বৰপেটাত মহিলা পকেটমাৰ কৰায়ত্ত

author img

By

Published : Apr 24, 2022, 10:20 AM IST

two-women-pickpockets-detained-in-barpeta
বৰপেটাত মহিলা পকেটমাৰ কৰায়ত্ত ()

বৰপেটাৰ হাউলী বজাৰত একাংশ দুষ্টচক্ৰৰ টিঘিলঘিলনি ৷ এইবাৰ বজাৰখনত পকেটমাৰৰ ৰূপত প্ৰৱেশ কৰিছে মহিলা অপৰাধী ৷ শনিবাৰে এনে দুজনী মহিলা পকেটমাৰ(Two women pickpockets detained at Howly Bazar)ক স্থানীয় লোকে কৰায়ত্ত কৰাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ লাঠীচালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে ৷

বৰপেটা, 24 এপ্ৰিল : এতিয়া উৎসৱৰ বতৰ ৷ ব’হাগ বিহুৰ পিছতে আহি আছে ঈদ ৷ যাৰবাবে বজাৰসমূহত ভিৰ কৰিছেহি ক্ৰেতাসকলে ৷ বিশেষকৈ এই সময়চোৱাত বজাৰত ইছলামধৰ্মী লোকসকলক বেছিকৈ দেখিবলৈ পোৱা গৈছে ৷ কিন্তু সাৱধান ! উছৱৰ গইনা লৈ বজাৰত প্ৰৱেশ কৰিছে পকেটমাৰৰ দলে ৷ যাৰবাবে হয়তো আপুনি হেৰুৱাব পাৰে কষ্টোপাৰ্জিত ধন ৷ সেয়েহে বজাৰলৈ যোৱাৰ সময়ত ৰংচঙীয়া সামগ্ৰীত ভোল নগৈ সাৱধান হওঁক ৷

এনে সময়তে বৰপেটাৰ বজাৰত পকেটমাৰে পিটপিটাই ফুৰাৰ কথা পোহৰলৈ আহিছে ৷ একপ্ৰকাৰ ঈদৰ বজাৰ কৰিবলৈ অহা লোকসকলক টাৰ্গেট কৰি লৈছে পকেটমাৰৰ দলে ৷ জিলাখনৰ হাউলী চহৰৰ বজাৰ বুলিলে স্বাভাৱিকতে অনুমান কৰিব পাৰি যে, ইয়াত কিমান জনসমাগম ঘটে ৷ তাৰেই সুযোগ গ্ৰহণ কৰিছে একাংশ দুষ্টচক্ৰই ৷

বৰপেটাত মহিলা পকেটমাৰ কৰায়ত্ত

শনিবাৰে হাউলী বজাৰতে পকেটমাৰৰ ৰূপত ধৰা পৰিল দুজনীকৈ মহিলা(Two women pickpockets detained at Howly Bazar) ৷ আটকাধীন মহিলা পকেটমাৰ দুজনী ক্ৰমে কোকৰাঝাৰৰ বগৰীবাৰীৰ শ্বাহিতন বিবি আৰু বৰপেটাৰোডৰ মামণি বেগম বুলি জানিব পৰা গৈছে ৷ মহিলা দুজনীয়ে বজাৰলৈ অহা গ্ৰাহক বিশেষকৈ মহিলা গ্ৰাহকসকলক লক্ষ্য কৰি চাফা কৰি গৈছিল জেপ ৷

কিন্তু কপাল বেয়া আছিল দুয়োৰে ৷ জেপ চাফা কৰি থকা অৱস্থাতে বজাৰত উপস্থিত লোকে এই ঘটনা প্ৰত্যক্ষ কৰি হাতে-লোটে কৰায়ত্ত কৰে মহিলা পকেটমাৰ দুজনীক ৷ ইয়াৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ পৰৱৰ্তী সময়ত মহিলা দুজনীক গতাই দিয়া হয় আৰক্ষীক ৷ কিন্তু আৰক্ষীয়ে মহিলা পকেটমাৰ দুজনীক স্থানীয় ৰাইজৰ ৰোষৰ পৰা ৰক্ষা কৰিবলৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ হকে লাঠীচালনা কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীয়ে পকেটমাৰ দুজনীৰ পৰা উদ্ধাৰ কৰে নগদ 5 হাজাৰ টকা ৷

লগতে চাওক: মূল্যবৃদ্ধিৰ প্ৰকোপত চোৰৰ দৃষ্টি পৰিছে নেমু টেঙাৰ দোকানত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.