishra) আৰক্ষী অধীক্ষক হৈ থকাৰ সময়তো প্ৰায়েই সংঘটিত হৈছিল এনকাউন্টাৰৰ ঘটনা ৷ আনন্দ মিশ্ৰৰ বদলিৰ পাচত দায়িত্বত থকা ধ্ৰুৱ বৰায়ো নিৰন্তৰভাৱে চলাই গৈছিল অপৰাধ বিৰোধী অভিযান ৷ এইবাৰ আৰক্ষী অধীক্ষক ৰূপে আহিছে লীনা দলে ৷ মুঠৰ ওপৰত এতিয়া নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই ত্ৰাসিত তুলিছে নগাঁৱৰ অপৰাধ জগতক ।

লগতে পঢ়ক: ৰেষ্টুৰেণ্টৰ লিফ্টত ভাৰতীয় বায়ু সেনাৰ জোৱানৰ হাতত শিশুসহ অপদস্থ তিনি মহিলা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.