ETV Bharat / city

GMCH ৰ পৰা শিশু অপহৰণ কৰা মহিলাৰ ফটো ৰাজহুৱা কৰিলে মহানগৰ আৰক্ষীয়ে

author img

By

Published : Apr 23, 2022, 7:53 PM IST

Guwahati police reveled photo of child kidnapper women
জিএমচি এইচৰ পৰা শিশু অপহৰণ কৰা মহিলাৰ ফটো ৰাজহুৱা কৰিলে মহানগৰ আৰক্ষীয়ে

১৩ এপ্ৰিলৰ দিনা কাহিলি পুৱাতে জিএমচিএইচৰ পৰা অন্তৰ্ধান হোৱা এটা শিশুৰ অপহৰণৰ (Child kidnap in GMCH) সৈতে জড়িত এগৰাকী মহিলাৰ ফটো ৰাজহুৱা কৰিছে মহানগৰ আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত নোমল মাহাত্তাই ৷ জানো আহক সমগ্ৰ ঘটনা ৷

গুৱাহাটী, 23 এপ্ৰিল : শিশু অপহৰণৰ লগত জড়িত হোৱাৰ অভিযোগ থকা এগৰাকী মহিলাৰ ফটো ৰাজহুৱা কৰিছে মহানগৰ আৰক্ষীয়ে (Guwahati police reveled photo of child kidnapper women) । শনিবাৰে গুৱাহাটীত এক সংবাদমেল সম্বোধন কৰি অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত নোমল মাহাত্তাই মহিলাগৰাকীৰ ফটোখন ৰাজহুৱা কৰে । তেওঁ কয় যে, ১৩ এপ্ৰিলৰ কাহিলি পুৱাতে জিএমচিএইচৰ পৰা অন্তৰ্ধান হোৱা এটা শিশুৰ উদ্ধাৰৰ বাবে অভিযান চলাই থকা হৈছে (Rescue mission for child missing from GMC) ।

জিএমচি এইচৰ পৰা শিশু অপহৰণ কৰা মহিলাৰ ফটো ৰাজহুৱা কৰিলে মহানগৰ আৰক্ষীয়ে

যিগৰাকী মহিলাই এই ঘটনা সংঘটিত কৰিছে তেওঁ নলবাৰী বা বৰপেটাৰ ওচৰ পাজৰৰে হ’ব বুলিও সদৰি কৰিছে শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে । তেওঁ জানিবলৈ দিয়ে যে, মহিলাগৰাকীৰ এখন ফটোগ্ৰাফ আৰক্ষীৰ হাতত আছে (Photograph of child kidnapper) ৷ এই ফটোখন প্ৰচাৰ কৰি মহিলাগৰাকীৰ সন্ধান উলিয়াবলৈ চেষ্টা কৰা হৈছে । মহিলাগৰাকী GMC ৰ ওলাই কোন দিশে ক’লৈকে গৈছে ক্ৰাইম ব্ৰাঞ্চৰ হাতত কিছু তথ্য আছে বুলিও জানিবলৈ দিয়ে বিষয়া গৰাকীয়ে ।

তেওঁ জানিবলৈ দিয়ে যে, শিশুটিক উদ্ধাৰৰ বাবে ঘটনাটোৰ ওপৰত মুকলিকৈ অনুসন্ধান চলোৱা হৈছে । ইপিনে, এই ক্ষেত্ৰত তদন্তৰ কিছু অগ্ৰগতিও লাভ কৰিছে আৰক্ষীয়ে ৷ ইয়াৰোপৰি, বিশেষ ফটোখন বহুলভাৱে প্ৰচাৰ কৰিলে হয়টো মহিলাগৰাকীৰ সন্ধান অতি শীঘ্ৰে পাবলৈ সক্ষম হ’ব বুলি মন্তব্য কৰে অপৰাধ শাখাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

উল্লেখ্য যে, বৃক্ক ৰোগত আক্ৰান্ত শিশুটিক যোৱা ২৪মাৰ্চত ভৰ্তি কৰোৱা হৈছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । চিকিৎসালয়খনৰ শিশু ৱাৰ্ডত চিকিৎসাধীন হৈ আছিল কামৰূপ গ্ৰাম্য জিলাৰ হাজো কলিতাকুছিৰ নৱ কলিতা আৰু বিজুমণি দাসৰ ৭ মহীয়া সন্তান প্ৰিয়ম কলিতা । পিতৃৰ কোলাৰ পৰা শিশুটিক নিচুকোৱাৰ চলেৰে লৈ গৈ এতিয়া অন্তৰ্ধান হৈ আছে মহিলাগৰাকী ।

লগতে পঢ়ক : হনি ট্ৰেপিঙত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ অসম জাতীয় পৰিষদৰ নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.